ধেমাজি চহৰৰ মাজমজিয়াত থকা সোণমণি চুতীয়াৰ চাহৰ দোকানখনেই তেখেতৰ পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ ভৰসা৷ মাতৃ, ভগ্নী আৰু ১১ বছৰীয়া পুত্ৰ সন্তানৰ বাবে সোণমণিয়ে অকলেই ঘৰৰ দায়িত্ব গ্ৰহণ কৰিছে৷
জীৱন সংগ্ৰামৰ বিভিন্ন পৰিক্ৰমা অতিক্ৰম কৰা সোণমণিৰ পৰিয়ালে লকডাউনৰ সময়ছোৱাত সন্মুখীন হৈছিল বহু প্ৰত্যাহ্বানৰ৷ ক’ভিডকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উপাৰ্জনৰ পথ বন্ধ হৈ পৰাৰ ফলত কষ্টৰ মাজেৰে সোণমণিহঁতে জীৱন নিৰ্বাহ কৰিছিল৷

কিন্তু সোণমণিহঁতৰ দৰে আন পদপথৰ বিক্ৰেতা, ক্ষুদ্ৰ ব্যৱসায়ী আদিক সকাহ প্ৰদান কৰিবলৈ ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনত মুকলি কৰা হ’ল ক্ষুদ্ৰ ঋণ প্ৰদানৰ এখন বিশেষ আঁচনি৷
২০২০ বৰ্ষৰ জুন মাহত শুভাৰম্ভ কৰা ‘প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি’ (পিএম স্বনিধি) কল্যাণকামী আঁচনিখনৰ সুবিধা গ্ৰহণ কৰি স্বাৱলম্বিতাৰ নতুন বাটত খোজ দিয়া ব্যৱসায়ীসকলৰ ভিতৰত সোণমণি চুতীয়াও অন্যতম৷
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত সোণমণিয়ে নিজৰ কৰ্মব্যস্ততাৰ কথা উল্লেখ কৰি কয়, “নিশা ২ বজাৰপৰাই গ্ৰাহকৰ বাবে বিভিন্ন খাদ্য প্ৰস্তুতৰ যো-জা কৰোঁ আৰু পুৱা ৫ বজাত দোকান খুলি বিক্ৰীৰ কামত ব্যস্ত হৈ পৰোঁ৷ এনেদৰে দৈনিক সন্ধ্যা প্ৰায় ৬ বজালৈ ব্যৱসায়ৰ কামতেই মনোনিৱেশ কৰোঁ৷”
তেখেতে লগতে কয়, “আমাৰ বাবে প্ৰতিটো দিনেই সংগ্ৰামৰ দিন৷ কিন্তু বিশেষকৈ লকডাউনৰ সময়ত আমি যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলোঁ৷ এই সমস্যাৰ সমাধানৰ অন্যতম উপায় হিচাপে ‘পিএম স্বনিধি’ৰ বিষয়ে মাইকিংযোগে তথা বিভাগৰ ছাৰ-বাইদেউসকলৰপৰা জানিব পাৰিছিলোঁ৷ বেংকৰ সৈতে যোগাযোগ কৰি আঁচনিখনৰ অধীনত প্ৰথমতে ১০,০০০ টকাৰ ঋণ লৈ ব্যৱসায়ৰ লগতে অন্যান্য প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিলোঁ৷ সময়মতে এই টকা পৰিশোধ কৰাৰ পাছত দ্বিতীয় কিস্তি হিচাপে ২০,০০০ টকা ঋণ ল’বলৈ সক্ষম হ’লোঁ৷ ঋণ লাভ কৰাৰ লগতে আন বিভিন্ন ক্ষেত্ৰত আমাক সহায় কৰা ছাৰ-বাইদেউসকলক এইছেগতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷”
সোণমণিৰ দৰে তেজপুৰৰ বাসিন্দা জুকৰুন নিচায়ো ‘পিএম স্বনিধি’ৰ অধীনত তৃতীয় কিস্তিৰ ৫০,০০০ টকা পৰ্যন্ত ঋণ লাভ কৰিছে৷ চিত্ৰলেখা উদ্যানৰ সমীপত থকা তেখেতৰ দোকানখন ‘চাচী টী ষ্টল’ হিচাপে জনপ্ৰিয়৷ নিজ পুত্ৰ আৰু কন্যা সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে ৫০ৰ ঊৰ্ধবৰ জুকৰুন নিচাই প্ৰায় ৮ বছৰ ধৰি ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হৈছে৷
“২০১৫ বৰ্ষত স্বামী ঢুকোৱাৰ পাছত আমি যথেষ্ট আৰ্থিক সংকটৰ সন্মুখীন হৈছিলোঁ৷ কিন্তু ল’ৰা-ছোৱালীকেইটিয়ে যাতে পঢ়ি-শুনি ভাল মানুহ হ’ব পাৰে, তাৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰাৰ কথা চিন্তা কৰিলোঁ৷ মোৰ ল’ৰাজনে এতিয়া তেজপুৰ আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে৷ পঢ়াৰ সমান্তৰালকৈ দোকানৰ বিভিন্ন সা-সামগ্ৰী অনা-নিয়াৰ ক্ষেত্ৰত সি মোক সহায় কৰি আহিছে৷ ক’ভিডৰ সময়ত ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছিল যদিও স্বনিধি আঁচনিখন আমাৰ বিপদৰ সময়ৰ বন্ধুৰ দৰে হৈ পৰিল৷ ইয়াৰ সুফল আমি এতিয়াও লাভ কৰি আছোঁ,” জুকৰুন নিচাই কয়৷

“ব্যৱসায়ৰ আৰম্ভণিতে ফল-মূল বিক্ৰী কৰি উপাৰ্জনৰ পথ বাছি লৈছিলোঁ৷ পাছত আমি সৰুকৈ ষ্টেচনাৰী দোকানেৰে ব্যৱসায় সম্প্ৰসাৰণৰ কথা চিন্তা কৰিলোঁ৷ এনেদৰে মই পুৱা আৰু সন্ধিয়াৰ সময়ত মাক দোকানৰ কামত সহায় কৰোঁ৷ এতিয়া স্বনিধি আঁচনিৰ তৃতীয় কিস্তিৰ ধনেৰে ব্যৱসায়ক নতুন ৰূপ প্ৰদান কৰিবলৈ আমি চিন্তা-চৰ্চা কৰিছোঁ,” জুকৰুন নিচাৰ পুত্ৰ ছবিৰ শ্বেখে (২৩) কয়৷
এওঁলোকৰ দৰে হাইলাকান্দিৰ সুবল দেৱনাথ, গুৱাহাটীৰ দয়াল দাস আদিয়েও প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে৷
উল্লেখযোগ্য যে ‘বৃহৎ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ক্ষুদ্ৰ ৰাজ্য, পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চল ৰাজ্য’- এই তিনিটা শিতানৰ অধীনস্থ সংশ্লিষ্ট ৰাজ্যসমূহক প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত সামৰি লোৱা হৈছে আৰু আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অসমে শেহতীয়াকৈ উক্ত ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিছে৷ সৰ্বাধিক ৯০.৮৪% ঋণ বিতৰণেৰে (২০২৩ বৰ্ষৰ ১ ছেপ্টেম্বৰৰ তথ্য অনুযায়ী) অসমে পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ শিতানত এই সফলতা অৰ্জন কৰে৷
এই আঁচনিৰ অধীনত তিনিটা কিস্তিত ক্ৰমে ১০, ২০ আৰু ৫০ হাজাৰ টকা পদপথৰ বিক্ৰেতা তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলক ঋণ প্ৰদান কৰা হয়৷ অৰ্থাৎ যোগ্য হিতাধিকাৰীয়ে প্ৰথমে ১০,০০০ টকাৰ ঋণ লোৱাৰ পাছত নিৰ্ধাৰিত সময়সীমাৰ পাছত সেই ধন পৰিশোধেৰে পৰৱৰ্তী ঋণ লাভৰ বাবে সাজু হ’ব পাৰে৷ তদুপৰি এই আঁচনিয়ে নিয়মীয়া পৰিশোধৰ ভিত্তিত ৭% সুত ৰাজসাহায্যৰ ব্যৱস্থা কৰাৰ লগতে ডিজিটেল লেনদেনক উদগনি যোগাই বছৰত ১,২০০ টকা পৰ্যন্ত কেছবেকৰ সুবিধাও প্ৰদান কৰিছে৷
ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সহযোগত ৰূপায়ণ কৰা এই আঁচনিৰ সফল প্ৰয়োগৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি এগৰাকী উচ্চপদস্থ বিষয়াই অসম বাৰ্তাৰ প্ৰতিৱেদকক জানিবলৈ দিয়ে৷ বিষয়াগৰাকীয়ে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী অশোক সিংহলৰ সদিচ্ছা আৰু নিৰন্তৰ প্ৰচেষ্টাৰ বাবে অসমে ‘পিএম স্বনিধি’ আঁচনিৰ অধীনত সৰ্বাধিক ঋণ বিতৰণেৰে শীৰ্ষ স্থান দখল কৰিছে৷ নিয়মীয়াকৈ অনুষ্ঠিত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত আলোচনা হোৱা বিভিন্ন বিষয়সমূহেও এই সফলতাত অৰিহণা যোগাইছে বুলি বিষয়াগৰাকীয়ে সদৰী কৰে৷
