অসমৰ নদী পৰ্যটনক নতুন গতি প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক সা-সুবিধাৰে সজ্জিত দুখনকৈ কেটামাৰান জাহাজৰ শুভাৰম্ভ কৰে৷ ১০০গৰাকী যাত্ৰী আৰু ৫০খন মটৰচাইকেল কঢ়িয়াব পৰা জাহাজ দুখনত দিব্যাংগজন, জ্যেষ্ঠ নাগৰিক, মহিলা আৰু শিশুসকলৰ বাবে বিশেষ সুবিধা থাকিব৷
লগতে মুখ্যমন্ত্ৰীয়ে ২৮৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া গুৱাহাটী গে’টৱে ফেৰী টাৰ্মিনেল প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পত শ্বপিং কমপ্লেক্স, ৰেস্তোৰাঁ আদিৰ লগতে বাহন ৰখাৰ সুবিধাও উপলব্ধ হ’ব৷
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ড॰ শৰ্মাই এই উদ্যোগক ‘ভাৰতৰ নদী পৰ্যটনৰ ক্ষেত্ৰত একপ্ৰকাৰৰ প্ৰথম’ পদক্ষেপ হিচাপে অভিহিত কৰে৷ ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাও উক্ত অনুষ্ঠানত উপস্থিত আছিল৷