গুৱাহাটী মহানগৰৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত এক নতুন গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডাউন টাউন অংশত ‘ভগদত্ত উৰণ সেতু-২’ উদ্বোধন কৰে। ৬৬০ মিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত এই উৰণ সেতুখন নিৰ্ধাৰিত সময় ১৮ মাহৰ পৰিৱৰ্তে মাত্ৰ ৯ মাহত সম্পূৰ্ণ হৈ উঠিছে।
১১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখনত আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াত বহল ছাৰ্ভিছ ৰোড, আধুনিক এল ই ডি পোহৰ, পথচাৰীৰ বাবে নিৰ্দিষ্ট পথ, পাৰ্কিং আদিৰ সুবিধা উপলভ্য। এই উৰণ সেতুখন প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ নামেৰে নামকৰণ কৰা হৈছে। তদুপৰি দিছপুৰৰ ছুপাৰ মাৰ্কেটৰ সমীপৰ উৰণ সেতুৰ নাম ‘ভগদত্ত উৰণ সেতু-১’ হিচাপে পুনৰ নামাকৰণ কৰা হৈছে।
উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্প হৈছে গুৱাহাটীত যান-জঁট হ্ৰাসকৰণ আৰু নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ পৰিকল্পনাৰ এটা অংশ।
গণেশগুৰি, আৰ্য নগৰ, মালিগাঁও আৰু ৰাধা গোবিন্দ বৰুৱা পথত উৰণ সেতু আৰু ৰেম্পৰ লগতে ভৰলুমুখত এটি এলিভেটেড কৰিড’ৰকে ধৰি মহানগৰখনত আগন্তুক কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, “গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন ২০২৬ চনৰ জানুৱাৰী মাহত জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব।”
তেখেতে লগতে কয় যে চাইকেল ফেক্টৰি আৰু ভৰলুমুখ উৰণ সেতু ২০২৬ চনৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে আৰু চানমাৰী উৰণ সেতুখন ২০২৬ চনৰ এপ্ৰিলত সাজু হোৱাৰ সম্ভাৱনা আছে বুলিও তেখেতে জানিবলৈ দিয়ে।
অনুষ্ঠানৰ অন্তত ভগদত্ত উৰণ সেতু-২ সফলভাৱে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্মাণকাৰ্যৰ সৈতে জড়িত অভিযন্তা আৰু বিষয়াসকলক সম্বৰ্ধনা জনোৱা হয়।










