দেশৰ জল পৰিবহণ ক্ষেত্ৰত আন এক নতুন সংযোজনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৩ জানুৱাৰীত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ- এম ভি গংগা বিলাসৰ ফ্লেগ অফ কৰে৷ একেটা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ১,০০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও অভিলাষী অভ্যন্তৰীণ জলপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পসমূহৰ ভিতৰত আছে ২০৮ কোটি টকাৰ বিনিয়োগসাপেক্ষে গুৱাহাটীৰ পাণ্ডুত এটা জাহাজ মেৰামতি কেন্দ্ৰৰ লগতে ২৪ ঘণ্টা যাতায়াত সুনিশ্চিত কৰিব পৰাকৈ পাণ্ডু টাৰ্মিনেলক ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা এটি সমৰ্পিত পথ৷ এই নিৰ্মাণকাৰ্যৰ বাবে আনুমানিক ১৮০ কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে৷
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কাশীৰ পৰা ডিব্ৰুগড়পৰ্যন্ত হ’বলগীয়া এই নদী যাত্ৰাই উত্তৰ ভাৰতৰ পৰ্যটন ক্ষেত্ৰসমূহক বিশ্ব পৰ্যটনৰ মানচিত্ৰত নতুন ৰূপত উদ্ভাসিত কৰি তুলিব৷
এম ভি গংগা বিলাসেৰে ভ্ৰমণলৈ যোৱা ছুইজাৰলেণ্ডৰ ৩২গৰাকী পৰ্যটকক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এতিয়া ভাৰতবৰ্ষত সকলো আছে, আনকি আপোনালোকে কল্পনা কৰাতকৈও অধিক আছে৷”
ৰিভাৰ ক্ৰুজ ভ্ৰমণৰ অভিজ্ঞতাৰ দিশত আলোকপাত কৰি তেওঁ পৰ্যটকসকলক অৱগত কৰে যে এই অনন্য যাত্ৰাত প্ৰতিগৰাকী যাত্ৰীৰ বাবেই থাকিব একোটা বিশেষ প্ৰাপ্তি৷ তেওঁ লগতে কয় যে আধ্যাত্মিকতাত আগ্ৰহীসকলে কাশী, বুদ্ধগয়া, বিক্ৰমশিলা, পাটনা চাহিব আৰু মাজুলীৰ দৰে পৰ্যটনস্থলীৰ অভিজ্ঞতা উপভোগ কৰিব পাৰিব৷ আনহাতে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰুজ ভ্ৰমণ অভিজ্ঞতা বিচাৰি অহা পৰ্যটকসকলে বাংলাদেশৰ ৰাজধানী ঢাকাৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব আৰু ভাৰতৰ প্ৰাকৃতিক বৈচিত্ৰ্য উপভোগ কৰিব বিচৰাসকলে সুন্দৰবন আৰু অসমৰ চহকী বনাঞ্চলৰ মাজেৰে যাত্ৰা কৰিব পাৰিব৷
২৫টা বিভিন্ন নদীপথৰ মাজেৰে সম্পন্ন হ’বলগীয়া এই ভ্ৰমণসুচীৰ বিশেষত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলে ভাৰতৰ নদী প্ৰণালী অধ্যয়ন কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে এই ভ্ৰমণ অভিযানৰ বিশেষ গুৰুত্ব আছে৷
দেশৰ যুৱচামৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰা নদী পৰ্যটনৰ নতুন যুগৰ সূচনাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ক্ৰুজ ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ চহকী ঐতিহ্য আৰু ইয়াৰ আধুনিক ৰূপান্তৰৰ অসাধাৰণ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়৷ “প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “কেৱল বিদেশী পৰ্যটকেই নহয়, এনে অতুলনীয় অভিজ্ঞতা বুটলিবলৈ বিভিন্ন দেশ ভ্ৰমণ কৰা ভাৰতীয়সকলেও এতিয়া উত্তৰ ভাৰতৰ পৰা এই যাত্ৰাৰ সোৱাদ ল’ব পাৰিব৷” নিম্ন খৰচৰ লগতে এক বিলাসী অভিজ্ঞতা প্ৰদানৰ দিশটোত মনোনিৱেশ কৰি ক্ৰুজ পৰ্যটনৰ পৰিসৰ বৃদ্ধিৰ বাবে দেশৰ অন্যান্য অভ্যন্তৰীণ জলপথতো একে ধৰণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাই থকা হৈছে৷
এনেধৰণৰ প্ৰচেষ্টাই ভাৰতৰ পূৰ্বাঞ্চলক দেশৰ বিকাশ যাত্ৰাৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নিশ্চয়কৈ সহায় কৰিব৷
সুদক্ষ কৰ্মশক্তি আৰু কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ দিশত গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে এই উদ্দেশ্যে গুৱাহাটীত ইতিমধ্যে এটা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছে৷
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পাণ্ডু ঘাটৰ পৰা এম ভি গংগা বিলাসৰ যাত্ৰাৰ শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বিকাশ আৰু উন্নয়নৰ এক ইঞ্জিনলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেখেতে ৰাজ্যবাসীৰ হৈ প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে৷
তেওঁ কয় যে পূব ভাৰতৰ পৰ্যটন খণ্ডলৈ নতুন সম্ভাৱনা কঢ়িয়াই অনাৰ ক্ষেত্ৰত এই ক্ৰুজখনে নিৰ্ণায়ক ভূমিকা পালন কৰিব আৰু ‘পৰিবহণৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱৰ্তন’ৰ বাবে প্ৰধানমন্ত্ৰীৰ নেৰানেপেৰা প্ৰচেষ্টা বাস্তৱায়িত কৰাত মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব৷
আগন্তুক দিনসমূহত অঞ্চলটোৰ যুৱক-যুৱতীসকলে সামুদ্ৰিক খণ্ডই আগবঢ়োৱা নিযুক্তি আৰু স্ব-নিয়োজনৰ সুযোগ-সুবিধাৰ সদ্ব্যৱহাৰ কৰাটো সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰই সুনিশ্চিত কৰিব বুলি ড° শৰ্মাই আশা ব্যক্ত কৰে৷
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰীৰ ‘এক্ট ইষ্ট নীতি’য়ে দেশলৈ বিকাশ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বহুকাংক্ষিত প্ৰত্যাশাক বাস্তৱত পৰিণত কৰিছে৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে পৰিবহণৰ এক সুলভ, বহনক্ষম আৰু মসৃণ পদ্ধতি মুকলি কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীয়ে অৱশেষত পূৰ্ণতা লাভ কৰিলে৷ ভাৰতৰ অভ্যন্তৰীণ জলপথসমূহক পুনৰুজ্জীৱিত কৰাৰ এই পদক্ষেপে উত্তৰ প্ৰদেশ, বিহাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে স্থলবেষ্টিত অঞ্চলসমূহৰ বাবে আশীৰ্বাদস্বৰূপ বুলিও তেখেতে লগতে উল্লেখ কৰে৷
অভ্যন্তৰীণ জল পৰিবহণ, অসমৰ সঞ্চালক পাৰ্থ পেগুৱে অসম বাৰ্তাক কয় যে ১৮ ফেব্ৰুৱাৰীত এম ভি গংগা অসমত প্ৰৱেশ কৰিব আৰু তাৰ তিনিদিন পাছত অৰ্থাৎ ২১ ফেব্ৰুৱাৰীত, ই পাণ্ডু বন্দৰত আহি উপস্থিত হ’ব৷
ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে অসম বাৰ্তাৰ সাংবাদিকক জনায় যে জাহাজখন ২৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত উপস্থিত হ’ব৷ “ৰাতিটোৰ বাবে জাহাজখনে বগীবিলত লংগৰ পেলাব৷ ১ মাৰ্চত পৰ্যটকসকলে ডিব্ৰুগড়ৰ পৰা আকাশমাৰ্গেৰে প্ৰস্থান কৰিব,” পেগুৱে কয়৷