গোৱাত অনুষ্ঠিত ৩৭সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত উৎকৃষ্ট প্ৰদৰ্শনৰে ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাই ৫৬টা পদক অৰ্জন কৰি ৰাজ্যবাসীক গৌৰৱাম্বিত কৰি তুলিলে। ২০০৭ চনত গুৱাহাটীত ঘৰুৱা পৰিৱেশৰ সুবিধাৰ মাজত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পাছত এয়া অসমৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।
উল্লেখনীয় যে এই পদক তালিকাত অন্তৰ্ভুক্ত হৈছে বহুকেইটা ক্ৰীড়া শাখা যেনে – আৰ্চাৰী, লন বল, সাঁতোৰ, বক্সিং, টাইকোৱাণ্ডো ইত্যাদি। এই দিশটোৱে উন্মোচিত কৰিছে যে ৰাজ্যখনত ক্ৰীড়াৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে আৰু আমাৰ প্ৰতিভাসকলে নিজৰ সম্ভাৱনা অনুসৰি প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে। ৰাজ্যখনত অনুষ্ঠিত হৈ থকা খেল মহাৰণৰ লক্ষ্যও হৈছে এনে প্ৰতিভাসকলক প্ৰস্তুত কৰি তোলা।
ক্ৰীড়া প্ৰতিযোগিতাসমূহ আশ্চৰ্যৰে পৰিপূৰ্ণ হৈ থাকে। কেতিয়াবা খ্যাতনামা খেলুৱৈৰ প্ৰদৰ্শনো আশানুৰূপ হৈ নুঠে। উদাহৰণস্বৰূপে লন বলৰ ব্যক্তিগত শাখাৰ প্ৰতিযোগিতাত কমনৱেলথ স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াৰ পৰাজয়। বহুস্তৰীয় প্ৰতিযোগিতাৰ এয়া এক অনন্য সৌন্দৰ্য। অৱশ্যে চিৰ-শাশ্বত কথাটো হ’ল যে কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ ইতিবাচক ফলাফল প্ৰতিদিনে পোৱা যায়। নয়নমণিয়ে অসমৰ দলটিক সোণৰ পদক লাভ কৰাৰ দিশত পথ দেখুৱাইছিল। ২০১১ চনৰ পৰা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰতিটো সংস্কৰণতে সোণৰ পদক অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় নয়নমণি। ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় অভিজ্ঞতা আৰু দক্ষতাৰ সমাহাৰ খেলুৱৈসকলৰ বাবে কিমান গুৰুত্বপূৰ্ণ।
অসমৰ হৈ পদক বিজয়ীসকলৰ বহুকেইগৰাকীয়ে সামান্য ব্যৱধানৰ বাবে সোণৰ পদকৰপৰা বঞ্চিত হৈছিল। সোণ আৰু ৰূপৰ মাজৰ এই সামান্যতম ব্যৱধানো হৈছে বিজয়ীজনৰ অতিৰিক্ত অধ্যৱসায়। অৱশ্যে এটা আশা কৰিব পাৰি যে এইবাৰৰ ৰূপ পৰৱৰ্তী সংস্কৰণত সোণলৈ পৰিৱৰ্তিত হ’ব।
পুৰুষৰ টেবুল টেনিছ দলটিয়ে আগবঢ়োৱা প্ৰদৰ্শন ৰাজ্যখনৰ বাবে এক উৎসাহজনক। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৩৭সংখ্যক সংস্কৰণত পুৰুষৰ টেবুল টেনিছ দলটিয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰু ৩৬ বছৰৰ এক বৃহৎ ব্যৱধানৰ পাছত এই শাখাৰ পদক তালিকাত ৰাজ্যখনৰ নাম জিলিকি উঠিল।