দুৰ্যোগ প্ৰশমিত অসম গঢ়াৰ লক্ষ্যৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীত এখন কণ্ট্ৰেক্টৰছ্ কনক্লেভ অনুষ্ঠিত কৰে। কনক্লেভখনত মুখ্য ভাষণ আগবঢ়াই এ এছ ডি এম এ-ৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া মিনাক্ষী দাস নাথে বৰ্তমানৰ সাহায্য সেৱাৰ অধিক গুৰুত্বৰ কথা উল্লেখ কৰি সংগঠিত দুৰ্যোগ সাহায্য শিবিৰৰ আৱশ্যকতাৰ বিষয়ে ব্যক্ত কৰে। তেখেতে অসমত দুৰ্যোগ প্ৰশমিত আন্তঃগাঁথনি গঢ়ি তোলাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
তেখেতে এইক্ষেত্ৰত আছাম ইণ্টিগ্ৰেটেড ৰিভাৰ বেচিন মেনেজমেণ্ট প্ৰজেক্টৰ অধীনত চৰকাৰৰ সক্ৰিয় পদক্ষেপৰ কথা উল্লেখ কৰি জলবায়ু স্থিতিস্থাপক আন্তঃগাঁথনি আৰু ব্যৱস্থাৰ ক্ষেত্ৰত সকলো অংশীদাৰৰ সক্ৰিয় অংশগ্ৰহণৰ আহ্বান জনায়।
আছাম ইণ্টিগ্ৰেটেড ৰিভাৰ বেচিন মেনেজমেণ্ট প্ৰজেক্টৰ প্ৰযুক্তিগত সহায়ত ৰাজ্য চৰকাৰে প্ৰাতিষ্ঠানিক সংস্কাৰ আৰু আন্তঃগাঁথনিত বিনিয়োগৰ জৰিয়তে বানৰ প্ৰভাৱ হ্ৰাস আৰু দুৰ্যোগ প্ৰস্তুতি উন্নীত কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
বানপ্ৰবণ ১১খন জিলাত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত বান আৰু জৰুৰীকালীন অৱস্থাত ৫০০গৰাকীকৈ লোক থাকিব পাৰে। বৰ্তমান অস্থায়ী বান আশ্ৰয় হিচাপে ব্যৱহৃত নিৰ্বাচিত বৰ্তমানৰ বিদ্যালয় ভৱনসমূহৰ উন্নীতকৰণৰ পদক্ষেপ লোৱা হৈছে, যাতে আন্তঃগাঁথনি শক্তিশালী কৰিব পাৰি।
অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ সঞ্চালক প্ৰধান আই পি এছ অৰবিন্দ কলিতাই এছ ডি আৰ এফৰ কৰ্মী আৰু স্থানীয় স্বেচ্ছাসেৱকসকলৰ বান আৰু দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষেত্ৰত সামৰ্থ্য আৰু প্ৰশিক্ষণ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত আলোকপাত কৰে।
এই পদক্ষেপৰ অংশ হিচাপে এ এছ ডি এম এ-য়ে পানীখাইটিৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠান (চি টি আই)-ৰ সৈতে অংশীদাৰিত্ব কৰি ৰাজ্যজুৰি দ্ৰুত সঁহাৰি দল (কিউ আৰ টি)ক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিছে, যাৰ ফলত অসমৰ সামগ্ৰিক জৰুৰীকালীন সঁহাৰিৰ ক্ষমতা শক্তিশালী হৈছে।
তদুপৰি, সাতখন জিলাত জৰুৰীকালীন সামগ্ৰী বেংক আৰু জিলা পৰ্যায়ৰ জৰুৰীকালীন অভিযান কেন্দ্ৰ (ডি ই অ’ চি) স্থাপন কৰা হৈছে আৰু ৰাজ্যখনৰ সকলো জিলাকে সামৰি ল’ব পৰাকৈ ইয়াৰ ক্ষমতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।
অংশীদাৰসকলৰ সৈতে এক অধিৱেশনত এ এছ ডি এম এৰ বিষয়াসকলে পুনৰাবৃত্তিমূলক প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি ৰাজ্যখনৰ স্থিতিস্থাপকতা উন্নত কৰাৰ লক্ষ্যৰে কাৰ্য্যকৰী কৌশল, সমন্বয় ব্যৱস্থা, পুঁজি আদিৰ বিষয়ে আলোচনা কৰে।









