কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এদিনীয়া অসম ভ্ৰমণৰ অংশ হিচাপে গুৱাহাটীত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ লগতে আৰক্ষী সেৱাৰ সুবিধাসমূহ সহজতে লাভ কৰিবলৈ গৃহমন্ত্ৰীগৰাকীয়ে ‘অসম আৰক্ষী সেৱা সেতু’ নামেৰে এটি এপ মুকলি কৰে৷ অনলাইন মাধ্যমেৰে এজাহাৰ দাখিল আৰু অন্যান্য দিশ সামৰি প্ৰস্তুত কৰা এই এপৰ জৰিয়তে সৰ্বসাধাৰণ যথেষ্ট উপকৃত হ’ব৷
অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অপৰাধী ন্যায় ব্যৱস্থাটোৰ বাবে এই বিশেষ দিনটোক অমিত শ্বাহে এক সোণালী দিন হিচাপে অভিহিত কৰি কয় যে গুৱাহাটীয়েই হ’ব ফৰেনচিক বিশ্ববিদ্যালয় স্থাপন কৰা দেশৰ দশমটো চৌহদ৷ বিশ্ববিদ্যালয়খনৰ বাবে ৫০ একৰ ভূমি আৱণ্টন দিয়াৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰক প্ৰশংসা কৰে আৰু কয় যে ৩,৫০০গৰাকী শিক্ষাৰ্থীৰ সৈতে স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধাযুক্ত এই বিশ্ববিদ্যালয়খনে ৰাজ্যখনৰ শিক্ষাক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিব৷
ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়খন ফৰেনচিক বিজ্ঞানৰ ক্ষেত্ৰত বিশ্বৰ একমাত্ৰ বিশেষ বিশ্ববিদ্যালয় বুলি ব্যক্ত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰেপৰা ফৰেনচিক বিজ্ঞানত শিক্ষাগ্ৰহণ কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে দেশৰ আন প্ৰান্তলৈ যোৱাৰ আৰু প্ৰয়োজন নাই৷
অনুষ্ঠানত সমবেত ৰাইজৰ উদ্দেশ্যে তেখেতে কয় যে সংবিধানৰ উদ্দেশ্য আৰু লক্ষ্যক উজ্জীৱিত কৰি দোষী সাব্যস্তকৰণৰ অনুপাত বৃদ্ধি কৰিবলৈ ভাৰত চৰকাৰে ভাৰতীয় দণ্ড বিধি (আইপিচি), ফৌজদাৰী প্ৰক্ৰিয়া বিধি (চিআৰপিচি) আৰু সাক্ষ্য অধিনিয়মৰ বিশেষ পৰিৱৰ্তন আনিব৷ “৬ বছৰতকৈ অধিক সময়ৰ বাবে শাস্তিৰ যোগ্য যিকোনো অপৰাধজনিত ঘটনাস্থলীত চৰকাৰে ফৰেনচিক বিশেষজ্ঞৰ উপস্থিতি বাধ্যতামূলক কৰিব৷ ইয়াৰ ফলত ফৰেনচিক বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ বাবে নিয়োগ সৃষ্টিৰ বাট মুকলি হ’ব,” অমিত শ্বাহে কয়৷
সমগ্ৰ বিশ্বতে ফৰেনচিক বিজ্ঞানৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰখনত ফৰেনচিক বিশেষজ্ঞসকলৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ কথাও অমিত শ্বাহে উল্লেখ কৰি কয় যে এই ক্ষেত্ৰখনত ১০০%ই নিয়োগ লাভৰ সুযোগ সুনিশ্চিত হৈছে৷
তদুপৰি ম্যানমাৰ, বাংলাদেশ, ভূটান, নেপাল, ইণ্ডোনেছিয়া আদি চুবুৰীয়া দেশসমূহৰ ছাত্ৰ-ছাত্ৰীসকলেও এই বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰিবলৈ আহিব বুলি তেখেতে আশা প্ৰকাশ কৰে৷ গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন দেশৰ চৰকাৰৰ সৈতে হোৱা বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ মাধ্যমেৰে আৰক্ষী আৰু ন্যায়িক প্ৰক্ৰিয়াত নিযুক্ত বিষয়াসকলক ফৰেনচিকৰ ব্যৱহাৰৰ বাবে অনলাইন আৰু অফলাইন প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰি ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহৰ সৈতে জড়িত বিষয়াসকলকো প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ বিশ্বৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে ১৭০ৰো অধিক চুক্তি স্বাক্ষৰ কৰি বৰ্তমানলৈকে ৭০খনতকৈও অধিক ৰাষ্ট্ৰৰ আৰক্ষী বিষয়া আৰু ফৰেনচিক বিজ্ঞানীক এই দিশত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি অমিত শ্বাহে ব্যক্ত কৰে৷
তেখেতে লগতে উল্লেখ কৰে যে গুৱাহাটীৰ ফৰেনচিক বিশ্ববিদ্যালয়খনে চাইবাৰ সুৰক্ষা, ডিজিটেল ফৰেনচিক, কৃত্ৰিম বুদ্ধিমত্তা, ডিএনএ ফৰেনচিক, খাদ্য ফৰেনচিক, পাৰিপাশ্বিৰ্ক ফৰেনচিক, কৃষি ফৰেনচিক আদি পাঠ্যক্ৰমৰ সৈতে দ্বৈত স্নাতক ডিগ্ৰী প্ৰদান কৰাৰো ব্যৱস্থা কৰিব৷ চলিত বৰ্ষৰ শিক্ষাবৰ্ষৰপৰা পাঁচগৰাকী ফেকাল্টী/অধ্যাপক-অধ্যাপিকাই পাঁচটা শৈক্ষিক পাঠ্যক্ৰম আৰম্ভ কৰিব আৰু পৰৱৰ্তী সময়ত ইয়াক ৪০টা ভিন্ন পাঠ্যক্ৰমলৈ বৃদ্ধি কৰা হ’ব বুলিও গৃহমন্ত্ৰীগৰাকীয়ে কয়৷
অসমত দোষী সাব্যস্তকৰণৰ হাৰ ৫%ৰপৰা ১৪%লৈ বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি এয়া এক আশাৰ বতৰা বুলি কয়৷ কিন্তু দোষী সাব্যস্তকৰণৰ হাৰৰ লক্ষ্য ৮৫% নিৰ্ধাৰণ কৰিলেহে অসমে প্ৰগতিৰ বাটত আৰু এখোজ আগুৱাই যাব আৰু এয়া ফৰেনচিক বিজ্ঞানৰ ব্যৱহাৰ, প্ৰচাৰ আৰু প্ৰসাৰৰদ্বাৰাহে সম্ভৱ হৈ উঠিব বুলি অমিত শ্বাহে কয়৷
অসমত দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধিৰ বাবে অমিত শ্বাহে কেইটামান বিষয়ত গুৰুত্ব প্ৰদান কৰে৷ সেইকেইটা হ’ল- ফৰেনচিকৰ আন্তঃগাঁথনিৰ ভেটি সুদৃঢ় কৰা, ৰাজ্যিক পৰ্যায়ৰ ফৰেনচিক পৰীক্ষাগাৰসমূহৰ উন্নীতকৰণ আৰু আধুনিকীকৰণ, আঞ্চলিক ফৰেনচিক পৰীক্ষাগাৰ নিৰ্মাণ, জিলা পৰ্যায়ত ভ্ৰাম্যমাণ (ম’বাইল) ফৰেনচিক পৰীক্ষাগাৰৰ কাৰ্যকৰী সুনিশ্চিত কৰা তথা ফৰেনচিক বিশেষজ্ঞৰ সংখ্যা বৃদ্ধি কৰা৷
অসম আৰক্ষী বাহিনীক প্ৰেৰণা যোগাই এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অমিত শ্বাহে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰাৰ লগতে অভিনন্দন জনায়৷
বিশ্ববিদ্যালয়খনৰ স্থাপনক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে এক গৌৰৱ আৰু সাফল্যৰ বতৰা বুলি অভিহিত কৰি কয় যে এই কেন্দ্ৰটোক বিশ্বমানসম্পন্ন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব৷
ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়খনৰ সফল ৰূপায়ণে ফৰেনচিক বিজ্ঞানৰ ক্ষেত্ৰখনৰ লগতে ৰাজ্যখনৰ উত্তৰণৰ যাত্ৰাত সহায় কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷
“বিশ্ববিদ্যালয়খনৰ কাৰ্যকৰীকৰণে অপৰাধজনিত ন্যায় প্ৰদান ব্যৱস্থাক এক নতুন ৰূপ দিব৷ যোৱা দুটা বছৰত ৰাজ্যৰ আৰক্ষী থানাসমূহত পঞ্জীয়ন কৰা গোচৰৰ সংখ্যা হ্ৰাস পাইছে আৰু ক্ৰমান্বয়ে সুৰক্ষা তথা নিৰাপত্তাৰ দিশটো উন্নত হৈছে৷ অনুসন্ধান আৰু চাৰ্জ শ্বীট দাখিল প্ৰক্ৰিয়াৰ উন্নীতকৰণেৰে এক সুৰক্ষিত ভৱিষ্যৎ গঢ় দিয়া হ’ব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০২১ চনত ৰাজ্যখনত অপৰাধৰ হাৰ আছিল প্ৰতি লাখ নাগৰিকৰ বিপৰীতে ৩৮৪টা৷ কিন্তু ২০২৩ চনত ইয়াৰ হাৰ প্ৰতি লাখ নাগৰিকৰ বিপৰীতে ২১৫টালৈ হ্ৰাস পাইছে বুলি তেখেতে কয়৷ “ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ স্থাপনে ৰাজ্যত শান্তি-শৃংখলাৰ পৰিৱেশ উন্নত কৰাৰ লগতে দোষী সাব্যস্তকৰণৰ হাৰো বৃদ্ধি কৰিব,” ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়৷
এই উপলক্ষে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ চুক্তি স্বাক্ষৰ কৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা আৰু ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জে এম ব্যাসে৷
কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰীৰ মলঙত এই ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়খন স্থাপন কৰা হ’ব৷
অনুষ্ঠানত অমিত শ্বাহে ড॰ জে এম ব্যাসৰ ‘এনালাইছিছ অন জুডিচিয়েল এপ্ৰ’ছ্ অন ফৰেনচিক এভিডেন্স’ শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰে৷