ৰঞ্জিত কুমাৰ বুঢ়াগোহাঁই, ডিব্ৰুগড় জিলাৰ জয়পুৰ উন্নয়ন খণ্ডৰ এগৰাকী খণ্ড উন্নয়ন বিষয়া (বিডিঅ’)৷ তেওঁ ২০২৪ চনৰ জানুৱাৰী মাহৰ সেই বিশেষ দিনটোৰ বাবে অপেক্ষা কৰি আছে যিদিনা ৩০ বছৰতকৈও অধিক সময় ধৰি আন্তৰিকতাৰে ৰাজ্যখনৰ প্ৰতি সেৱা আগবঢ়োৱাৰ অন্তত সন্তুষ্টিৰ অৱসৰ জীৱন আৰম্ভ কৰিব৷ অৱশ্যে অসম চৰকাৰৰ এটা সিদ্ধান্তই নিশ্চিত কৰিছে যে তেওঁ হয়তো ‘এনে কৰিব নোৱাৰে’৷
২০২১ আৰু ২০২২ চনত লেঙেৰিজান আৰু তৰাজান চাহ বাগিচাৰ ভূমিহীন পৰিয়ালৰ বাবে ক্লাষ্টাৰ ৰূপত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত মডেল হাউছিং কলনীত কৰা উৎকৃষ্ট কামৰ বাবে তেওঁক কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে৷ এই বঁটাটোৱে কৰ্মশ্ৰী বঁটাপ্ৰাপকক এক বছৰৰ সেৱা সম্প্ৰসাৰণৰ অনুমতি দিয়ে৷ ইয়াৰ অৰ্থ হৈছে তেওঁ অসমৰ জনসাধাৰণক সেৱা আগবঢ়াবলৈ আৰু এবছৰ সময় লাভ কৰিব৷
“এই বঁটাটোৱে আৰু এবছৰ জনতাৰ প্ৰতি নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ দিশত অণুপ্ৰাণিত কৰিব৷ মোৰ ৩০ বছৰীয়া কৰ্মজীৱনত মই য’তেই নিয়োজিত হৈ আছিলোঁ, তাতেই জ্যেষ্ঠ জনৰপৰা প্ৰসংশা আৰু প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হৈছোঁ”, বুঢ়াগোহাঁয়ে অসম বাৰ্তাক কয়৷
হৰেন কুমাৰ শৰ্মা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ এগৰাকী উচ্চ বৰ্গৰ সহায়ক৷ তেওঁৰ ৩৫ বছৰীয়া সমৰ্পিত সেৱাকো চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে৷ অ-ৰাজপত্ৰিত কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰা ৭৫গৰাকী লোকসেৱা পুৰস্কাৰপ্ৰাপকৰ ভিতৰত তেওঁৰ নামো সন্নিৱিষ্ট কৰা হৈছে৷
নলবাৰী জিলাৰ হেলচা গাঁৱত জন্মগ্ৰহণ কৰা শৰ্মাই ১৯৮৮ চনত নিম্ন বৰ্গৰ সহায়ক হিচাপে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত যোগদান কৰিছিল৷ “মোৰ কাৰ্যালয়ত এটা উল্লেখনীয় মুহূৰ্ত আছিল ১৯৯০ চনত যেতিয়া মই শ্ৰীমন্ত শংকৰদেৱ বঁটা অনুষ্ঠানত সমন্বয়ক হিচাপে কাম কৰাত সাধাৰণ প্ৰশাসনিক বিভাগৰপৰা ‘উৎকৃষ্ট কৰ্মী’ৰ প্ৰমাণপত্ৰ পাইছিলোঁ৷ মই তেতিয়া শীৰ্ষ বিষয়াসকলৰ পৰা বহুতো কথা শিকিবলৈ পাইছিলোঁ,” শৰ্মাই কয়৷
এই স্বীকৃতি প্ৰাপ্তিত আনন্দিত হৈ শৰ্মাই কয়, “ইমান বছৰ ধৰি আগবঢ়াই অহা মোৰ আন্তৰিকতাপূৰ্ণ সেৱাৰ ই এক স্বীকৃতি৷ মই ভাবোঁ যে প্ৰতিগৰাকী বিষয়াই সমৰ্পিতভাৱে নিজ নিজ কৰ্তব্য পালন কৰা উচিত৷ কৰ্মৰ স্বীকৃতি সঠিক সময়ত আহিবই৷”
জ্যেষ্ঠসকলৰ আদেশ বা কাৰ্যালয়ৰ কোনো অতিৰিক্ত কামৰ বাবে কেতিয়াও মুখেৰে “না” কোৱা নাছিল বুলি দাবী কৰি শৰ্মাই কয়, “মই পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ মোৰ ডেস্কত সদায় উপলভ্য আছিলোঁ৷ এনেকুৱা সময় আছে যেতিয়া আমাৰ পৰা কিছু অতিৰিক্ত কামো আশা কৰা হয়৷ আমি মানা কৰিব নোৱাৰোঁ,” তেওঁ এই প্ৰতিৱেদকক কয়৷
লোক কল্যাণ দিৱসৰ সৈতে সংগতি ৰাখি ৫ আগষ্টত আয়োজিত এক কাৰ্যসূচীত নিজ দায়িত্ব পালনত দেখুওৱা দৃষ্টান্তমূলক সমৰ্পণৰ বাবে অসম চৰকাৰে স্বীকৃতি দিয়াসকলৰ ভিতৰত বুঢ়াগোহাঁই আৰু শৰ্মাও আছিল৷ অসম চৰকাৰে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি হিচাপে ‘লোক কল্যাণ দিৱস’ পালন কৰি আহিছে৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ভাষণত চৰকাৰী বিষয়া কৰ্মচাৰীসকলক ৰাজহুৱা সেৱাৰ অন্যতম প্ৰধান স্তম্ভ হিচাপে অভিহিত কৰে৷
তেওঁ কয় যে চৰকাৰৰ জনমুখী নীতিসমূহৰ সফল ৰূপায়ণত বিষয়া আৰু অন্যান্য কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ তেওঁ মন্তব্য কৰে, “তেওঁলোকৰ কৰ্তব্য আৰু প্ৰদত্ত কৰ্মৰ প্ৰতি দায়বদ্ধতা এখন কল্যাণকামী ৰাজ্য গঢ়াৰ বাবে অপৰিহাৰ্য কাৰক৷” তেওঁ কয় যে ৰাজহুৱা সেৱা প্ৰদানৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে লোকসেৱা অধিকাৰ আয়োগ স্থাপন কৰা হ’ব৷
আন এগৰাকী লোকসেৱা পুৰস্কাৰৰ বিজয়ী কাশ্মীৰী চেতিয়া অসম সচিবালয়ৰ প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সহকাৰী ছেক্সন বিষয়া৷ ২০১০ চনৰ ২৫ ছেপ্টেম্বৰত গুৱাহাটী উন্নয়ন বিভাগত কনিষ্ঠ প্ৰশাসনিক সহায়ক হিচাপে তেওঁ সেৱাত যোগদান কৰিছিল৷ ২০২০ চনৰ ১৫ জুলাইত তেওঁক বৰ্তমানৰ বিভাগলৈ বদলি কৰা হৈছিল৷
“এই বঁটাটো লাভ কৰি মই উৎফুল্লিত৷ ইমান বছৰ ধৰি আগবঢ়াই অহা মোৰ আন্তৰিক সেৱাৰ ই এক স্বীকৃতি৷ এই স্বীকৃতিয়ে মোক নতুনকৈ অধিক নিষ্ঠাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিব,” চেতিয়াই এই প্ৰতিৱেদকক কয়৷
সাধাৰণ প্ৰশাসন বিভাগৰ এগৰাকী মাল্টি-টাস্কিং কৰ্মচাৰী (এমটিএছ) মৃণাল পাটোৱাৰীও এইবাৰ লোকসেৱা পুৰষ্কাৰেৰে সন্মানিত হৈছে৷ “যিহেতু মই কাম কৰি থকা বিভাগটো সাধাৰণ প্ৰশাসন, মোৰো কামৰ যথেষ্ট চাপ আছে৷ কেতিয়াবা, মই সন্ধিয়া ৭.৩০ বজালৈ কাৰ্যালয়ত উপস্থিত থাকোঁ৷ দিনটোৰ বাবে মোৰ কাম সম্পূৰ্ণ কৰাৰ পাছতহে মই কাৰ্যালয়ৰ পৰা ওলাই যাওঁ,” পাটোৱাৰীয়ে কয়৷
সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সহকাৰী ছেক্সন বিষয়া মুক্তিনাথ ৰয়ে ২০১০ চনৰ ২১ ছেপ্টেম্বৰত পৰিবহণ বিভাগৰ অধীনস্থ পৰিবহণ জৰীপ আৰু পৰিকল্পনা কোষত কনিষ্ঠ সহায়ক হিচাপে যোগদান কৰিছিল৷
“মই ভাবোঁ যে কাৰ্যালয়ৰ কাম আন্তৰিকতাৰে সম্পাদন কৰিলে সন্তুষ্টি লভিব পাৰি৷ আমি আমাৰ কামবোৰ সমৰ্পিতভাৱে সম্পাদন কৰিবই লাগিব৷ কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে এদিন মই নিজৰ কৰ্তব্য পালন কৰাৰ বাবে আনুষ্ঠানিক স্বীকৃতিও পাম,” লোকসেৱা বঁটাপ্ৰাপক ৰয়ে কয়৷