ৰাজ্য চৰকাৰে ১৬ জানুৱাৰীৰ পৰা ১০ দিনৰ ভিতৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৪২,৮৫,৭৪৫গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰে। এই সময়ছোৱাত ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিত ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হৈছিল।
এই কাৰ্যসূচীৰ আৰম্ভণি হয় গুৱাহাটীৰ বৃহত্তৰ মালিগাঁৱৰ অন্তৰ্গত বৰিপাৰাত আয়োজিত এক অনুষ্ঠানত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত নতুন হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে।
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অতিৰিক্তভাৱে ১০,৭৩,৪৮৯টা পৰিয়াল এই আঁচনিৰ দ্বাৰা লাভান্বিত হ’ব। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৪২ লাখতকৈও অধিক হিতাধিকাৰী সংযুক্ত কৰাটো সকলোকে খাদ্য সুৰক্ষা প্ৰদান কৰা যাত্ৰাৰ এক মাইলৰ খুঁটি। তেওঁ উল্লেখ কৰে যে ৰেচন কাৰ্ড ধাৰক পৰিয়ালৰ প্ৰতিজন সদস্যই প্ৰতি মাহে বিনামূলীয়াকৈ ৫ কিল’গ্ৰাম চাউল লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি মাহে ‘অন্ন সেৱা সপ্তাহ’ৰ সময়ত এই সুবিধা লাভ কৰিব। নৱ অন্তৰ্ভুক্ত হিতাধিকাৰীসকলে যোৱা মাহত আঁচনিখনৰ সুবিধা ৩১ জানুৱাৰীলৈকে ৰাজহুৱা বিতৰণ প্ৰণালীৰ জৰিয়তে উপলব্ধ কৰে।
অন্ত্যোদয়া অন্ন যোজনাৰ দৰে সামাজিক খণ্ডৰ আঁচনিসমূহৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমাজৰ সুবিধাবঞ্চিত শ্ৰেণীৰ লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিশেষ মনোযোগ প্ৰদান কৰিছে।
তেখেতে কয় যে ৰেচন কাৰ্ডৰ বাবে উপাৰ্জনৰ সীমা পূৰ্বৰ ২ লাখ টকাৰপৰা দুগুণ বৃদ্ধি কৰি ৪ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্তৰ্গত নতুন হিতাধিকাৰীসকলে চৰকাৰৰ স্বাস্থ্যসেৱা আঁচনি আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰ অধীনত বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। তেওঁলোকে তালিকাভুক্ত চিকিৎসালয়সমূহত ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ২১ জানুৱাৰীত ওদালগুৰি জিলাৰ মাজবাট সমষ্টিত অনুষ্ঠিত হোৱা ৰেচন কাৰ্ডৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। ২৩ জানুৱাৰীত গোলাঘাট জিলাৰ দেৰগাঁও সমষ্টি আৰু যোৰহাট সমষ্টি, ২৪ জানুৱাৰীত শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে।
নাজিৰাত নতুন হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আকস্মিক মৃত্যু বীমা আৰু জীৱন বীমাৰ অধীনত ৰেচন কাৰ্ড ধাৰীসকলৰ নামভৰ্তি কৰাৰ চিন্তা-চৰ্চা কৰা হৈ আছে। তেখেতে লগতে কয় যে ২০২৬ চনৰ ভিতৰত সকলো ৰেচন কাৰ্ডধাৰীক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰো সম্ভাৱনা আছে।
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ নাজিৰাত নতুন হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড প্ৰদান কৰে
————————
Editorial
দৰিদ্ৰতা নেওচি
নিটি আয়োগৰ শেহতীয়া আলোচনা পত্ৰত অসমে বহুমাত্ৰিক দৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বিষয়ে উল্লেখ হৈছে। ২০১৪-১৫ বৰ্ষৰপৰা ২০২২-২৩ বৰ্ষলৈকে ৮০ লাখ ব্যক্তি বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। দেশত প্ৰায় ২৫ কোটি ব্যক্তি বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। স্বাস্থ্য, শিক্ষা আৰু জীৱন ধাৰণৰ মানত নিৰ্ভৰ কৰি বহুমাত্ৰিক দৰিদ্ৰতা সূচক নিৰ্ধাৰণ কৰা হয়।
দৰিদ্ৰতা দূৰীকৰণৰ দিশত অসম চৰকাৰে নিৰন্তৰ গ্ৰহণ কৰি অহা পদক্ষেপসমূহৰ বিষয়ে আমি স্বীকাৰ কৰিব লাগিব। শিক্ষা, স্বাস্থ্য আদি বিভিন্ন মানৱ সম্পদ বিকাশৰ সূচকসমূহক উন্নীত কৰাৰ দিশত কল্যাণকামী আঁচনিসমূহে অৰিহণা যোগাইছে। বিভিন্ন বহুমাত্ৰিক সূচক বা দৰিদ্ৰতা সূচক আদি অৰ্থনৈতিক সূচকসমূহৰ বাবে দ্বিমত থাকিলেও আমি ইয়াৰ আঁৰৰ উদ্দেশ্যক স্বীকাৰ কৰিবই লাগিব।
মন কৰিবলগীয়া যে ক’ভিড কালৰ পাছত দেশৰ বাকী অংশত মন্থৰ হৈ পৰা বিকাশৰ বিপৰীতে অসমত উন্নয়নৰ ধাৰা দ্ৰুতগামী হৈছে। জিএছটি সংগ্ৰহ বৃদ্ধি, মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বৃদ্ধি, বিনিয়োগ খণ্ডৰ সম্ভাৱনীয়তা বৃদ্ধিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক প্ৰগতিৰ ইংগিত প্ৰদান কৰিছে। ইয়াৰ ফলত চৰকাৰে ৰাজহুৱা ব্যয় বৃদ্ধি কৰিব পাৰিব আৰু নতুন আন্তঃগাঁথনি প্ৰকল্প গ্ৰহণ কৰিব পাৰিব আৰু এয়া হৈছে দৰিদ্ৰতা দূৰীকৰণৰ উত্তম প্ৰতিষেধক। বিগত দু্টা বছৰত ৰাজ্য চৰকাৰে এক লাখতকৈও অধিক যুৱক-যুৱতীক চৰকাৰী নিযুক্তি প্ৰদান কৰাৰ লগতে হাজাৰ হাজাৰ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই দৃষ্টিৰে চাবলৈ গ’লে নিটি আয়োগৰ এই প্ৰতিৱেদন আমাৰ বাবে সাৰ্থক হৈ পৰিছে।