ৰাজ্যখনৰ ভূমি ব্যৱস্থাপনা আৰু ভূমি ৰাজহ ব্যৱস্থাত এক যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিবলৈ লোকসভা নিৰ্বাচনৰ পাছত অসমত মিছন বসুন্ধৰা ৩.০ সম্পূৰ্ণ কাৰ্যকৰীভাৱে আৰম্ভ কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে যে চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ সম্প্ৰদায়ৰ ১০০ শতাংশ বসতি থকা ৰাজহ গাঁওসমূহ সংৰক্ষণ বলয়লৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত মিছন বসুন্ধৰা ২.০ ৰ সামৰণী অনুষ্ঠানত এই বিষয়ে উল্লেখ কৰে । ড০ শৰ্মাই কয় যে ভূমি ব্যৱস্থাপনা আৰু অনুসূচিত জাতি আৰু জনজাতিৰ ১০০ শতাংশ বাসস্থান থকা ৰাজহ গাঁওসমূহৰ সংৰক্ষণ নিশ্চিত কৰাৰ ক্ষেত্ৰত মিছন বসুন্ধৰা ৩.০ ব্যাপক পদক্ষেপ।
২০২২ চনৰ ৮ মে’ত আৰম্ভ কৰা মিছন বসুন্ধৰা ১.০-য়ে জনসাধাৰণৰ বাবে ১০টা ভূমি সম্পৰ্কীয় সেৱা উপলভ্য কৰি তুলিছিল আৰু ইয়াৰ অধীনত আঠ লাখ ভূমি সম্পৰ্কীয় গোচৰ নিষ্পত্তি কৰা হৈছে। ১৪ নৱেম্বৰ, ২০২২ত আৰম্ভ কৰা মিছন বসুন্ধৰা ২.০-য়ে ৰাজ্যখনৰ জনসাধাৰণৰ ভূমি অধিকাৰৰ বিষয়টোক প্ৰতিনিধিত্ব কৰিছিল।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শাসনলৈ অহাৰ পাছৰে পৰা চৰকাৰে ভূমি ৰাজহ আৰু ভূমি অধিকাৰ ব্যৱস্থাৰ পৰিৱৰ্তনৰ দিশত গুৰুত্ব প্ৰদান কৰি আহিছে আৰু ভূমিলেখ সম্পৰ্কীয় ৰাজহ সেৱাসমূহ ডিজিটাইজ কৰাৰ প্ৰচেষ্টা কৰি আহিছে। তেওঁ লগতে কয় যে মিছন বসুন্ধৰা ২.০ৰ আৰম্ভ কৰা হৈছিল খিলঞ্জীয়া লোকসকলৰ বাবে আৰু এই পদক্ষেপে খিলঞ্জীয়া লোকসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিছন বসুন্ধৰা ২.০ৰ অধীনত ১৩ লাখতকৈও অধিক আবেদনকৰ্তাৰ ‘নিষ্পত্তিৰ প্ৰস্তাৱ’ লাভ কৰা ৮৪% লোক অনুসূচিত জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু এমঅ’বিচিৰ অন্তৰ্ভুক্ত। মিছন বসুন্ধৰা ২.০-ৰ অধীনত, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৩ লাখতকৈও অধিক আৰু বৰাক উপত্যকাৰ এক হাজাৰতকৈও অধিক বিঘা মাটি বন্দৱস্তি কৰা হৈছে।
ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে মিছন বসুন্ধৰা ৩.০ৰ অধীনত পৰৱৰ্তী প্ৰজন্মৰ বাবে সংস্কাৰ সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিছন বসুন্ধৰা ২.০ৰ অংশ হিচাপে ‘নিষ্পত্তিৰ প্ৰস্তাৱ’ বা ভূমি অধিকাৰ প্ৰদান কৰাৰ বাবে ৰাজ্যখনত যোৱা তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা লোকসকলকহে বিবেচনা কৰা হৈছিল আৰু ইয়াৰ ফলত চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল ক্ষতিগ্ৰস্ত হৈছিল।
“মিছন বসুন্ধৰা ৩.০ত চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক ‘তিনিটা প্ৰজন্মৰ সংজ্ঞা’ৰপৰা ৰেহাই দিয়া হ’ব। গোৰ্খাসকলৰ বাবেও অনুৰূপ পদ্ধতি প্ৰযোজ্য হ’ব। একেদৰে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলেও তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক নহ’ব,” ড০ শৰ্মাই কয়।
“মিছন বসুন্ধৰা ৩.০-ত চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক ‘তিনিটা প্ৰজন্মৰ সংজ্ঞা’ৰপৰা ৰেহাই দিয়া হ’ব৷ গোৰ্খাসকলৰ বাবেও অনুৰূপ পদ্ধতি প্ৰযোজ্য হ’ব৷
ড॰ হিমন্ত বিশ্ব শৰ্মা
একেদৰে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলেও তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰদাখিল কৰাটো বাধ্যতামূলক নহ’ব”
মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে ৰাজ্যত এনে বহু সংগঠন, প্রতিষ্ঠান, সমবায় সমিতি আছে যি দীর্ঘদিন ধৰি সঠিক অধিকাৰ অবিহনে ভূমি দখল কৰি আছে। মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে নিৰ্দিষ্ট যোগ্যতাৰ ভিত্তিত এনে সংগঠন, প্রতিষ্ঠান আৰু সমিতিসমূহক পট্টা দিয়াৰ পদক্ষেপ গ্রহণ কৰা হব। গুৱাহাটী মহানগৰীৰ চূণচালি আৰু ডিব্রুগডৰ চাহ বাগিচা গ্ৰাণ্ট এলেকাত বসবাস কৰি থকা প্রকৃতার্থত ভূমিহীন লোকসকলক এককালীন সুযোগ হিচাপে পট্টা আৱেদনৰ ব্যৱস্থা মিছন বসুন্ধৰাৰ তৃতীয় পর্যায়ত লোৱা হব। মিছনৰ সমাপ্তিৰ পাছত অনুদানৰ ভূমি অনির্দিষ্ট কামত ব্যৱহাৰ কৰিলে সেয়া জৰিমনাৰ সৈতে শাস্তিমূলক অপৰাধ হিচাপে বিবেচনা কৰিবলৈ প্রয়োজনীয় আইনী ব্যৱস্থা প্ৰৱর্তন কৰা হব।
ভাষণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিছন বসুন্ধৰা ৪.০ৰ অধীনত চৰাঞ্চলৰ ভূমিসমূহৰ জৰীপ কৰা হ’ব। তেওঁ কয় যে চৰাঞ্চলৰ ভূমি জৰীপ এটা বিশেষ প্ৰয়োজনীয়তা আছিল কিয়নো কিছুমান চৰত বসতি স্থাপন হোৱাৰ ফলত চাৰিওফালৰ পৰিৱেশত বিৰূপ প্ৰভাৱ পৰিছে।
“ৰাজ্যখনৰ সকলো ভূমি সম্পৰ্কীয় সমস্যাৰ উদ্ভাৱনী সমাধান প্ৰদান কৰিবলৈ সক্ষম হ’ব পৰাকৈ অহা ৫ বছৰত এক আধুনিক ভূমি ৰাজহ ব্যৱস্থা স্থাপনৰ লক্ষ্য গ্ৰহণ কৰা হৈছে,” তেওঁ কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমাজি জিলাৰপৰা মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমি পট্টা বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ধেমাজিৰ কছাৰী পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ হিতাধিকাৰীসকলক ভূমি পট্টা হস্তান্তৰ কৰে। মিছন বসুন্ধৰা ২.০ৰ অধীনত ধেমাজি জিলাৰ মুঠ ৩৮,০০০ আবেদনকৰ্তাক ভূমি পট্টা প্ৰাপ্ত কৰাৰ বাবে যোগ্য বুলি বিবেচিত কৰা হৈছিল।
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইমান বছৰে ৰাজ্যখনত বাস কৰা থলুৱা সম্প্ৰদায়সমূহৰ ওচৰত থকা ভূমিৰ ক্ষেত্ৰত আইনীভাৱে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিব পৰা ভূমিলেখ নাছিল। তেওঁ কয়, “এই বিসংগতি দূৰ কৰাৰ বাবে ভূমি অধিকাৰ আইনৰ সংশোধনীসমূহ প্ৰযোজ্য কৰা হৈছিল।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই ভূমি পট্টাবোৰে ভূমিধাৰকসকলক তেওঁলোকৰ ভূমিৰ মালিকীস্বত্ব নথিভুক্ত কৰিবলৈ আৰু উক্ত নথিক জামানত হিচাপে ব্যৱহাৰ কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। “পট্টাসমূহ ডিজিটেল হোৱাৰ বাবে হিতাধিকাৰীসকলে ডিজি-লকাৰত তেওঁলোকৰ পট্টাসমূহ বিচাৰি উলিয়াবলৈ সক্ষম কৰিব। এই ভূমি অধিকাৰে হিতাধিকাৰীসকলক অন্যান্য চৰকাৰী আঁচনিৰ লাভালাভ উপভোগ কৰিবলৈও যোগ্য কৰি তুলিব,” তেওঁ কয়।