অসমৰ পৰা অন্ততঃ এজন খেলুৱৈক ভাৰতীয় জাতীয় ভলীবল দললৈ প্ৰেৰণ কৰাটোৱেই ড° দিব্যজ্যোতি ভাগৱতীৰ লক্ষ্য আছিল৷ ৰাজ্য চৰকাৰে তেওঁক ভলীবলৰ প্ৰশিক্ষক হিচাপে শোণিতপুৰ জিলাৰ তেজপুৰত নিযুক্তি প্ৰদান কৰিছিল৷ যুৱপ্ৰজন্মৰ মাজত সুপ্ত প্ৰতিভাৰ অন্বেষণ কৰিবলৈ ড° ভাগৱতীয়ে এক অভিনৱ কৌশল অৱলম্বন কৰিছিল৷ তেওঁ স্থানীয় জোতাৰ দোকানসমূহলৈ গৈ ডাঙৰ আকাৰৰ (১০ নম্বৰ বা ততোধিক) জোতা ক্ৰয় কৰাসকলৰ বিষয়ে সোধা-পোছা কৰিছিল৷ এনেকৈয়ে তেওঁ অভিজিৎ ভট্টাচাৰ্য নামৰ এজন যুৱকৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হয়৷ অভিজিতে ১৯৯৬-ৰ পৰা ২০০৬ চনলৈ ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁৰ সপোন পূৰণ কৰাৰ লগতে ২০০৩-ৰ পৰা ২০০৫ চনলৈকে ভাৰতীয় ভলীবল দলৰ অধিনায়কৰ দায়িত্বও লাভ কৰিছিল৷
পূৰ্বতে অভিজিৎ এগৰাকী বেডমিণ্টন খেলুৱৈহে আছিল৷ সেয়েহে তেওঁক বেডমিণ্টন বাদ দি ভলীবলৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ ভাগৱতীয়ে অভিজিতৰ পৰিয়ালক সৈমান কৰোৱাবলগীয়া হৈছিল৷ অৱশেষত ভাগৱতীৰ এই প্ৰচেষ্টা সফল হ’ল আৰু অসমৰ পৰা ভাৰতীয় জাতীয় দলৰ হৈ খেলা একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হৈ অভিজিতে ইতিহাস ৰচনা কৰিলে৷ অভিজিতে মনে-প্ৰাণে বিচাৰে যাতে ৰাজ্যখনৰ অন্য খেলুৱৈয়ে তেওঁৰ এই অভিলেখ ভংগ কৰিব পাৰে৷
অৱসৰৰ পাছত ভট্টাচাৰ্যই তেওঁৰ এই সপোনক বাস্তৱায়িত কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে৷ ভলীবলে তেওঁক যি পৰিচয় প্ৰদান কৰিলে, তাৰবাবে খেলবিধৰ প্ৰতিও তেওঁ কিবা এটা অৰিহণা আগবঢ়াবলৈ বিচাৰে৷ তেখেতে অসমৰ শিশুসকলক এই খেলবিধৰ মাজত থকা আনন্দ আৰু ৰোমাঞ্চ অনুভৱ কৰোৱাবলৈ বিচাৰিছিল৷
“অতি কম বিনিয়োগেৰে এই খেলবিধ খেলিব পৰা যায়, শিকিবলৈ আৰু খেলিবলৈ সহজ হোৱাৰ লগতে খেলবিধ দৰ্শকৰ বাবেও অতি মনোৰঞ্জনদায়ক৷ গতিকে, ই আমাৰ গ্ৰাম্য পৰিৱেশৰ বাবেও এবিধ আদৰ্শ খেল”, তেওঁ কয়৷
অসমৰ ১০০খন গাঁৱৰ পৰা ভলীবলৰ সুপ্ত প্ৰতিভাসমূহ বিচাৰি উলিয়াবলৈ “ভলীবল মিছন ১০০” নামেৰে তেওঁ এক কাৰ্যসূচী আৰম্ভ কৰে৷ লকডাউনৰ সময়ছোৱাত তেওঁ ৰাজ্যৰ বহু প্ৰতিভাৱান খেলুৱৈৰ বাবে অনলাইন কোচিং ক্লাছ অনুষ্ঠিত কৰে৷
এদিন তেওঁ ওচৰৰে গাঁও এখন ভ্ৰমণ কৰোঁতে বহুকেইগৰাকী ল’ৰা-ছোৱালীক উপযুক্ত আহিলাৰ অবিহনে ভলীবল খেলি থকা প্ৰত্যক্ষ কৰিলে৷ তেওঁলোকে যাতে খেলবিধৰ চৰ্চা অব্যাহত ৰাখিব পাৰে তাৰবাবে ভট্টাচাৰ্যই তেওঁলোকক টাৱেলেৰে ভলীবল বনাবলৈ শিকাইছিল৷ এই অভিজ্ঞতাই তেওঁৰ মনত গভীৰ ছাপ পেলাইছিল আৰু তেওঁলোকক কেৱল ভলীবল প্ৰদান কৰাই নহয়, খেলুৱৈসকলৰ সঠিক প্ৰশিক্ষণ নিশ্চিত কৰাটোও তেওঁৰ ব্যক্তিগত লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰি লয়৷
যুৱপ্ৰজন্মৰ মাজত খেলবিধৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকৰ এই আগ্ৰহ বৰ্তাই ৰাখিবলৈ তেওঁ এক অনলাইন আণ্ডাৰহেণ্ড ভলীবল লীগৰ আয়োজন কৰে৷ এই পদক্ষেপৰ ফলতে ব্ৰহ্মপুত্ৰ ভলীবল লীগ (বিভিএল)ৰ সৃষ্টি হয়, যি সমগ্ৰ অসমৰ যুৱক-যুৱতীসকলৰ মাজত ভলীবলৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ বিভিএলৰ প্ৰথম সংস্কৰণত ৪৯টা দলৰ (৩৩টা পুৰুষ দল, ১৬টা মহিলা দল) ৪০০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল৷ কিন্তু লীগখন সুচাৰুভাৱে পৰিচালনা কৰিবলৈ তেওঁলোকৰ পুঁজিৰ অভাৱ হয়৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ অভিজিতেও তেওঁৰ প্ৰাক্তন প্ৰশিক্ষক ভাগৱতীৰ দৰেই এক উপায় অৱলম্বন কৰে৷ তেওঁ নিজৰ বন্ধু-বান্ধৱলৈ এটা প্ৰস্তাৱ আগবঢ়ায়৷ প্ৰতিজন ব্যক্তিয়ে কেৱল ১২,০০০ টকা ব্যয় কৰি তেওঁলোকৰ পছন্দৰ দলটোক সমৰ্থন কৰাৰ লগতে সেই বিশেষ দলটোৰ স্বত্বাধিকাৰী হোৱাৰো গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হ’ব৷
বৰ্তমান বিভিএফত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক বৈশালী ফড়তৰে (ডাগীয়াপাৰা), প্ৰাক্তন বেডমিণ্টন খেলুৱৈ তথা অৰ্জুন বঁটাপ্ৰাপক অপৰ্ণা প’পাট (প্ৰথম সংস্কৰণৰ পূব নলবাৰী ভিচিচি, ধেমাজি ধূলিমাৰ মহিলা ভলীবল দল), কেকেআৰ-ৰ প্ৰাক্তন সঞ্চালক জয় ভট্টাচাৰ্য (বাপুজী ক্লাবৰ ভিচিচি), আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত এন জি অ’ ফাছ ইণ্টাৰনেশ্যনেল (হাজৰিকাপাৰা), প্ৰবাসী দেৱজিত বৰাৰ (চতুৰংগ ভিচিচি) অধীনত একোটাকৈ দল আছে৷
লীগৰ দ্বিতীয় সংস্কৰণত খেলুৱৈৰ সংখ্যা বৃদ্ধি হয়৷ মুঠ ২০৯টা দলৰ ২২০০গৰাকী খেলুৱৈয়ে এই সংস্কৰণত অংশগ্ৰহণ কৰে৷ বিভিএফে চলিত বৰ্ষৰ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া তৃতীয় সংস্কৰণটোত পূৰ্বতকৈ অধিক খেলুৱৈৰ অন্তৰ্ভুক্তিৰে আয়োজন কৰাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ বাবে ইতিমধ্যে ১১৬খন গাঁৱক পঞ্জীয়ন কৰা হৈছে৷
এই লীগে কেনেদৰে দৈনন্দিন জীৱনত গ্ৰামাঞ্চলৰ শিশুসকলক খেলবিধৰ প্ৰতি উৎসাহিত কৰিছে সেই বিষয়ে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত অভিজিৎ ভট্টাচাৰ্যই অৱগত কৰে৷
“অসমত বহুতো সুপ্ত ক্ৰীড়া প্ৰতিভা আছে৷ তেওঁলোকক কেৱল এটা উপযুক্ত ক্ৰীড়া পৰিৱেশৰ প্ৰয়োজন৷ গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলৰ সবলীকৰণৰ বাবে অনুঘটক হিচাপে কাম কৰি যোৱাটোৱে হ’ল বিভিএলৰ প্ৰধান লক্ষ্য৷ দ্বিতীয় সংস্কৰণৰ পৰা আমি আমাৰ ফেচবুক পেজৰ জৰিয়তে প্ৰতিখন খেলৰে পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ কৰিছিলোঁ৷ মই বিশ্বাস কৰোঁ যে এই পদক্ষেপে আমাৰ খেলুৱৈসকলক প্ৰতিভা বিকাশৰ বাবে এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব৷”
পোনপ্ৰথমবাৰৰ বাবে শিশুসকলে ভলীবল খেলাৰ বাহিৰেও এক সুসংগঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে৷ তেওঁলোকে গৌৰৱেৰে নিজৰ নাম খোদিত দলীয় জাৰ্ছী পৰিধান কৰি যেতিয়া প্ৰথমবাৰৰ বাবে নিজ গাঁৱৰ পৰা আন ঠাইলৈ যাত্ৰা কৰে তেতিয়া তেওঁলোকে নিজকে নতুন অভিজ্ঞতাৰে জীপাল কৰি তুলিব পাৰে৷ এই সৰু সৰু কথাবোৰে কিদৰে এই খেলুৱৈসকলৰ মাজলৈ আনন্দ আৰু প্ৰেৰণা কঢিয়াই আনে, সেই বিষয়ে অভিজিতে আৱেগিকভাৱে অৱগত কৰে৷
বিভিএল অনুষ্ঠিত হোৱা গাঁওসমূহত শিশু আৰু অন্যান্য লোকসকলক সহৃদয়তাৰে আতিথ্য প্ৰদান কৰা হয়৷ গাঁৱৰ ৰাইজে নিজেই শাক-পাচলিৰ খৰচ বহন কৰাৰ লগতে একেলগে ৰন্ধা-বঢ়া কৰে আৰু খেলুৱৈসকলৰ বাবে খাদ্য প্ৰস্তুত কৰে যাতে এক সু-ব্যৱস্থাপনাৰ মাধ্যমেৰে যুৱকযুৱতীসকলক অধিক উৎসাহিত কৰি তুলিব পাৰে৷
অসমৰ যুৱক-যুৱতীসকলৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ আৰু সংকল্পৰ জৰিয়তে অভিজিতে সহযোগিতাৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ এতিয়া অসমৰ যুৱপ্ৰজন্মই বুকুত হাত থৈ ক’ব পাৰে যে আমাৰো আপোন এখন ভলীবল লীগ আছে৷