খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁও আৰু চাহ বাগিচাসমূহত বয়স-লিংগ নিৰ্বিশেষে সকলো ব্যস্ত হৈ পৰিছে স্বচ্ছ অভিযানত৷ স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত গ্ৰহণ কৰা বিশেষ পদক্ষেপ ‘পৰিষ্কাৰ খুমটাই’ৰ অংশ হিচাপে অঞ্চলসমূহত চলিছে এই অভিযানৰ বিশেষ কাৰ্যসূচী৷ বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীৰপৰা উদ্যমী কিশোৰ-কিশোৰী সকলোৱে নিজৰ গাঁওখনক নতুন ৰূপত জিলিকাই তোলাৰ পণ লৈ আগবাঢ়ি আহিছে৷ ৰাস্তা আৰু ৰাজহুৱা স্থানৰ দুয়োকাষে থকা বাঁহেৰে তৈয়াৰী আৱৰ্জনা পেলোৱা বাস্কেটকেইটাই শোভাবৰ্ধন কৰাৰ লগতে চাফ-চিকুণতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে৷ বিধায়কগৰাকীয়ে খুমটাই সমষ্টিৰ অন্তৰ্গত গাঁও আৰু চাহ বাগিচাসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা আয়োজিত কৰাৰ সিদ্ধান্তই সেউজ আৰু স্বচ্ছ পৰিৱেশ গঢ়ি তোলাৰ লগতে সমন্বয়-একতাৰো বাৰ্তা বহন কৰিছে৷ এই পদক্ষেপে আজি জাকত-জিলিকা কৰি তুলিছে খুমটাইৰ গাঁওসমূহ৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো এই কাৰ্যসূচীক নিদৰ্শন হিচাপে লৈ সমগ্ৰ ৰাজ্যতে আন্তঃজিলা স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিতকৰণৰ কথা ব্যক্ত কৰে৷ প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্বচ্ছ জিলাৰ সন্মান লাভ কৰা জিলাখনলৈ উন্নয়নমূলক কামৰ বাবে ১০০ কোটি টকা প্ৰদান কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে খুমটাই অঞ্চল পৰিদৰ্শন কৰি আন্তঃগাঁও আৰু আন্তঃচাহ বাগিচা স্বচ্ছতা প্ৰতিযোগিতাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ এই প্ৰতিযোগিতাখন ব্ৰহ্মপুত্ৰ জিলা পৰিষদ, খুমটাই জিলা পৰিষদ, কঁঠালগুৰি জিলা পৰিষদ আৰু দক্ষিণ হেঙেৰা জিলা পৰিষদীয় এলেকাৰ অন্তৰ্গত গাঁও আৰু চাহ বাগিচাসমূহৰ মাজত অনুষ্ঠিত হৈছিল৷ প্ৰতিযোগিতাৰ অংশ হিচাপে প্ৰতিখন জিলা পৰিষদৰপৰা
পৰিষ্কাৰ-পৰিচ্ছনতাৰ ক্ষেত্ৰত স্বীকৃতিস্বৰূপে শীৰ্ষ পাঁচখন গাঁও আৰু তিনিখন চাহ বাগিচাক বাছনি কৰা হৈছিল৷ শ্ৰেষ্ঠ গাঁও তথা চাহ বাগিচাখনক দুই কিল’মিটাৰ পথ নিৰ্মাণেৰে পুৰস্কৃত কৰাৰ লগতে দ্বিতীয় স্থানপ্ৰাপকক ২০ লাখ টকা প্ৰদান কৰা হয়৷ তদুপৰি তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানপ্ৰাপককো পুৰস্কাৰ প্ৰদানেৰে উদগনি যোগায়৷ পুৰস্কাৰৰ অৰ্ধেক বিধায়কে তেখেতৰ স্থানীয় অঞ্চল উন্নয়ন পুঁজিৰপৰা প্ৰদান কৰিব আৰু বাকীখিনি অসম চৰকাৰে ব্যয় কৰিব৷

ফেব্ৰুৱাৰী মাহত প্ৰতিযোগিতাখন অনুষ্ঠিতকৰণৰ কথা ঘোষণা হোৱাৰ পাছৰেপৰা গাঁও আৰু চাহ বাগিচাসমূহ স্বচ্ছ আৰু আকৰ্ষণীয় ৰূপত দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰি খুমটাইৰ আগশাৰীৰ সমাজকৰ্মী পৰাগ বৰাই কয়, “প্ৰাথমিক পৰ্যায়ত ১১পৰা ৩ মাৰ্চৰ ভিতৰত এক জৰীপ চলোৱা হৈছিল৷ জৰীপৰ ভিত্তিত ৪৮খন গাঁও আৰু তিনিখন চাহ বাগিচা নিৰ্ধাৰিত নিয়মাৱলী অনুসৰি প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অযোগ্য হিচাপে বিবেচিত হৈছিল৷ ইয়াৰ পাছতেই বিচাৰকসকল পাঁচটা গোটত বিভক্ত হৈ ৪ আৰু ৫ মাৰ্চত চাহ বাগিচাকেইখন আৰু চাৰিখন জিলা পৰিষদৰ অধীনস্থ গাঁও পৰিদৰ্শন কৰিছিল৷”
অসম বাৰ্তাৰ প্ৰতিনিধিয়ে তেওঁলোকৰ গাঁওখন পৰিদৰ্শন কৰাৰ সময়ত সত্যেন বৰুৱা (৮০)আৰু দাধৰা গাঁৱৰ আন বয়োজ্যেষ্ঠসকলে চুৰিয়া-চোলা আৰু গামোচা পৰিধান কৰি নামঘৰত একত্ৰিত হৈছিল৷ প্ৰতিযোগিতাত বিজয়ী হিচাপে বিবেচিত হোৱাৰ পাছত গাঁৱৰ উন্নয়নমূলক কাম-কাজৰ বিভিন্ন কাৰ্যপৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁলোক এনেদৰে সন্মিলিত হৈছিল৷
গাঁৱৰ আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তি বৰুৱাই অসম বাৰ্তাক জনায় যে কেৱল প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবেই তেওঁলোকে চৌদিশ চাফ-চিকুণ কৰা নাছিল ৷ বৰঞ্চ তেওঁলোকৰ চৌহদ আৰু গাঁওখন পৰিষ্কাৰ কৰি ৰখাটো দৈনন্দিন কাৰ্যকলাপৰ অংশই আছিল৷
তেখেতে কয় যে ফেব্ৰুৱাৰীত প্ৰতিযোগিতাখনৰ বিষয়ে ঘোষণা হোৱাৰ পাছত দাধৰা আৰু ইয়াৰ চুবুৰীয়া গাঁওসমূহত স্বচ্ছতাৰ কাৰ্যকলাপ বৃদ্ধি পাইছে৷
একেখন গাঁৱৰে মন্দিৰা বৰুৱাই (৫৫) কয়, “গাঁওখনৰ মহিলাসকলে তেওঁলোকৰ সন্তানক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগত জড়িত বিভিন্ন দিশৰ বিষয়ে শিকায়৷ আপোনালোকে আমাৰ গাঁৱৰ কোনো ৰাজহুৱা স্থানতে আৱৰ্জনা দেখা নাপাব৷”
দাধৰা গাঁৱৰ সমীপৱৰ্তী দাধৰা আহোম গাঁৱৰ পুৰুষসকলে প্ৰতি দেওবাৰে গাঁওখন
চাফ-চিকুণ কৰিবলৈ আগভাগ লয়৷ স্বচ্ছতাৰ দিশত উৎকৃষ্ট নিদৰ্শন দেখুৱাৰ বাবে এই গাঁওখনে প্ৰতিযোগিতাখনিত দ্বিতীয় স্থান লাভ কৰিছিল৷
“আমি ৰাজহুৱা স্থানৰপৰা ব্যৱহৃত প্লাষ্টিকৰ মোনা আৰু অন্যান্য আৱৰ্জনা সংগ্ৰহ কৰোঁ৷ জৈৱ পচনক্ষম আৱৰ্জনাসমূহ গাঁৱতে পচন কৰা হয় আৰু প্লাষ্টিক আৱৰ্জনাসমূহ সংগ্ৰহৰ বাবে বাঁহেৰে তৈয়াৰ কৰা মোনা/ডাষ্টবিন পথৰ দুয়োকাষে ৰখা হয়৷ বাঁহৰ বাস্কেট ভৰ্তি হোৱাৰ পাছত বিধায়কে ব্যৱস্থা কৰি দিয়া গাড়ীৰে আৱৰ্জনাসমূহ পচনৰ বাবে লৈ যোৱা হয়,” সোমেশ্বৰ গগৈ (৭৭)য়ে কয়৷
মুদৈ গাঁৱৰ মুহিৰাম হাজৰিকা উচ্ছ বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল খাউণ্ডে কয় যে
ছাত্ৰ-ছাত্ৰীসকলে দৈনিক বিদ্যালয়ৰ চৌহদ চাফ-চিকুণ কৰে৷ উল্লেখযোগ্য যে প্ৰতিযোগিতাখনিত মুদৈ গাঁৱে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ পৰিদৰ্শনকালত এই উচ্চ বিদ্যালয়খনৰ
ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে৷
খুমটাইৰ চাহ বাগিচাৰ আৱাসিক এলেকাতো চাহ বাগিচাৰ শ্ৰমিকসকলে আন্তঃচাহ বাগিচা স্বচ্ছ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পদক্ষেপক আদৰণি জনাইছে৷
স্বচ্ছ প্ৰতিযোগিতাৰ বিজয়ী নতুন মাটি চাহ বাগিচাৰ এগৰাকী চৰ্দাৰ ধীৰেন হায়ামে কয় যে প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পাছত সমষ্টিটোৰ চাহ বাগিচাসমূহত এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে এক অভিযান আৰম্ভ কৰা হয়৷

স্বাগতা গাঁও সংগঠনৰ উপ-সভাপতি লক্ষ্মী তাঁতী ৯৪০)য়ে কয় যে চাহ বাগিচা অঞ্চলৰ মহিলাসকল তেওঁলোকৰ নিজ নিজ চাহ বাগিচা লাইনক চাফ-চিকুণ কৰি ৰাখিবলৈ যথেষ্ট উৎসাহী আছিল৷