১৭ ফেব্ৰুৱাৰীৰ পুৱাৰ ভাগত অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বিধায়সকল এটি বিশেষ স্থানত একগোট হৈছে। লক্ষ্য কোকৰাঝাৰৰ বাজেট অধিৱেশন। প্ৰায় ২০০ কিল’মিটাৰ পথ বাছেৰে যাত্ৰা কৰি তেওঁলোকে এই অধিৱেশনত অংশগ্ৰহণ কৰে। ৰাজ্যৰ ৰাজধানীৰ বাহিৰত এনেদৰেই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল বাজেট অধিৱেশন। পুৱা ৬ বজাতেই ভ’লভ’ বাছত তেওঁলোকৰ যাত্ৰা আৰম্ভ হয়। যাত্ৰাৰ সময়ত মন্ত্ৰী-বিধায়কসকলে সকলোৰে ঊৰ্ধত গৈ বজালীৰ আৱৰ্ত ভৱনত একেলগে জলপান গ্ৰহণ কৰে।
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেখেতৰ ভাষণৰ সৈতে অধিৱেশনখন উদ্বোধন কৰে। ভাষণত তেখেতে অসম চৰকাৰে ‘বিকাশ আৰু ঐতিহ্য’ ৰক্ষাৰ নীতি অনুসৰণ কৰি আগবঢ়োৱা উন্নয়নমূলক পদক্ষেপসমূহ বর্ণনা কৰে।
এই অধিৱেশন উপলক্ষে কোকৰাঝাৰত এক উৎসাহজনক পৰিৱেশ দেখিবলৈ পোৱা গৈছিল। এটা সময়ত অশান্ত এলেকা হিচাপে পৰিগণিত কোকৰাঝাৰত এনে এখন ঐতিহাসিক অধিৱেশন আয়োজন কৰাটোৱে শান্তিৰ পৰিৱেশ পুনৰ ঘূৰি অহাৰ বাৰ্তাকেই প্ৰতিফলিত কৰিছে।

বি টি চি বিধান সভাৰ অধ্যক্ষ কাতিৰাম বড়োৱে এই অধিৱেশনক বড়োলেণ্ডৰ বাবে এক অনন্য উপহাৰ বুলি অভিহিত কৰে। তেখেতে কয়, “অসম বিধান সভাৰ অধিৱেশন গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ’ব পাৰে বুলি আমি কেতিয়াও ভবাই নাছিলোঁ। আজি কোকৰাঝাৰে সেই গৌৰৱৰ সাক্ষী হৈছে। এয়া সঁচাকৈয়ে আনন্দৰ কথা।”
তেখেতে অধিৱেশনৰ বাবে কৰা প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰি কয়, “মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অধিৱেশনখন কোকৰাঝাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ পাছৰেপৰা আমি প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। আমি আসনৰ সংখ্যা ৪৬ৰ পৰা ১২৬লৈ বৃদ্ধি কৰোঁ। তদুপৰি অতিৰিক্ত মাইক্ৰ’ফোনৰ ব্যৱস্থা, ইনপুট আৰু আউটপুটৰ সুবিধাসমূহো উন্নত কৰা হয়।”
অসম আৰক্ষীৰ ডি জি পি আৰু বি টি আৰৰ আই জি পিক তেখেতে ধন্যবাদ জনাই কয়, “সুৰক্ষাৰ ক্ষেত্ৰত অত্যন্ত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, যাৰ ফলত স্বাভাৱিক জনজীৱনত কোনোধৰণৰ অসুবিধা হোৱা নাছিল।”
অধিৱেশনখন দিনৰ ১২ বজাত আৰম্ভ হৈ সন্ধিয়া ৬:৩০ বজাত সমাপ্ত হয়। অধিৱেশনত অধ্যক্ষতা কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ ডা: নোমল মমিনে। কাতিৰাম বড়োৱে ব্যক্তিগত অভিজ্ঞতাৰ বিষয়ে কয়, “বি টি চি বিধান সভাৰ অধ্যক্ষ হিচাপে অসম বিধান সভাৰ অধিৱেশনৰ সাক্ষী হোৱাটো এক অনন্য অভিজ্ঞতা।আমি সকলো কাম সফলতাৰে সম্পন্ন কৰিবলৈ প্ৰয়াস কৰিছিলোঁ।”
বি টি চি বিধান সভাৰ সচিব অমৰেন্দ্ৰ নাৰায়ণ ডেকাই উল্লেখ কৰে যে অসম এতিয়া ভাৰতৰ তৃতীয় ৰাজ্য যিয়ে বিধান সভা অধিৱেশন দুখন ঠাইত অনুষ্ঠিত কৰে। “জম্মু-কাশ্মীৰত জম্মু আৰু শ্ৰীনগৰত, মহাৰাষ্ট্ৰত মুম্বাই আৰু নাগপুৰত অধিৱেশন অনুষ্ঠিত হয়। এতিয়া অসমেও গুৱাহাটী আৰু কোকৰাঝাৰত এই অধিৱেশন আয়োজন কৰিলে,” তেখেতে কয়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ভাষণত কয়, “এয়া অসমৰ বাবে এক ঐতিহাসিক অধিৱেশন; কিয়নো প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত বিধান সভাৰ অধিৱেশন অনুষ্ঠিত হৈছে। এই অধিৱেশন হৈছে বড়োলেণ্ডত পুনৰ শান্তি প্ৰতিষ্ঠাৰ এক প্ৰমাণ।”
তেখেতে কয়, “মোৰ সপোন এখন সোণোৱালী বড়োলেণ্ড গঢ়াৰ, য’ত বড়ো আৰু অনা-বড়োসকলে শান্তিপূৰ্ণভাৱে একেলগে থাকিব, একেলগে চিন্তা কৰিব আৰু উন্নয়নৰ বাবে একেলগে কাম কৰিব।”
বিগত বছৰসমূহৰ ভিতৰত বি টি চি অঞ্চলত বিভিন্ন উন্নয়নমূলক কাম সম্পন্ন হৈছে। বিগত বছৰত বি টি চিলৈ আন্ত:গাঁথনি উন্নয়নৰ বাবে ১,৫০০ কোটি টকা মুকলি কৰা হৈছিল। কোকৰাঝাৰত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১৫০ কোটি টকা মুকলি কৰাৰ লগতে দুখনকৈ বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু এখন চি আই টি আছে। তদুপৰি তামুলপুৰত আন এখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব। ইয়াৰ লগতে তামুলপুৰত পাগলাদিয়া নৈত দুখনকৈ দলং নিৰ্মাণৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
ভূটানক সংযোগ কৰা বিছমুৰি-সৰলপাৰা পথৰো উন্নীত কৰা হ’ব। তদুপৰি কোকৰাঝাৰ-কাৰিগাঁও পথক চাৰিলেনলৈ উন্নীত কৰাৰ পদক্ষেপো লোৱা হৈছে। চলিত বৰ্ষত বি টি চি অঞ্চলৰ পথ আন্ত:গাঁথনিৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৫০০ কোটি টকা ঘোষণা কৰে।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এক্স’ত প্ৰকাশ কৰে, “এই ঐতিহাসিক পদক্ষেপে জনসাধাৰণক বিধান সভাৰ লগতে বিধায়কৰ সৈতে অধিক সংযোগ স্থাপন কৰাৰ সুযোগ দিব।”
বিশেষ অধিৱেশনৰ সময়ত অসমৰ ষষ্ঠ অনুসূচীৰ পৰিষদসমূহৰ সবলীকৰণ সন্দৰ্ভতো আলোচনা কৰা হয়, যিয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমন্বয়ৰ উন্নয়নৰ প্ৰতি অসম চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।