অসমৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ বাবে বাঁহনিখনে বিশেষ ভূমিকা পালন কৰিব পাৰে৷ তথ্য অনুসৰি দিল্লীৰ ভয়ানক প্ৰদূষণৰ মাজত কিছুসময় বিশুদ্ধ অক্সিজেন সেৱন কৰাৰ বাবে গুৰগাঁৱত দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচনৰ সহযোগত ৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ১৩,০০০ বৰ্গফুটৰ এক কক্ষ৷
আশ্চৰ্যজনকভাৱে যিকোনো গছৰ ভিতৰত বাঁহগছে প্ৰায় ৩৫% অধিক অক্সিজেন বায়ুমণ্ডলত যোগান ধৰে৷ গতিকে নিশ্চিতভাৱে বাঁহনি ডৰা হ’ব পাৰে পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷
বাঁহনিৰ মাজত ভূত ওলায় বুলি এলাগি কৰা অসমৰ বাঁহনিসমূহৰ মাজত সজা ঘৰ এটিত নিশা কটাবলৈ পৰ্যটকৰ ভিৰ লগাটো নিশ্চিত৷ হয়তো প্ৰতিঘৰ অসমীয়াৰ ঘৰত থকা বাঁহনিখনে অসমৰ ভৱিষ্যৎ সলনি কৰি দিব পাৰে৷