ৰাজধানী চহৰ গুৱাহাটীৰ ৰাজহুৱা আন্তঃগাঁথনি উন্নীতকৰণৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১ অক্টোবৰত ফাঁচী বজাৰত এখন উদ্ভিদ উদ্যানৰ উদ্বোধন কৰে৷ এই উদ্ভিদ উদ্যানখন পূৰ্বৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰখন থকা স্থানত নিৰ্মাণ কৰা হৈছে৷
২.৫৮ একৰ জলাশয়কে ধৰি মুঠ ৩৬ বিঘা ভূমিত এই উদ্ভিদ উদ্যানখন ৫৯ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হৈছে৷ এই উদ্যানখনত ২৩০তকৈও অধিক থলুৱা প্ৰজাতিৰ ৮৫,০০০ জোপা উদ্ভিদ ৰোপণ কৰা হৈছে৷ উদ্ভিদ উদ্যানখনত প্ৰায় ২.০৮ একৰৰ এক সমৰ্পিত স্থান উৎসৰ্গিত কৰা হৈছে ঔষধি উদ্ভিদৰ বিকাশৰ বাবে৷
ৰাইজক সম্বোধন কৰি ড॰ শৰ্মাই কয় যে উদ্ভিদ উদ্যানখনে গুৱাহাটীৰ সেউজ আৱৰণ যথেষ্ট বৃদ্ধি কৰাৰ লগতে চহৰখনৰ মনোমোহা সৌন্দৰ্যও বৃদ্ধি কৰিব৷
গুৱাহাটীৰ ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা এই শেহতীয়া সংযোজনৰ বাবে আনন্দ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহানগৰবাসীৰ বাবে এই উদ্যানখনে যথেষ্ট মুকলি ঠাই প্ৰদান কৰিব৷
ড॰ শৰ্মাই উল্লেখ কৰে যে ইয়াক কেৱল ‘উদ্যান’ বুলি উল্লেখ কৰাৰ সলনি ‘উদ্ভিদ উদ্যান’ বুলি নামকৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ আঁৰৰ উদ্দেশ্য হৈছে যাতে অঞ্চলটোৰ থলুৱা আৰু বিৰল প্ৰজাতিৰ উদ্ভিদৰ সংৰক্ষণ ইয়াত উপলভ্য হয়৷ তেওঁ কয়, “ইয়াৰ মুখ্য উদ্দেশ্য হ’ব এখন উদ্ভিদ উদ্যান৷ অৱশ্যে, ইয়াত খোজ কঢ়াৰ স্থান, শিশুৰ খেলাৰ ব্যৱস্থা আদিও থাকিব৷” তেওঁ লগতে কয় যে, “ৰোপণ কৰা উদ্ভিদসমূহৰ পৰ্যাপ্ত যতন লোৱাটো আমাৰ সকলোৰে দায়িত্ব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উদ্ভিদ উদ্যানলৈ অহা যুৱপ্ৰজন্মক অঞ্চলটোৰ সমৃদ্ধ উদ্ভিদ ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে উদ্যানখনত গাইড মোতায়েন কৰা হ’ব৷