গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে প্ৰথমবাৰৰ বাবে মগজু মৃত বা ব্ৰেইন ডেথ ব্যক্তিৰ পৰা গ্ৰহণ কৰা বৃক্ক সংৰোপণ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰিছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২২ জুনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে মহাবিদ্যালয়খনিৰ চিকিৎসকৰ এটা দলে এগৰাকী ব্ৰেইন ডেথ ব্যক্তিৰ দেহৰ পৰা আন দুজন ৰোগীলৈ বৃক্ক সংৰোপণ সফলতাৰে সম্পন্ন কৰিছে৷
ব্ৰেইন ডেথ ব্যক্তিজনৰ পৰিয়ালৰ সদস্যই তেওঁৰ দুটা বৃক্ক দান কৰিছিল৷ চিকিৎসা বিজ্ঞানত ব্ৰেইন ডেথ ব্যক্তিৰ পৰা আন এজন ৰোগীলৈ বৃক্ক সংৰোপণ কৰা কাৰ্যক কাডেভাৰ বৃক্ক সংৰোপণ (cadaver kidney transplant) বুলি কোৱা হয়৷
“ব্ৰেইন ডেথ ব্যক্তিজনৰ পৰিয়ালৰ সদস্যসকলক আমি কৃতজ্ঞতা প্ৰদান কৰিছোঁ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলে সফলতাৰে কৰা এই বৃক্ক সংৰোপণ গুৱাহাটীৰ লগতে উত্তৰ-পূব ভাৰতৰ বাবে প্ৰথম৷ ব্যক্তিজনৰ বৃক্ক দুটা আন দুজন ৰোগীৰ শৰীৰত সংৰোপণ কৰা হৈছিল৷ যদি আমি ব্ৰেইন ডেথ ব্যক্তিৰ বৃক্ক বা অংগদান কৰাৰ সংস্কৃতি আৰম্ভ কৰোঁ তেন্তে ই বহু ব্যক্তিৰ জীৱন ৰক্ষা কৰিব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সফল অস্ত্ৰোপচাৰটো সম্পন্ন কৰে ডাঃ শশাংক বৰুৱা, ডাঃ পুষ্কৰ বাগচী আৰু ড॰ মাঞ্জুৰী শৰ্মাই৷