আধুনিক চিকিৎসাবিজ্ঞানৰ দ্ৰুত বিকাশৰ এক অন্তৰ্নিহিত কাৰক হৈছে জৈৱচিকিৎসা আভিযান্ত্ৰিক (Biomedical Engineering)ৰ অপ্ৰতিৰোধ্য অগ্ৰগতি৷ সহজ ভাষাত জৈৱচিকিৎসা আভিযান্ত্ৰিকক চিকিৎসাবিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাজৰ সংযোগ সেতু বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ স্বাস্থ্য ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা (artificial intelligence)ৰ প্ৰয়োগৰ পৰা আৰম্ভ কৰি কৃত্ৰিম অংগ, ৰ’ব’টিক ছাৰ্জাৰী, চিকিৎসা সঁজুলি আৰু উপকৰণৰ গৱেষণা তথা উন্নয়ন (Medical Devices and Equipment R&D) আদি সম্ভৱপৰ সকলো দিশ সামৰি লোৱা বায়’মেডিকেল ইঞ্জিনিয়াৰিং এক বিশাল আৰু বহুমুখী বিষয়৷ ইয়াৰ এটা ক্ষুদ্ৰতম অংশ হ’ল ক্লিনিকেল ইঞ্জিনিয়াৰিং বা হস্পিটেল বায়’মেডিকেল ইঞ্জিনিয়াৰিং৷
স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নীতকৰণত এই ক্লিনিকেল ইঞ্জিনিয়াৰিং বিভাগটোৰ গুৰুত্ব অপৰিসীম যদিও ভাৰতবৰ্ষত বিভাগটোৱে যথোপযুক্ত আৰু পৰ্যাপ্ত মান্যতা পোৱা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিৱেদন অনুসৰি আমাৰ দেশত এতিয়াও বিভাগটোৰ কাৰ্যপ্ৰণালী মূলতঃ সংশোধনী অনুৰক্ষণ (Corrective Maintenance) ব্যৱস্থাতে সীমাবদ্ধ হৈ আছে৷ পৰ্যাপ্ত মানৱ সম্পদৰ অভাৱো ইয়াৰ অন্য এক কাৰণ হ’ব পাৰে বুলি সংস্থাটোৱে প্ৰতিৱেদনত উল্লেখ কৰিছে৷ শেহতীয়াকৈ Quality Council of Indiaৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠিত IBSC-ৰ দৰে প্ৰতিষ্ঠানে এই মানৱ সম্পদৰ অভাৱ বহুলাংশে কমাব পাৰিছে যেন অনুভুত হয়৷
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰযুক্তিবিদ্যা সহায়ক সংস্থা (National Health Systems Resource Centre)ৰ এক তথ্য অনুসৰি ভাৰতৰ ৰাজ্যসমূহত সৰ্বোচ্ছ ৩৪% লৈকে চিকিৎসা সঁজুলি বিকল অৱস্থাত পোৱা গৈছিল৷ এনে অৱস্থাত কেৱল মাত্ৰ সংশোধনী অনুৰক্ষণ পদ্ধতিৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিলে স্বাস্থ্য খণ্ডৰ উন্নয়ন বহু লেহেমীয়া হ’ব৷ যথেষ্ট ব্যয়বহুল সঁজুলিসমূহ সঠিক ৰূপত কাৰ্যক্ষম কৰি ৰাখিবলৈ নিৰোধক অনুৰক্ষণ (Preventive Maintenance) -ৰ দৰে কাৰ্যপ্ৰণালীৰো গুৰুত্ব অপৰিসীম৷ বৰ বেছি দূৰলৈ নগৈ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (Public Private Partnership)ত থকা অসমৰ চৰকাৰৰ বায়’মেডিকেল সম্পদসমূহৰ (Biomedical Assets) অনুৰক্ষণ পৰিসংখ্যাত চকু ফুৰালেই বিশ্ব স্বাস্থ্য সংস্থাই উনুকিয়াই দিয়া কথাটোৰ চাক্ষুষ প্ৰমাণ পোৱা যায়৷ স্বাস্থ্য ক্ষেত্ৰৰ বহনক্ষম উন্নয়ন আৰু উন্নত আন্তঃগাঁথনিৰ বাবে পদ্ধতিগত অনুশীলন সময়ৰ আহ্বান আৰু সেয়া চিকিৎসালয়সমূহত স্থায়ী বায়’মেডিকেল ইঞ্জিনিয়াৰিং বিভাগ একোটা স্থাপনৰ দ্বাৰাহে সম্ভৱপৰ হ’ব৷