অসম কেবিনেটে পাঁচটা অসমীয়া মুছলিম উপগোট- গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দক খিলঞ্জীয়া অসমীয়া মুছলমান হিচাপে চিহ্নিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
কেবিনেটত উল্লেখ কৰা হয় যে এই পদক্ষেপে “স্বাস্থ্য, সাংস্কৃতিক পৰিচয়, শিক্ষা, বিত্তীয় অন্তৰ্ভুক্তিকৰণ, দক্ষতা বিকাশ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ বিকাশ সুনিশ্চিত কৰিব৷”
ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে বিগত বৰ্ষত ৰাজ্যখনৰ অসমীয়া ভাষী মুছলমান সম্প্ৰদায়ৰ আৰ্থ-সামাজিক বিষয়সমূহ আলোচনা কৰিবলৈ গঠন কৰি দিয়া সমিতিখনৰ পৰামৰ্শৰ ভিত্তিতে ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
২০০৬ চনৰ পৰাই অসমীয়া ভাষী মুছলমানসকলক খিলঞ্জীয়া মৰ্যাদা প্ৰদানৰ পোষকতা কৰি অহা গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনায়৷ তেওঁ ৰাজ্যখনত খিলঞ্জীয়া মুছলমানসকলৰ জনসংখ্যাৰ গণনা হোৱাটো বিচাৰিছিল৷ তেওঁ কয়, ‘‘অসমৰ মুঠ ১.২২ কোটি মুছলমান জনসংখ্যাৰ ভিতৰত প্ৰায় ৪২ লাখ খিলঞ্জীয়া মুছলমান আছে৷ বাংলাভাষী মুছলমানসকলে সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাৰ বিপৰীতে অসমীয়া ভাষী মুছলমানসকলক উপেক্ষিত কৰা হৈছিল৷’’
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড॰ মুমতাজা খাতুনে কয়, “এই পদক্ষেপে অতীজৰে পৰা ৰাজ্যখনত বসবাস কৰা অসমীয়া ভাষী মুছলমানসকলৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষা কৰাত নিশ্চয় সহায় কৰিব৷” খিলঞ্জীয়া অসমীয়া হিচাপে স্বীকৃতি লাভ কৰি মানসিক সন্তুষ্টি পোৱা বুলিও তেওঁ লগতে উল্লেখ কৰে৷
২০২১ বৰ্ষৰ জুলাই মাহত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত অসমীয়া মুছলমানসকলৰ সৈতে বৈঠকত অংশ লোৱাৰ পাছত জনগোষ্ঠীটোৱে সন্মুখীন হোৱা আৰ্থ-সামাজিক প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰিবলৈ এই সমিতিখন গঠন কৰা হৈছিল৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে কয়, “খিলঞ্জীয়া অসমীয়া মুছলমানসকলৰ স্বকীয়তা সুৰক্ষিত আৰু সংৰক্ষিত কৰি ৰাখিব লাগিব৷”
এই পেনেলত সাতখন উপ-সমিতি আছিল৷ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগে ২০২১ চনত গঠন কৰা এই উপ-সমিতিসমূহে ৰাজ্যত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা খিলঞ্জীয়া অসমীয়া মুছলমানসকলৰ সাংস্কৃতিক পৰিচয়, শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ, স্বাস্থ্য সেৱা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সবলীকৰণৰ বিষয়ে অধ্যয়ন কৰিছিল৷
অসমৰ খিলঞ্জীয়া মুছলমানসকলে কেইবাবছৰ ধৰি তেতিয়াৰ পূব পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)ৰ পৰা ৰাজ্যখনলৈ প্ৰব্ৰজন কৰা মুছলমানসকলৰ পৰা তেওঁলোকক পৃথক কৰিব পৰা এক সুকীয়া শ্ৰেণী বিভাজন বিচাৰি আহিছে৷
সমিতিখনে লগতে পৰামৰ্শ দিয়ে যে অসমীয়া মুছলমানসকলৰ বাবে এটা সুকীয়া সঞ্চালকালয়/প্ৰাধিকৰণ স্থাপন কৰিব লাগে যাতে এই সঞ্চালকালয়ৰ জৰিয়তে অসমীয়া মুছলমান লোকসকলক পৰিচয় পত্ৰ বা প্ৰমাণপত্ৰৰ দৰে প্ৰয়োজনীয় নথি প্ৰদান কৰি তেওঁলোকৰ সুকীয়া পৰিচয় চিহ্নিত কৰিব পৰা যায়৷