ৰাজধানী চহৰ গুৱাহাটীৰপৰা প্ৰায় ৬৫ কিল’মিটাৰ উত্তৰে দৰং জিলাৰ মঙলদৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ৰঙামাটি অঞ্চলত এক বিশেষ উৎসাহ বিৰাজমান। ১০ নৱেম্বৰৰ বিয়লি সময়ত, ৰঙামাটি গাঁও পঞ্চায়তৰ (জিপি) অধীনত অনুষ্ঠিত এখন ৱাৰ্ড পৰ্যায়ৰ ফুটবল খেল চাবলৈ ৰঙামাটি ৰাজহুৱা উচ্চ বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈছিল শতাধিক দৰ্শক। সমৱেতসকলৰ বেছিভাগেই ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতী। সকলোৱে সেইদিনা সাক্ষী হয় এক উত্তেজনাপূৰ্ণ খেলৰ। এয়া আছিল অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপ খেল মহাৰণৰ প্ৰথম পৰ্যায়।
“১ নৱেম্বৰৰপৰা ইয়াত খেল মহাৰণৰ আৰম্ভণি হৈছে। সেইদিনাৰপৰাই আমি বৃহত্তৰ ৰঙামাটি অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ দেখা পাইছোঁ। খেল মহাৰণৰ অনলাইন প’ৰ্টেলত পঞ্জীয়ন কৰাৰ বাবে মুকলি কৰা পাঁচটা ক্ৰীড়া শাখাই অনন্য। যোৱা নটা দিনত আমি যথেষ্ট উৎসাহ দেখিবলৈ পাইছোঁ। আনকি ইয়াৰপৰা দুই কিল’মিটাৰ দূৰৰ নৈপৰীয়া অঞ্চলৰ অংশগ্ৰহণকাৰীসকলেও এই খেল মহাৰণত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ভিৰ কৰিছেহি,” ৰঙামাটি ৰাজহুৱা উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ৰঙাখেল মমাটি খেল মহাৰণ সমিতিৰ অধ্যক্ষ অজিত ডেকাই কয়।
অসম বাৰ্তাৰ সদস্য খেলপথাৰত উপস্থিত হোৱাৰ মুহূৰ্তত ৰঙামাটি জিপিৰ অধীনত ৱাৰ্ড নং ১ আৰু ৱাৰ্ড নং ২-ৰ মাজত ল’ৰাৰ ১৯ বছৰ অনূৰ্ধ্ব ফুটবল খেলখনৰ হাফ টাইম স্ক’ৰ আছিল ১-১। আয়োজকসকলে অৱগত কৰে যে ৰঙামতী গাঁও পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ মাজত অনুষ্ঠিত তিনিখন খেলত অতি দক্ষ দুজন খেলুৱৈক চিনাক্ত কৰা হৈছে। প্ৰতিভাৰ আৱিষ্কাৰ খেল মহাৰণৰ অন্যতম উদ্দেশ্য।
দৰঙৰ পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী সুহেনা নাৰ্গিছে (১৭) ফুটবল আৰু ভলীবলত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ লগতে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰতো বিজয়ী হৈছে। পূৰ্বে অজ্ঞাত হৈ থকা সুহেনাৰ প্ৰতিভাৰ এই প্ৰদৰ্শনে সকলোকে আচৰিত কৰি তুলিছে।
“আমাৰ ওচৰত থকা সুযোগসমূহ সীমাবদ্ধ। খেল মহাৰণে আমাক আমাৰ দক্ষতা আৰু প্ৰতিভা প্ৰমাণ কৰাৰ সুযোগ প্ৰদান কৰিছে,” নাৰ্গিছে এই প্ৰতিৱেদকৰ সৈতে হোৱা বাৰ্তালাপত কয়। এতিয়া নাৰ্গিছে খেল মহাৰণত মঙলদৈ বিধান সভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাত ফুটবলত নিজৰ জিপিক প্ৰতিনিধিত্ব কৰিব।
“প্ৰথম দিনটোত ১.৬৪ লাখৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগীসকলে তেওঁলোকৰ নিজ নিজ শাখাত যোগদান কৰিবলৈ বহু সময় অপেক্ষা কৰিব লগা হৈছিল। উদীয়মান প্ৰতিভাৰ উমান পোৱা সম্পৰ্কে বিভিন্ন বাৰ্তা আমি ৰাজ্যজুৰি পাবলৈ সক্ষম হৈছোঁ। খেল মহাৰণক লৈ আমাৰ যথেষ্ট আশাবাদী,” ক্ৰীড়া আৰু যুৱ কল্যাণৰ সঞ্চালক প্ৰদীপ টিমুঙে কয়।
শিক্ষাৰ্থী আৰু যুৱক-যুৱতীৰ লগতে ৪০ বছৰৰ ঊৰ্ধ্বৰ পুৰুষ আৰু মহিলাসকলেও উৎসাহেৰে খেল মহাৰণত অংশগ্ৰহণ কৰিছে। দৰং জিলাৰ মঙলদৈ চহৰত দুই সন্তানৰ মাতৃ ৰাণী চহৰীয়ায়ো (৪৫) কাবাদীত নিজৰ প্ৰতিদ্বৈন্দ্বিতা আগবঢ়াইছে।
“খেল মহাৰণৰ অধীনত বিভিন্ন ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিবলৈ পুৱা ৯ বজাৰপৰা সন্ধিয়া ৫ বজালৈ খেলপথাৰত ল’ৰা-ছোৱালীবোৰ একত্ৰিত হোৱা দেখা পাই ভাল লাগিছে। এগৰাকী ক্ৰীড়া প্ৰেমী হোৱাৰ বাবে মই এই পদক্ষেপৰ ইতিবাচক ফলাফলক লৈ আশাবাদী। ই আমাৰ যুৱ প্ৰতিভাসকলক অনুপ্ৰাণিত কৰিব,” চহৰিয়াই কয়।
১ৰপৰা ১৮ নৱেম্বৰলৈ খেল মহাৰণৰ প্ৰথম পৰ্যায়ত মঙলদৈ চৰকাৰী ল’ৰা উচ্চ বিদ্যালয়ৰ খেলপথাৰত যথেষ্টসংখ্যক লোক সমৱেত হৈছিল। ১০ নৱেম্বৰৰ বিয়লি ৫ বজালৈকে দুটা ছোৱালী দলৰ মাজত অনুষ্ঠিত হৈ থকা ১৯ বছৰ অনূৰ্ধ্বৰ কাবাদী খেলখন শেষ হোৱা নাছিল।
“আমাৰ জিলাত ৭৫টা জিপি আৰু তিনিটা ইউএলবি আছে। আমাৰ ই্য়াত পঞ্জীয়নো যথেষ্ট হৈছে। এই পদক্ষেপে যুৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি উৎসাহ বৃদ্ধি কৰিছে। আমাৰ জিলাত জ্যেষ্ঠসকলেও নিজ নিজ গাঁৱত যুৱক-যুৱতী তথা কিশোৰ-কিশোৰীসকলক ক্ৰীড়া প্ৰশিক্ষণ প্ৰদান কৰা দেখা পাইছোঁ। ইয়াৰে কিছুমান প্ৰতিভাই এতিয়া ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰাৰ উচ্চাকাংক্ষা মনত পুহিবলৈ আৰম্ভ কৰিছে। খেল মহাৰণে আমাক ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাৰ শক্তিক চিনাক্ত কৰাত সহায় কৰিছে,” দৰঙৰ জিলা ক্ৰীড়া বিষয়া বন্দিতা গগৈয়ে কয়।
মৰিগাঁও জিলাতো খেল মহাৰণে যুৱক-যুৱতীসকলৰ মাজত উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰিছে। মৰিগাঁও জিলা ক্ৰীড়া বিষয়া চন্দন তালুকদাৰে কয় যে জিলাখনৰ মুঠ ৮৬টা জিপিতে এই অনুষ্ঠানসমূহত যথেষ্ট ইতিবাচক সঁহাৰি পোৱা গৈছে।
“গ্ৰামাঞ্চলত যুৱক-যুৱতীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। অনলাইন পঞ্জীয়ন চহৰ অঞ্চলতকৈ গ্ৰামাঞ্চলত অধিক দেখা গৈছে। আমাৰ জিলা আয়ুক্তৰ নেতৃত্বত ১ নৱেম্বৰৰপৰা মুখ্য ক্ৰীড়া ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি সকলোফালে উৎসাহ দেখা পাইছোঁ,” তালুকদাৰে লগতে উল্লেখ কৰে যে জিলাখনত খেল মহাৰণৰ প্ৰথম ১১ দিনত বহু সম্ভাৱনাপূৰ্ণ ক্ৰীড়া প্ৰতিভা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে মৰিগাঁও চহৰৰ ক্ষীৰোদ বৰুৱা মেম’ৰিয়েল ষ্টেডিয়ামত অমিত বড়ো (১৬) নামৰ এগৰাকী কিশোৰে ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰিছে ১২.১৫ ছেকেণ্ডত৷ “অমিতৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নাছিল যদিও তেওঁৰ এই দক্ষতাই উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আমি ইতিমধ্যে তেওঁক এক বিৰল প্ৰতিভা হিচাপেই চিহ্নিত কৰিছোঁ,” তালুকদাৰে কয়। খেল মহাৰণৰ অন্যতম মুখ্য উদ্দেশ্য আছিল অমিতৰ দৰে প্ৰতিভাক চিনাক্ত কৰাটো আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰতো এই বিষয়ে উল্লেখ কৰিছিল।