শেহতীয়াকৈ বিদ্যালয় শিক্ষা বিভাগে ঘোষণা কৰা গুণোৎসৱৰ ফলাফলত যোৱা কেইবছৰমানৰ তুলনাত সমগ্ৰ অসমৰ চৰকাৰী বিদ্যালয়সমূহে শিক্ষাৰ গুণগত মান বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট উন্নত প্ৰদৰ্শন আগবঢ়াইছে৷
উল্লেখ্য যে এই ফলাফলত ‘এ+’ আৰু ‘এ’ মূল্যাঙ্কন লাভ কৰা বিদ্যালয়ৰ পৰিসংখ্যা যোৱা বছৰৰ তুলনাত ক্ৰমে ১১.৫২%ৰপৰা ২৮.৬৪%লৈ আৰু ২৩.৭৯%ৰপৰা ৩৮.১৬%লৈ বৃদ্ধি পাইছে৷ একেদৰে ‘এ’ মূল্যাঙ্কন লাভ কৰা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে ‘চি’ মূল্যাঙ্কন লাভ কৰা বিদ্যালয়ৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে৷ (বক্সত চাওক)

৮০০খন এ+ মূল্যাঙ্কন লাভ কৰা বিদ্যালয়ৰ সৈতে শিৱসাগৰ জিলা শীৰ্ষস্থানত থাকিল৷ দ্বিতীয় আৰু তৃতীয় স্থানত থাকিল ক্ৰমে চৰাইদেউ আৰু গোলাঘাট জিলা৷
এই ফলাফল প্ৰকাশ হোৱাৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে এই ফলাফলে ৰাজ্যখনত বৰ্তমানৰ শান্তিপূৰ্ণ আৰু আন্দোলনমুক্ত পৰিৱেশক প্ৰতিফলিত কৰিছে৷
চাৰিটা মূল ক্ষেত্ৰ ক্ৰমে বিদ্যায়তনিক, সহ-বিদ্যায়তনিক, আন্তঃগাঁথনি আৰু জনসাধাৰণৰ অংশগ্ৰহণক মাপকাঠী হিচাপে লৈ ৰাজ্যখনৰ বিদ্যালয় শিক্ষাৰ মূল্যাঙ্কন কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে ১৮ জানুৱাৰীৰপৰা ১৮ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত ৰাজ্যজুৰি গুণোৎসৱ, ২০২৩ উদ্যাপন কৰে৷
এইবাৰৰ গুণোৎসৱ মন্ত্ৰী, বিধায়ক, জ্যেষ্ঠ বিষয়াসহ মুঠ ১৮,০৯৭গৰাকী বহিঃমূল্যায়কে ৪৪,৫৩১খন বিদ্যালয়ৰ ৪১.৩৫লাখ গৰাকী শিক্ষাৰ্থীৰ মূল্যাঙ্কন কৰে৷
শিৱসাগৰ আৰু চৰাইদেউৰ তদনান্তীন বিদ্যালয় পৰিদৰ্শক কমলজ্যোতি গগৈয়ে কয়, “পঠন, লিখন আৰু সাংখ্যিক দক্ষতা বিকাশৰ বাবে বিদ্যায়তনিক দিশসমূহৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে আমি সহ-বিদ্যায়তনিক দিশসমূহৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিলোঁ৷” শিৱসাগৰ জিলাই শীৰ্ষস্থান আৰু যোৱাবাৰ নৱম স্থানত থকা চৰাইদেউ জিলাই দ্বিতীয় স্থান লাভ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি তেওঁ কয়, “গতানুগতিক ধাৰাটোৰ বিপৰীতে আমি জিলা দুখনৰ বিদ্যালয়সমূহক সুকীয়াকৈ গুণোৎসৱৰ বাবে প্ৰস্তুত কৰি তোলোঁ৷ ইয়াৰ ফলাফল আমি আজি লাভ কৰিছোঁ৷”
