অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা মাহত সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে যে কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ সমীপত নতুন ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম) স্থাপনৰ বাবে অনুমোদন জনাইছে৷ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ জনসাধাৰণলৈ আগবঢ়োৱা বিশেষ উপহাৰ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কামৰূপ জিলাৰ মাৰাভিঠাত স্থাপন হ’বলগীয়া গুৱাহাটীৰ আই আই এমক ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদে (আই আই এম আহমেদাবাদ) পৰামৰ্শ আগবঢ়াব৷
নতুন প্ৰতিষ্ঠানটোৰ বাবে অসম চৰকাৰৰ সৈতে এক বিশেষ আলোচনাত মিলিত হৈ বিস্তাৰিত প্ৰকল্প প্ৰতিৱেদন (ডি পি আৰ) প্ৰস্তুত কৰাৰ বাবে আই আই এম আহমেদাবাদে আগভাগ ল’ব বুলি শিক্ষা মন্ত্ৰ্যালয়ৰ এক বিশেষ পত্ৰত উল্লেখ কৰা হৈছে৷
এই প্ৰচেষ্টাৰ বাবে অসমে ভূমি আবণ্টন আৰু লজিষ্টিকৰ সহায় আগবঢ়াইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যোৱা ১৮ মাহত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শিক্ষা মন্ত্ৰ্যালয়ৰ ওচৰত আমি এক শক্তিশালী প্ৰতিৱেদন দাখিল কৰিছিলোঁ৷”
তেখেতে লগতে কয়, “এই পদক্ষেপে ৰাজ্যখনক পূব ভাৰতৰ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে আমাৰ অৰ্থনৈতিক চাহিদা পূৰণতো সহায় কৰিব৷”
ৰাজ্য চৰকাৰে নিৰ্বাচন কৰা চাৰিটা স্থানৰ ভিতৰত স্থান বাছনি সমিতিয়ে মাৰাভিঠাত এই প্ৰতিস্থানৰ স্থান চূড়ান্ত কৰিছে৷
“সমিতিৰ প্ৰতিৱেদনৰ ভিত্তিত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে জনোৱা অনুমোদনৰ বিষয়সমূহ তলত উল্লেখ কৰা হ’ল :
(i) অসমৰ কামৰূপ জিলাৰ (গুৱাহাটীৰ সমীপৱৰ্তী) মাৰাভিঠাত নতুন আই আই এম স্থাপনৰ প্ৰস্তাৱত নীতিগত অনুমোদন
(ii) প্ৰস্তাৱিত কামৰূপৰ নতুন আই আই এম স্থাপনৰ বাবে মেণ্টৰ ইনষ্টিটিউট হ’ব আই আই এম আহমেদাবাদ
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১১ জুনত কামৰূপ জিলাৰ মাৰাভিঠা আৰু দীঘলকুছি অঞ্চলত আই আই এমৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰি ইয়াৰ কাৰ্যপন্থাৰ বুজ লয়৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা শেহতীয়াকৈ অনুমোদন লাভ কৰা আই আই এমৰ বাবে প্ৰায় ৫৭৪ বিঘা চৰকাৰী ভূমি আবণ্টন দিয়া হৈছে৷ মেঘালয়ৰ আই আই এম, শ্বিলঙৰ পাছতেই এইখন হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন আই আই এম৷
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আই আই এমৰ বাবে কেন্দ্ৰৰ পৰা ১,০০০ কোটি টকা অনুমোদন জনোৱাৰ সম্ভাৱনা আছে৷ আই আই এমৰ সমীপত এখন স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰ নিৰ্মাণৰ সম্ভাৱনা আছে বুলিও তেখেতে সদৰী কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আই আই এমক ঘাইপথৰ সৈতে সংযোগ কৰা বিকল্প পথৰ বাবে স্থানীয় লোকৰ দাবীও চৰকাৰে আন্তৰিকতাৰে বিবেচনা কৰি পদক্ষেপ গ্ৰহণ কৰিব৷