৮ জানুৱাৰী ২০২৫ – কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই অসম ভ্ৰমণলৈ আহি কেইবাটাও প্ৰকল্প ৰাইজৰ বাবে উছৰ্গা কৰে। তেখেতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পুথিভঁৰাল আৰু তথ্য বিজ্ঞান কেন্দ্ৰটি উছৰ্গা কৰাৰ লগতে প্ৰতিষ্ঠানটিৰ ‘ব’ৰ্ড অৱ গ’ভৰ্নৰ্ছ’ মিটিঙত অংশগ্ৰহণ কৰে।
“এই অত্যাধুনিক সুবিধাই শিক্ষাৰ্থীসকলক তেওঁলোকৰ শৈক্ষিক বিকাশ আৰু মানসিক স্বাস্থ্যৰ গৱেষণাৰ বাবে প্ৰয়োজনীয় সঁজুলি আৰু সম্পদৰ সৈতে শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব,’’ জে পি নাড্ডাই এক্স’ত প্ৰকাশ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দৰঙৰ মঙলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৫০খন বিছনাযুক্ত এটা অত্যাধুনিক গুৰুত্বপূৰ্ণ ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰে। এই সময়ছোৱাত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ দিলীপ শইকীয়াও উপস্থিত থাকে।
তেখেতে দৰং কেঞ্চাৰ হাস্পতাল পৰিদৰ্শন কৰি ইয়াৰ সুবিধা তথা চিকিৎসা সেৱাসমূহৰ পৰ্যালোচনা কৰে। এই সন্দৰ্ভত দৰং আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ বাসিন্দাই চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে।
ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইমছ, গুৱাহাটী পৰিদৰ্শন কৰে আৰু প্ৰতিষ্ঠানটোৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ভ্ৰমণ সন্দৰ্ভত ফে’চবুকত প্ৰকাশ কৰে, “মাননীয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী জে পি নাড্ডা ডাঙৰীয়াই দৰং জিলাত উপস্থিত হোৱাৰ সময়ত ছিপাঝাৰ এফ আৰ ইউৰ চিকিৎসক-কৰ্মচাৰীসকলৰ সৈতে বিভিন্ন বিষয়ত মত-বিনিময়েৰে বুজ লয়৷ তেখেতে বুজ লোৱা বিষয়সমূহৰ ভিতৰত অন্যতম আছিল–দৈনিক অ’পিডি/আইপিডি পঞ্জীয়ন, চিকিৎসকৰ উপলব্ধতা, এফ আৰ ইউৰ ৰোগী স্থানান্তৰৰ প্ৰক্ৰিয়া, মাহেকত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা ৰোগীৰ সংখ্যাৰ লগতে প্ৰেৰণ কৰা চিকিৎসালয় আদিৰ খতিয়ান, ছিপাঝাৰৰ বিধায়কক ছিপাঝাৰ চি এইচ চিত নতুন আন্তঃগাঁথনিৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশনা আদি।”
কেন্দ্রীয় মন্ত্রীগৰাকীৰ অসম ভ্ৰমণত আন বহু ক্ষেত্রৰ লগতে পথ আন্তঃগাঁথনি আৰু দক্ষতাৰ সৈতে জড়িত প্রকল্প প্রদর্শন কৰা হয়। নির্মীয়মাণ মঙলদৈ বাইপাছ, মঙলদৈৰ অসম দক্ষতা বিশ্ববিদ্যালয় আদি সন্দৰ্ভত তেখেতে দিহা-পৰামৰ্শ আগবঢ়ায়। তদুপৰি জে পি নাড্ডাই আমিনগাঁৱৰ বেডমিণ্টন একাডেমীত উপস্থিত হৈ সুবিধাসমূহৰ বুজ লয় আৰু একাডেমীৰ খেলুৱৈসকলৰ লগত বার্তালাপ কৰি উৎসাহ যোগায়।