শেহতীয়া বান পৰিস্থিতিয়ে ৰাজ্যখনৰ কৃষিভূমি, পশুধনৰ ক্ষতিসাধন কৰাৰ লগতে স্বাভাৱিক জনজীৱন বিঘ্নিত কৰি তুলিছিল। বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিবলৈ বিভিন্ন মন্ত্ৰ্যালয়ৰ উচ্চস্তৰীয় বিষয়াসকলৰ দ্বাৰা গঠিত ৮জনীয়া সদস্যৰ আন্তঃমন্ত্ৰ্যালয় কেন্দ্ৰীয় দলে (আইএমচিটি) ১৮-২০ জুলাইলৈ ৰাজ্যখনৰ বিভিন্ন জিলা পৰিদৰ্শন কৰে। ২০ জুলাইত ৰাজ্যখনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে লোক সেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব মিহিৰ কুমাৰৰ নেতৃত্বাধীন প্ৰতিনিধি দলটোৱে বানে কৰা ক্ষতিৰ মূল্যায়নৰ বিভিন্ন দিশ আলোচনা কৰে।
আইএমচিটিৰ প্ৰতিনিধি দলটো দুটা ভাগত বিভক্ত হৈ বান ক্ষতিগ্ৰস্ত জিলাসমূহ ক্ৰমে ডিব্ৰুগড়, মাজুলী, ধেমাজি, লখিমপুৰ, নগাঁও, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে।
উক্ত জিলাসমূহৰ জনসাধাৰণৰ জীৱন-জীৱিকা আৰু সম্পত্তিৰ ক্ষতিসাধন কৰা বিভিন্ন দিশসমূহ কেন্দ্ৰীয় দলটোৱে চালি-জাৰি চোৱাৰ লগতে স্থানীয় বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়।
অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ অধ্যক্ষতাত ২০ জুলাইত এখন বৈঠক অনুষ্ঠিত হয়। বানৰ প্ৰভাৱ সন্দৰ্ভত অজয় তিৱাৰীয়ে কয় যে ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰথমটো ঢৌৱে বানৰ সৃষ্টি কৰিছিল। ৰাজ্যখনে ইতিমধ্যে ৰেমালৰ দুটা ঢৌৰ সন্মুখীন হৈছে, যাৰ ফলত সাধাৰণ জনতা, পশুধন আৰু বন্যপ্ৰাণী যথেষ্ট প্ৰভাৱান্বিত হৈছে বুলি তেখেতে সদৰী কৰে।
শেহতীয়া বান পৰিস্থিতিৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ ক্ষেত্ৰত দলটোৱে চোকা দৃষ্টি ৰাখিছে বুলি মিহিৰ কুমাৰে উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ গৈ প্ৰতিনিধি দলটোৱে কৰা মূল্যায়নৰ বিষয়ে তেখেতে বৰ্ণনা কৰে। তদুপৰি এই দুটা ঢৌৰ প্ৰভাৱত জলমগ্ন হোৱা ৰাজ্যৰ কৃষিভূমিৰ ক্ষতিৰ সন্দৰ্ভতো মিহিৰ কুমাৰে আলোকপাত কৰে আৰু জিলা প্ৰশাসন, অসম চৰকাৰৰ বান প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰি বানপীড়িত অঞ্চলসমূহত গ্ৰহণ কৰা তাৎক্ষণিক পদক্ষেপ তথা বান সাহায্য অভিযানৰ প্ৰশংসা কৰে।
অসম ৰাজিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে আইএমচিটিক ২০২৪ বৰ্ষত অহা বানৰ দুয়োটা ঢৌক গুৰুতৰ প্ৰকৃতিৰ দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনায়। তদুপৰি আইএমচিটিক অন্তৰ্ৱৰ্তীকালীন ভিত্তিত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এনডিআৰএফ) পৰা ৫০০ কোটি টকা মুকলি কৰি দিয়াৰ সন্দৰ্ভতো পৰামৰ্শ দিবলৈ অনুৰোধ জনায়।