কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীথাৰমনে এইবাৰৰ বাজেটত প্ৰতিটো বাৰিষাতে বানৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ ৰাজ্যখনক বিশেষ সহায়ৰ প্ৰস্তাৱ আগবঢ়ায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণাৰ বাবে বিত্তমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
সীথাৰমনে তেওঁৰ বাজেট ভাষণত উল্লেখ কৰে,: “অসমে প্ৰতি বছৰে ভাৰতৰ বাহিৰৰ পৰা বৈ অহা ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ সৃষ্ট বানৰ বিৰুদ্ধে যুঁজ দিব লগা হয়। আমি অসমক বান ব্যৱস্থাপনা আৰু ইয়াৰ সৈতে জড়িত প্ৰকল্পৰ বাবে সহায় আগবঢ়াম”।
“এই বাজেটৰ অধীনত বানৰ বাবে সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ অসমক সহায়ৰ কৰাৰ প্ৰস্তাৱৰ বাবে আমি কৃতজ্ঞ,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা পাঁচ বছৰত কেন্দ্ৰই বান সমস্যা হ্ৰাস কৰিবলৈ ৰাজ্যখনলৈ পৰ্যাপ্ত পুঁজি মুকলি কৰি দিছে। “যোৱা পাঁচ বছৰত কেন্দ্ৰই বান ব্যৱস্থাপনা কাৰ্যসূচীৰ বাবে ৪,৮০০ কোটি টকাৰ আবণ্টন কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেট ভাষণত উল্লেখ কৰাৰ পাছত অনাগত সময়ত এই সমস্যা সমাধানৰ দিশত ই অধিক সহায়ক হ’ব, মূলতঃ দেশৰ বাহিৰৰ পৰা অহা পানীৰ ফলত এই বিপদৰ সৃষ্টি হৈছে,” মুখ্যমন্ত্ৰীয়ে কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ৰাজ্যখনলৈ হস্তান্তৰ ১৩%লৈ বৃদ্ধি কৰা হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ বাবে নিৰ্ধাৰিত পৰিমাণ হৈছে ৩৮,১৫৪ কোটি টকা।
তেওঁ কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ গ্ৰাম্য স্থানীয় নিকায়সমূহলৈ কেন্দ্ৰীয় অনুদান ২২%লৈ বৃদ্ধি কৰা হৈছে। নগৰীয়া স্থানীয় নিকায়ৰ বাবে ৩৩% আৰু স্বাস্থ্য সেৱা প্ৰকল্পৰ বাবে ৫০% আৰু ৰাজ্যিক দুৰ্যোগ সহাঁৰি পুঁজি আৰু ৰাজ্যিক দুৰ্যোগ উপশম পুঁজি কাৰ্যসূচীৰ বাবে ৫% অনুদান বৃদ্ধি হৈছে। “অসমে জল জীৱন অভিযানৰ বাবে ৭০,০০০ কোটি টকা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত ৩২ হাজাৰ কোটি টকাৰ পৰা ২২ হাজাৰ কোটি বৃদ্ধি কৰি ৫৪ হাজাৰ কোটি কৰা হৈছে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় বাজেটত পাঁচ বছৰত এক কোটি যুৱক-যুৱতীক দক্ষতা প্ৰদান কৰাৰ উদ্দেশ্যে ৫০টা ভাৰতীয় কোম্পানীত এক অভিনৱ ইণ্টাৰ্নশ্বিপ আঁচনিৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ অধীনত ২১-২৪ বছৰ বয়সৰ পূৰ্ণকালীন শিক্ষা নথকা নিবনুৱা যুৱসকলক অন্তৰ্ভুক্ত কৰা হ’ব। “মই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ যে কেন্দ্ৰৰ এই অভিযানত অসমেও যাতে প্ৰয়োজনীয় গুৰুত্ব লাভ কৰে। আমি এই আঁচনিৰ অধীনৰ অসমৰ ইণ্টাৰ্নসকলৰ বাবে এক বিত্তীয় পেকেোজো ঘোষণা কৰিম,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ (পিএমচিএছপিৱাই) অধীনত অসমে অহা দুবছৰত ৬৮৫.৭০ কোটি টকা লাভ কৰিব। তেওঁ উল্লেখ কৰে যে এই আঁচনিৰ উদ্দেশ্য হৈছে চাহ বাগিচা অঞ্চলসমূহত প্ৰয়োজনীয়তা আধাৰিত শিক্ষা আৰু স্বাস্থ্য সেৱাৰ সবলীকৰণ কৰা। তেওঁ কয় যে এই আঁচনিৰ তিনিটা উপাদান হৈছে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক শিক্ষা যোজনা, প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক স্বাস্থ্য যোজনা আৰু প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক আশ্ৰয় যোজনা।
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ২০২৪-২৫ বৰ্ষৰ ৰে’ল বাজেটত থকা গুৰুত্বপূৰ্ণ ঘোষণাসমূহৰ বিষয়ে উল্লেখ কৰাৰ সময়ত ভাৰতীয় ৰে’লৰ ইতিবাচক ৰূপান্তৰ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেক শক্তিশালী কৰাৰ লক্ষ্যৰে কৰা বাজেট আবণ্টন আৰু পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ১০,৩৭৬ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে। তেওঁ লগতে কয় যে ১৮টা চলিত প্ৰকল্পৰ অধীনত ১,৩৬৮ কিল’মিটাৰ নতুন ট্ৰেকৰ বাবে ইতিমধ্যে ৭৪,৯৭২ কোটি টকা আবণ্টন কৰা হৈছে।
ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ৫০টা ৰে’ল ষ্টেশ্যনক অমৃত ষ্টেশ্যন হিচাপে বিকশিত কৰা হ’ব। এই ৰেল ষ্টেশ্যনসমূহ হৈছে আমগুৰি, অৰুণাচল, চাপৰমুখ, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, দুলীয়াজান, ফকিৰাগ্ৰাম জংছন, গৌৰীপুৰ, গহপুৰ, গোলাঘাট, গোসাইগাঁও, গুৱাহাটী, হয়বৰগাঁও, হৰমতি, হোজাই, জাগীৰোড, যোৰহাট টাউন, কামাখ্যা জংছন, কোকৰাঝাৰ, লংকা, লিডু, লামডিং জংছন, মাজবাট, মাকুম জংছন, মাৰ্ঘেৰিটা, মৰিয়নি জংছন, মুৰ্কংচেলেক, নাহৰকটীয়া, নলবাৰী, নামৰূপ, নাৰেঙ্গী, নিউ বঙাইগাঁও জংছন, নিউ হাফলং, নিউ কৰিমগঞ্জ জংছন, তিনিচুকীয়া জংছন, উত্তৰ লখিমপুৰ,পাঠশালা, ৰঙাপাৰা উত্তৰ জংছন, ৰঙিয়া জংছন, সৰুপথাৰ, শিৱসাগৰ টাউন, চিলাপথাৰ, শিলচৰ, শিমলুগুৰি, টংলা, তিনিচুকীয়া, ওদালগুৰি আৰু বিশ্বনাথ চাৰিআলি।