শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ, ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অসম আৰু ত্ৰিপুৰা ভ্ৰমণ আৰু তাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাগালেণ্ড আৰু মেঘালয় ভ্ৰমণে পুনৰ এবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰখনে প্ৰদান কৰি থকা গুৰুত্বক প্ৰমাণিত কৰিলে৷ এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ সাত-ভনী ৰাজ্যই বিত্তীয় পেকেজৰ আশাত কেন্দ্ৰৰ পৰা কোনো বিশেষ নেতা অহালৈ বাট চাবলগীয়া হৈছিল৷ এতিয়া আৰু সেই দিন নাই, উত্তৰ-পূৰ্বাঞ্চল আজি কেন্দ্ৰীয় চৰকাৰৰ সামগ্ৰিক উন্নয়ন পৰিকল্পনাৰ অন্তৰ্ভুক্ত হৈছে৷
গুৰুত্বপূৰ্ণ নেতাসকলে অঞ্চলটো সঘনাই ভ্ৰমণ কৰিবলৈ অহাটো তেওঁলোকৰ নিয়মীয়া কৰ্মসূচীৰ অন্তৰ্গত কৰি লৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত ড্ৰাগছ আৰু ক’লাধনৰ বিৰুদ্ধে যুঁজখনত অধিক সমন্বয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে৷ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণে অঞ্চলটোলৈ উন্নয়নৰ এক সম্ভাৰ লৈ আহে৷ দেশৰ সৰ্বোচ্চ পদটিত অধিষ্ঠিত হোৱাৰ পাছত তেওঁৰ প্ৰথম ভ্ৰমণসমূহৰ ভিতৰত উত্তৰ-পূবে স্থান পোৱাটোৱে নতুন দিল্লীৰ বাবে অঞ্চলটো কিমান গুৰুত্বপূৰ্ণ তাৰ ইংগিত প্ৰদান কৰিছে৷ এয়া পূৰ্বৰ চৰকাৰসমূহে অঞ্চলটোৰ প্ৰতি কৰা অৱহেলাৰ ক্ষতিপূৰণ বুলি ভাবিলে ভুল কৰা হ’ব৷ ইয়াৰ পৰিৱৰ্তে ইয়াক প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মী হিচাপে উল্লেখ কৰা এই অঞ্চলটোক উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিনিয়োগ বুলি অভিহিত কৰিব পাৰি ৷
গৃহ মন্ত্ৰ্যালয়ে এক বিশেষ পদক্ষেপৰ ৰূপত বিশেষকৈ অসমকে ধৰি বিভিন্ন ৰাজ্যৰ মাজত চলি থকা সীমান্ত বিবাদ সমাধানৰ বাবে আলোচনাৰ এক মঞ্চ সাজু কৰি তুলিছে৷ ই কেৱল আত্মবিশ্বাস গঢ়ি তোলাৰ পদক্ষেপ নহয়, ই বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে ৰাজ্যসমূহৰ মাজত অধিক সমন্বয়ো গঢ়ি তুলিব৷ এই পদক্ষেপে বিনিয়োগকাৰীসকলৰ বাবে অঞ্চলটোৰ সম্ভাৱনা অন্বেষণ কৰাৰ পথ প্ৰশস্ত কৰিব৷