অসমত উদ্যোগকেন্দ্ৰিক দক্ষতা বিকাশ কৰিবলৈ ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগে গুৱাহাটীত “উদ্যোগ সন্মিলন ২০২৪” অনুষ্ঠিত কৰে। উদ্যোগ-চৰকাৰ-শিক্ষানুষ্ঠানৰ মাজত সম্পৰ্ক সুদৃঢ় কৰি দক্ষতা শিক্ষা ক্ষেত্ৰক শক্তিশালী কৰাটোৱেই হৈছে এই সন্মিলনৰ প্ৰধান উদ্দেশ্য।
এই সন্মিলন উদ্বোধন কৰি বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়,”অসমৰ দক্ষতা শিক্ষা ক্ষেত্ৰৰ নতুন পৰিৱৰ্তনৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ লক্ষ্য হৈছে প্ৰতিটো বিধান সভা সমষ্টিত আইটিআই স্থাপন কৰি পৰৱৰ্তী পৰ্যায়ত ইয়াক ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডলৈ সম্প্ৰসাৰিত কৰা।”
১৫০তকৈও অধিক আগশাৰীৰ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা এই সন্মিলনত চাইণ্টেক, ফেষ্টো, হোণ্ডা চিএছআৰ, এবিবি আৰু জেনেটিক্সৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় বুলি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে। তেখেতে ব্যক্ত কৰে,“এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে কাৰিকৰী প্ৰশিক্ষণ বৃদ্ধিৰ জৰিয়তে নিযুক্তিৰ সুযোগ বৃদ্ধি কৰা আৰু অসমৰ দক্ষতা বিকাশৰ পৰিৱেশ তন্ত্র শক্তিশালী কৰা।”