• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Monday, January 30, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

গুণোৎসৱ : শৈক্ষিক সংস্কাৰৰ এক আশাশুধীয়া প্ৰয়াস

AB Bureau by AB Bureau
June 2, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
8
0
বহিৰ্মূল্যায়ক চাৰুপ্ৰভা চলিহাৰ পৰা গুণোৎসৱৰ প্ৰশ্নপত্ৰ স‍‌ংগ্ৰহ কৰিছে হাতীভাঙ্গী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী সুপৰ্ণা বিশ্বাসে

বহিৰ্মূল্যায়ক চাৰুপ্ৰভা চলিহাৰ পৰা গুণোৎসৱৰ প্ৰশ্নপত্ৰ স‍‌ংগ্ৰহ কৰিছে হাতীভাঙ্গী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী সুপৰ্ণা বিশ্বাসে

২৪ মে’, ২০২২, পুৱা ৬ বাজিছে৷ মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক চাৰুপ্ৰভা চলিহা হাতীভাঙ্গী মধ্য ইংৰাজী বিদ্যালয়লৈ যাবলৈ সাজু৷ ভাতৃৰ সৈতে মটৰচাইকেলেৰে প্ৰায় ৪ কিল’মিটাৰ যোৱাৰ পাছত পকৰীয়া নৈৰ তেতেলীয়া ঘাট৷ দলংখনৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে নাৱেৰে নৈখন পাৰ কৰি আৰু তিনি কিল’মিটাৰ বাট মথাউৰিৰ ওপৰৰে গৈ এখন সাঁকো পাৰ হৈ হাতীভাঙ্গী মধ্য ইংৰাজী বিদ্যালয়ত তেওঁ উপস্থিত হয় ঠিক ৮ বাজি ১৫ মিনিটত৷

বান আশ্ৰয় শিবিৰত থকা বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী সুপৰ্ণা বিশ্বাসে আকৌ পুৱা ৩ বাজি ৪৫ মিনিটতে শোৱাপাটী এৰি, গা-পা ধুই ধূপ-ধূনা জ্বলাই সাজু৷ এইকেইদিন তাই সোনকালেই সাৰ পাইছে, কাৰণ পঢ়া-শুনা অলপ বেছিকৈ কৰিবলগীয়া হৈছে৷ সুপৰ্ণা সেইদিনা পুৱা ৭ বজাতে বিদ্যালয়ত গৈ উপস্থিত হয়৷ এক বিশেষ উদ্দেশ্যত তেওঁলোক দুয়ো একেলগে কিছু সময় অতিবাহিত কৰিব৷ কাৰণ, চাৰুপ্ৰভা চলিহা হৈছে বিদ্যালয়খনৰ বহিৰ্মূল্যায়ক৷ আনহাতে সুপৰ্ণাই শিক্ষা বিভাগে আয়োজন কৰা গুণোৎসৱৰ অনুশীলনৰ ভিত্তিত বিদ্যালয়খনক প্ৰতিনিধিত্ব কৰি তেঁওৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব৷

অসমৰ প্ৰায় ৪৬,০০০খন চৰকাৰী/প্ৰাদেশিকীকৃত/চাহ বাগিচাৰ অধীনস্থ বিদ্যালয়ৰ নৱম শ্ৰেণীলৈকে অধ্যয়নৰত ৪২ লাখতকৈও অধিক শিক্ষাৰ্থীৰ শিক্ষাৰ মান মূল্যাংকন কৰিবলৈ ৩টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে৷ ইয়াৰে প্ৰথম দুটা পৰ্যায় ইতিমধ্যে সম্পূৰ্ণ হৈছে আনহাতে, তৃতীয়টো পৰ্যায় পৰৱৰ্তী মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব৷

অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত চাৰুপ্ৰভা চলিহাই কয়, “শিক্ষাৰ্থী, অভিভাৱক আৰু পৰিচালনা সমিতিৰ উৎসাহ দেখি মই অভিভূত হৈ পৰিছোঁ৷ প্ৰতিকূল বতৰকো নেওচি বিদ্যালয়খনত ১০০% ছাত্ৰ-ছাত্ৰী উপস্থিত হৈছে৷ বিদ্যালয়সমূহৰ শিক্ষাৰ সামগ্ৰিক প্ৰতিচ্ছবিখনক লৈ মই সুখী৷”

“কেৱল এইখন বিদ্যালয়েই নহয়, অঞ্চলটোত বান পৰিস্থিতিৰ মাজতো মোৰ সমল কেন্দ্ৰৰ প্ৰায়কেইখন বিদ্যালয়তে গুণোৎসৱৰ সফল ৰূপাযণৰ বাবে কৰ্তৃপক্ষই সকলো ব্যৱস্থা কৰিছে৷ মূল্যায়নৰ জৰিয়তে বিদ্যালয়সমূহৰ শিক্ষাৰ দিশ উন্নত কৰাৰ ক্ষেত্ৰত গুণোৎসৱ সফল হৈছে”, হাতীভাঙ্গীৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক তথা গুণোৎসৱৰ লায়েচন (LIAISON) বিষয়া গম্ভীৰ ডেকাই অসম বাৰ্তাক কয়৷

হাতীভাঙ্গী মণ্ডল সমল কেন্দ্ৰৰ ১নং মূৰকটা প্ৰাথমিক বিদ্যালয়ৰ বহিৰ্মূল্যায়ক তথা নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক মৃণাল শৰ্মাই গুণোৎসৱে ৰাজ্যখনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষাৰ মান উন্নত কৰাৰ প্ৰতি এক দায়িত্ববোধ গঢ়ি তোলাৰ বাবে সুখ অনুভৱ কৰে৷

মৰিগাঁৱৰ পৰা বহু নিলগত কৰিমগঞ্জ জিলাৰ এখন বিদ্যালয় হৈছে বিৰজা সুন্দৰী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়৷ নেৰানেপেৰা বৰষুণৰ পাছতো ৭৬ বছৰ পুৰণি এই বিদ্যালয়খনৰ ৩৫০গৰাকী ছাত্ৰ-ছাত্ৰীৰ এশ শতাংশই মূল্যায়নৰ সময়ত উপস্থিত আছিল৷ বিদ্যালয়খনৰ বহিৰ্মূল্যায়ক তথা অসম চৰকাৰৰ অতিৰিক্ত পিচিচিএফ, আই এফ এছ বিষয়া কে এছ পি ভি পৱন কুমাৰে বিদ্যালয়খনৰ আৰু পৰিচালনা সমিতিৰ প্ৰশংসা কৰি কয় যে, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত থকা উৎসাহ শলাগিবলগীয়া৷

কৰিমগঞ্জৰ ২৭১নং লংগাই ৰোড নিম্ন বুনিয়াদী বালিকা বিদ্যালয়ৰ গুণোৎসৱৰ কেইটিমান মুহূৰ্ত

তেখেতে লগতে কয়, “গুণোৎসৱে ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহত শৈক্ষিক পৰিৱেশৰ প্ৰকৃত ছবিখন তুলি ধৰাত সহায় কৰে৷ তদুপৰি, ই বিষয়াসকলক তেওঁলোকৰ স্কুলীয়া দিনৰ স্মৃতি ৰোমন্থন কৰাত আৰু ইতিবাচক বাৰ্তালাপৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰে৷ এনে এক আশাশুধীয়া প্ৰয়াসৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ৷”

শিৱসাগৰৰ খেলুৱা শিক্ষাখণ্ডৰ আলিমূৰ জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাণিক চেতিয়াই জনায়, “গুণোৎসৱৰ কাৰণে বিদ্যালয়খনে নতুন ৰূপ পাইছে৷ এই বছৰ আমি বিদ্যালয়খনত বহু নতুন ব্যৱস্থা হাতত লৈছোঁ৷ আমি ছাত্ৰীৰ ঋতুস্ৰাৱ ব্যৱস্থাপনা কক্ষটো অত্যাধুনিক কৰি তুলিছোঁ, জীৱন কৌশল শিক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনা শিক্ষা আদি অন্তৰ্ভুক্ত কৰিছোঁ৷”

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১১ মে’ত দৰং জিলাৰ ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ-২০২২ৰ শুভাৰম্ভণি কৰে, য’ত তেখেতক এগৰাকী শিক্ষকৰ ৰূপত দেখা পোৱা গ’ল৷

প্ৰথম পৰ্যায়ত ১০খন জিলাত মুঠ ১৫,৩১৩খন বিদ্যালয়ত গুণোৎসৱৰ দুই তৰপীয়া মুল্যাংকন ব্যৱস্থা ৰূপায়ণ কৰা হয়, প্ৰতিকূল বতৰকো নেওচি দ্বিতীয় পৰ্যায়ত ৯খন জিলাৰ ১৩,৭৯৯খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত কৰা হয়৷

Tags: গুণোৎসৱশিক্ষাশৈক্ষিক সংস্কাৰহিমন্ত বিশ্ব শৰ্মা
ShareTweetShare

Related Posts

অৰুণোদয় ২.০ৰ শুভাৰম্ভণি
বিশেষ বাৰ্তা

অৰুণোদয় ২.০ৰ শুভাৰম্ভণি

January 1, 2023
2.5k
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মহাসংগ্ৰাম
দৃষ্টিভংগী

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মহাসংগ্ৰাম

January 1, 2023
2.4k
Fresh Take-off
সম্পাদকীয়

উন্নয়ন অবিৰত

January 1, 2023
3.2k
It takes two to tango
উদ্যমিতা

আত্মবিশ্বাসেৰে আত্মনিৰ্ভৰশীল যাত্ৰা

January 1, 2023
3.2k
বিধায়কৰ সপোনৰ দাপোণত উন্নয়নৰ প্ৰতিবিম্ব
বিধায়কৰ বাৰ্তা

বিধায়কৰ সপোনৰ দাপোণত উন্নয়নৰ প্ৰতিবিম্ব

January 1, 2023
2.5k
প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 
অনিৰুদ্ধ অসম

প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 

January 1, 2023
2.1k
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In