কেৱল অসমতে নহয়, ভাৰতৰ বেডমিণ্টন প্ৰশিক্ষণৰ ক্ষেত্ৰখন এতিয়া আৰু পূৰ্বৰ দৰে নাথাকিব৷ শেহতীয়াকৈ গুৱাহাটীৰ আমিনগাঁৱত ভাৰতীয় বেডমিণ্টন সংস্থাৰ (বিএআই) সভাপতি ড॰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ, এক অত্যাধুনিক বেডমিণ্টন একাডেমী৷ ৬০ গৰাকী খেলুৱৈৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নিৰ্মাণ কৰা বিশ্বমানৰ সা-সুবিধাযুক্ত এই একাডেমীত ১৬খন বেডমিণ্টন ক’ৰ্ট আছে৷ ইয়াৰ উপৰি, কেন্দ্ৰটোত আধুনিক ফিটনেছ সঁজুলিৰ সৈতে ৪,০০০ বৰ্গ ফুটৰ ব্যায়ামাগাৰ, খেলুৱৈসকলৰ বাবে ৬০খন বিচনাযুক্ত হোষ্টেল, খেলুৱৈসকলৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে প্ৰয়োজনীয় যত্ন আৰু সহযোগ নিশ্চিত কৰিবলৈ ২,০০০ বৰ্গ ফুটৰ এক সমৰ্পিত ফিজিঅ’থেৰাপী কেন্দ্ৰ আছে৷
উদ্বোধনী অনুষ্ঠানৰ মাজতে ক্ৰীড়াক্ষেত্ৰৰ বাবে এক নতুন ইতিহাসৰ সূচনা কৰি ভাৰতীয় বেডমিণ্টন সংস্থা আৰু অসম চৰকাৰৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷
প্ৰাক্তন আৰু বৰ্তমানৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈসকলৰ লগতে উদীয়মান খেলুৱৈসকলেও এই একাডেমীখনক লৈ আশা ব্যক্ত কৰিছে৷ বেডমিণ্টনৰ এগৰাকী মহান খেলুৱৈ হিচাপে সমাদৃত ইণ্ডোনেছিয়াৰ তৌফিক হিদায়তে কয়, “যথেষ্ট বৃহৎ এই ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰটোত উৎকৃষ্ট সুবিধা সন্নিৱিষ্ট কৰা হৈছে৷ মই আশা কৰোঁ ভাৰতৰ কনিষ্ঠ খেলুৱৈসকলেও এতিয়া গোপীচান্দ, সিন্ধু, ছাইনাৰ দৰে সফল খেলুৱৈ হ’ব পাৰিব৷ আশা কৰিছোঁ মই ভৱিষ্যতে পুনৰ ইয়ালৈ অহাৰ সুযোগ পাম৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ খেলুৱৈসকলক মোৰ শুভকামনা যাচিলোঁ৷”
অলিম্পিকত দুবাৰকৈ পদক জয় কৰা পি ভি সিন্ধুৱে এটা ভিডিঅ’ বাৰ্তাত কয়, “ভাৰতীয় বেডমিণ্টন ক্ষেত্ৰখন এই পদক্ষেপৰদ্বাৰা যথেষ্ট লাভান্বিত হ’ব৷” আনহাতে ইয়াক ভাৰতীয় বেডমিণ্টনৰ বাবে এক মহান পদক্ষেপ বুলিও তেওঁ অভিহিত কৰে৷
অসমৰ অস্মিতা চলিহাই এই পদক্ষেপক দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে অভিহিত কৰে৷ “মোৰ আপোন চহৰখনত এনে এটা কেন্দ্ৰ থকাটোৱে মোক গৌৰৱান্বিত কৰিছে৷ ই এক যুগান্তকাৰী পৰিৱৰ্তন হিচাপে পৰিগণিত হ’বলৈ গৈ আছে আৰু অঞ্চলটোৰ ক্ৰীড়া ইতিহাসত এক বিপ্লৱৰ সূচনা কৰিব পাৰে৷ ই আমাক বিশ্বস্তৰত প্ৰতিযোগিতা কৰাৰ সুবিধা প্ৰদান কৰিব,”এছিয়ান গেমছৰ বাবে বাংগালোৰত এক কঠোৰ প্ৰশিক্ষণ কাৰ্যসূচীত ব্যস্ত থকাৰ মাজতে পিতৃলৈ প্ৰেৰণ কৰা হোৱাটছএপ বাৰ্তাৰ জৰিয়তে তেওঁ অসম বাৰ্তাক কয়৷
চলিহাই আৰু কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ উপস্থিতিয়ে দেশৰ উৎকৃষ্ট প্ৰতিভাসমূহক অসমৰ প্ৰতি আকৰ্ষিত কৰিব৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই উৎকৰ্ষ কেন্দ্ৰটোৱে বেডমিণ্টনৰ প্ৰশিক্ষণ আৰু খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব৷ তেওঁ লগতে কয় যে এই প্ৰতিষ্ঠানটোৱে বেডমিণ্টনৰ ক্ষেত্ৰখনক উন্নীত কৰাৰ বাবে থকা অসমৰ প্ৰতিশ্ৰুতিবদ্ধতাকে সূচাইছে৷
“এই ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ নিৰ্মাণ কৰাটো আমাৰ এটা সপোন আছিল৷ সাত বছৰীয়া যাত্ৰাৰ অন্তত আজি মই আনন্দিত যে এতিয়া আমাৰ ওচৰত কেৱল ভাৰতৰে নহয়, বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ উৎকৰ্ষ কেন্দ্ৰ এটা আছে৷ তাতোকৈ আনন্দৰ কথাটো হ’ল যে ই অসমৰ বাবে ভৱিষ্যতৰ এটা সম্পদ হ’ব আৰু অঞ্চলটোৰ ক্ৰীড়াক্ষেত্ৰলৈ বিপ্লৱ কঢ়িয়াই আনিব,” ড॰ শৰ্মাই কয়৷
উদ্বোধনী অনুষ্ঠানত বিশ্বৰ বিখ্যাত বেডমিণ্টন খেলুৱৈ হিদায়ত, ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক পুল্লেলা গোপীচান্দ, যশস্বী শ্বাটলাৰ কিদাম্বি শ্ৰীকান্ত, এইচ এছ প্ৰণয় আৰু ঐতিহাসিক থমাছ কাপ বিজয়ী ভাৰতীয় দলৰ আন সদস্যসকলৰ লগতে ভাৰতীয় বেডমিণ্টন সংস্থাৰ মুখ্য বিষয়াসকল উপস্থিত আছিল৷
ইণ্ডোনেছিয়াৰ মুলিঅ’ হাণ্ডোয়োৱে ছিংগলছ্ খেলুৱৈসকলৰ বিকাশত দৃষ্টি ৰাখিব আনহাতে অল ইংলেণ্ডৰ প্ৰাক্তন চেম্পিয়ন ৰাছিয়াৰ ইভান চোজোনভ আৰু কোৰিয়াৰ পাৰ্ক টাই-ছাঙে ভাৰতীয় প্ৰশিক্ষকসকলৰ সৈতে এক শক্তিশালী প্ৰশিক্ষকৰ দলক নেতৃত্ব প্ৰদান কৰিব৷ উল্লেখ্য যে বিশ্বমানৰ প্ৰশিক্ষণ প্ৰদানৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰশিক্ষকসকলৰো প্ৰশিক্ষণ আৰু কৌশল বিকাশ কৰা হ’ব৷
বিএআইৰ সাধাৰণ সম্পাদক সঞ্জয় মিশ্ৰাই কয়, “এই কেন্দ্ৰটোত উপলভ্য সা-সুবিধাসমূহে এক সুচল পৰিৱেশ প্ৰদান কৰিব যি খেলুৱৈ, প্ৰশিক্ষক আৰু পেছাদাৰী ক্ৰীড়াবিদসকলক তেওঁলোকৰ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ সুযোগ দিব৷ ই উৎকৃষ্টতা আৰু উদ্ভাৱনশীলতাক উদগনি দিয়াৰ পৰিৱেশ সৃষ্টি কৰি ক্ৰীড়াৰ বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব৷ ভৱিষ্যতে আৰু অধিক খেলুৱৈক প্ৰশিক্ষণ প্ৰদানত সহায় কৰিবলৈ আমি এই কেন্দ্ৰটো সম্প্ৰসাৰিত কৰাৰ বিষয়ে পৰিকল্পনা কৰিছোঁ৷”
“এই কেন্দ্ৰটোৱে ভাৰতীয় বেডমিণ্টনক পৰৱৰ্তী বৃহৎ পৰ্যায়লৈ নিয়াৰ দিশত বিএআই.-ৰ দূৰদৰ্শী দৃষ্টিভংগীক প্ৰতীয়মান কৰিছে,” শ্ৰীকান্তে মন্তব্য কৰে৷
কেন্দ্ৰটো সমগ্ৰ ভাৰতৰ উৎকৃষ্ট বেডমিণ্টন প্ৰতিভাসমূহৰ কেন্দ্ৰবিন্দুস্বৰূপ হৈ পৰিব বুলি বিএআইৰ যুটীয়া সম্পাদক আৰু অসম বেডমিণ্টন সন্থাৰ সাধাৰণ সম্পাদক ওমৰ ৰছিদে মত প্ৰকাশ কৰে৷ “বেডমিণ্টনত অসমৰ বাবে এক উজ্জ্বল ভৱিষ্যৎ মই দেখিবলৈ পাইছোঁ,” ৰছিদে কয়৷
১৩, ১৬ আৰু ১৯ বছৰ অনূৰ্ধ্ব – এই তিনিওটা শাখাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন বহ্নিমান বৰাই অনাগত বছৰসমূহত কেন্দ্ৰটোৰ সক্ৰিয়তা বজাই ৰখাৰ বিষয়ে উল্লেখ কৰে৷ “আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল কেন্দ্ৰটোৰ ব্যৱস্থাপনা৷ কেৱল সু-ব্যৱস্থাপনাইহে ক্ৰীড়াৰ ভৱিষ্যৎ বিকাশৰ গতিপথ নিৰ্ণয় কৰে,” প্ৰাক্তন ভাৰতীয় শ্বাটলাৰগৰাকীয়ে এই প্ৰতিৱেদকক কয়৷