৯ ছেপ্টেম্বৰ, তেতিয়া পুৱা ৯ বাজিছে, খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কুণ্ডলি আকৃতিত সজাই থোৱা প্ৰায় ২২ কিল’মিটাৰ দৈৰ্ঘ্যৰ গছপুলিসমূহৰ অন্তিম পৰিক্ষণত ব্যস্ত হৈ আছে বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷
গীনিজ বিশ্ব ৰেকৰ্ডৰ পৰা অহা বিচাৰক প্ৰবীণ পেটেলে এই কুণ্ডলি পৰীক্ষা কৰিয়েই অমৃত বৃক্ষ আন্দোলনৰ প্ৰথমটো ৰেকৰ্ড গীনিজত লিপিবদ্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে৷
অমৃত বৃক্ষ আন্দোলনৰ মূল কাৰ্যসূচীৰ আৰম্ভ হয় এই অনুষ্ঠানতেই৷ এই অনুষ্ঠানত চেষ্টা কৰা অভিলেখটো আছিল ‘গছপুলিৰ দীৰ্ঘতম কুণ্ডলি আকৃতিত একত্ৰীকৰণ’৷ ২২ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই কুণ্ডলিটো সজোৱা হয় প্ৰায় ৩.৫ লাখ গছপুলিৰ সৈতে৷ এই কুণ্ডলিটো জ্যামিতিক ৰূপত আছিল ‘আৰ্কিমিডিয়ান কুণ্ডলি’৷
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “দেশৰ সেউজ আৱৰণৰ পৰিমাণ ২৩ শতাংশ হোৱাৰ বিপৰীতে অসমৰ সেউজ আৱৰণ ৩৬ শতাংশ৷ এই পৰিমাণ ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সেউজ আৱৰণৰ লগতে অৰ্থনৈতিকভাৱে যাতে ৰাজ্যখনক শক্তিশালী কৰি তোলাৰ বাবে আমি বাণিজ্যিক প্ৰজাতিৰ গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছোঁ৷” তেওঁ কয়, “এই বছৰৰ এক কোটি গছপুলি ৰোপণৰ লক্ষ্য কেৱল আৰম্ভণিহে, অহা বছৰ আমি তিনি কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত লৈছোঁ আৰু অহাবাৰ গছপুলিসমূহ বন বিভাগৰ নিজা নাৰ্ছাৰীত সাজু কৰা হ’ব৷ এই পদক্ষেপৰ বাবে আমাক কাম্পাই সহযোগ আগবঢ়াব৷”
অনুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰী অজন্তা নেওগে কয়, “এই পদক্ষেপে আমাক গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে যুঁজাত সহায় কৰাৰ লগতে আমাৰ সমূহীয়া দায়িত্ববোধ বৃদ্ধি কৰিব৷”
১০ ছেপ্টেম্বৰত একে স্থানতেই সৰ্বাধিকসংখ্যক গছপুলি বিতৰণৰ অভিলেখ সৃষ্টি কৰা হয়৷ এই অনুষ্ঠানৰ আৰম্ভ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ পূৰ্বৰ ৭৮ হাজাৰ গছপুলিৰ বিতৰণৰ অভিলেখ ভংগ কৰি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিতৰণ কৰা হয় ৩,২০,৪৩২ জোপা গছপুলি৷
গছপুলি সংগ্ৰহ কৰিবলৈ খানাপাৰাত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহু লোকৰ সমাগম হয়৷ গছপুলি সংগ্ৰহ কৰিবলৈ অহা শিশিৰ কলিতাই কয়, “এয়া চৰকাৰৰ এক সুন্দৰ পদক্ষেপ৷ এতিয়া দায়িত্ব আমাৰ, এই গছপুলিসমূহক পৈণত বৃক্ষত ৰূপ দিব পাৰিলেহে ইয়াৰ প্ৰকৃত উদ্দেশ্যত আমি সফল হ’ব পাৰিম৷
১১ ছেপ্টেম্বৰত অমৃত বৃক্ষ আন্দোলনৰ ইউ টিউব চেনেলৰ জৰিয়তে ‘অসমৰ সেউজ ভৱিষ্যৎ: পাৰিপাৰ্শ্বিক বহন ক্ষমতা আৰু অমৃত বৃক্ষ আন্দোলন’ শীৰ্ষক এক অনলাইন শ্ৰেণী অনুষ্ঠিত কৰা হয়৷ এই পদক্ষেপত এনে লাইভ শ্ৰেণীত সৰ্বাধিকসংখ্যক দৰ্শকৰ অংশগ্ৰহণৰ এক অভিলেখ গঢ়াৰো চেষ্টা কৰা হয়৷ একেলগে ৭০,০০০ লোকে লগ-ইন কৰা এই ভিডিঅ’ত এতিয়ালৈকে দৰ্শকৰ সংখ্যা হ’ল ৮,৫৪,৫২৮গৰাকী (২১ ছেপ্টেম্বৰ, দিনৰ ১২ বজালৈকে)। এই শ্ৰেণীৰ আৰম্ভ কৰে অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মুখ্য সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী এম কে যাদৱে৷
১৪ ছেপ্টেম্বৰ, ভৈৰৱকুণ্ড-চিকাৰীডাংগা, ওদালগুৰি৷ উক্ত দিনা একে স্থানতে ২৪ ঘণ্টাৰ ভিতৰত ৯ হাজাৰ ব্যক্তিয়ে ১০০ হেক্টৰ ভুমিত ৰোপণ কৰে ৮.৮১ লাখ গছপুলি৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে অসমে যাতে গছপুলি ৰোপণৰ ক্ষেত্ৰত অভিলেখ গঢ়ি তুলিব পাৰে তাৰবাবে সকলোৱে পূৰ্ণোদ্যমে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিব লাগিব৷ অনুষ্ঠানত ‘গ্ৰীন বড়োলেণ্ড মিছন’ কাৰ্যসূচীৰ বিষয়েও ঘোষণা কৰা হয়৷
উক্ত দিনা অনুষ্ঠানত অংশগ্ৰহণ কৰা গৱেষক ছাত্ৰ বাবুল বড়োৱে এই প্ৰতিৱেদকৰ সৈতে বাৰ্তালাপত কয়, “এয়া এক সুন্দৰ পদক্ষেপ, ইয়াক লৈ আমি গৌৰৱ কৰোঁ৷ ফেৰেংগা নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে গছপুলিসমূহৰ প্ৰতিপালনৰ দায়িত্ব লৈছে৷” তেওঁ লগতে কয়, “আমি প্ৰায় ১৩৭গৰাকী যুৱক-যুৱতীয়ে স্বেচ্ছামূলকভাৱে এই অভিলেখ গঢ়া প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰে পৰা জড়িত আছিলোঁ৷”
১৫ ছেপ্টেম্বৰত, নামৰূপৰ হাপজান পৰ্বতৰ অভয়পুৰত ৰ ঘণ্টাৰ ভিতৰত এটা দলে ৰোপণ কৰে ৩.৩১ লাখ গছপুলি৷ এয়া আন এক বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টা আছিল৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীৰ লগতে আত্মসহায়ক গোটৰ সদস্যসকলে মেহগনি, অগৰু, তিতাচপা আৰু বগীপমা গছৰ পুলি ৰোপণ কৰে৷
যোৱা ১৬ ছেপ্টেম্বৰত অসমৰ এখন সেউজীয়া মানচিত্ৰ অঁকাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হয়৷ মাৰ্ঘেৰিটাৰ উলুপৰ ঔদ্যোগিক পামত উক্ত দিনা গছপুলিৰে সৰ্ববৃহৎ মজাইক সৃষ্টিৰ অভিলেখ গঢ়াৰ চেষ্টা কৰা হয়৷ ইয়াৰ পূৰ্বে এই অভিলেখ আছিল তুৰস্কৰ নামত৷ এই মজাইকত অসমৰ মানচিত্ৰৰ মাজত এটা খৰ্গৰ গঁড়ৰ আকৃতিত প্ৰায় ০.৮৫ হেক্টৰ ভূমিত ৬.৩২ লাখ গছপুলি ৰোপণ কৰা হয়৷
এই অনুষ্ঠানৰ প্ৰস্তুতিত উলুপ দীপশিখা যুৱ সংঘ ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল৷ দীপশিখা যুৱ সংঘৰ উত্তম মহনে কয়, “আমাৰ অঞ্চলত এনে এটা ব্যৱস্থা লোৱাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ৷” দীপশিখা যুৱ সংঘৰ শুক্ল গগৈয়ে কয়, “আমি অনুষ্ঠানৰ প্ৰস্তুতিৰে পৰা স্বেচ্ছামূলকভাৱে ইয়াত জড়িত হৈ আছোঁ আৰু ভৱিষ্যতলৈও গছপুলিসমূহৰ নিয়মীয়া প্ৰতিপালনত সহায় কৰি যাম৷ ইমান এটা সুন্দৰ পদক্ষেপত জড়িত হ’বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ৷”