কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয় তথা গ্ৰামীণ বিকাশ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলিত বৰ্ষৰ ৯ জানুৱাৰীত অনুষ্ঠিত এক কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে ৮ জানুৱাৰীত তেখেতে সহধৰ্মিণীৰ সৈতে গুৱাহাটীত উপস্থিত হয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৮ জানুৱাৰীৰ নিশা গুৱাহাটীত অনুষ্ঠিত এক বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰ্যালয় দুটাৰ অধীনস্থ বিভিন্ন আঁচনিৰ ৰূপায়ণৰ স্থিতিৰ খতিয়ান লয়। অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও এই বৈঠকত ভাগ লয়।
বৈঠকত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত ব্যক্ত কৰে, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শন আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে অভূতপূৰ্ব প্ৰগতিৰ সাক্ষী হৈছে। ৰাজ্যখনত কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামীণ বিকাশ মন্ত্ৰ্যালয়ৰ অধীনত সকলো যোজনাৰ সফল ৰূপায়ণ হৈ থকা দেখি মই আনন্দিত হৈছোঁ। ইয়াৰ বাবে ৰাজ্য চৰকাৰ ধন্যবাদৰ পাত্ৰ।”
“কৃষক বন্ধুৰ কল্যাণৰ বাবে কাম কৰি যোৱা, গাঁওসমূহ বিকশিত কৰি তোলাৰ লগতে আত্মনিৰ্ভৰশীল কৰাৰ বাবে আমি নিৰন্তৰভাৱে প্ৰচেষ্টা আগবঢ়াই আহিছোঁ। এই প্ৰচেষ্টা আমি আগলৈও অব্যাহত ৰাখিম,” কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে এনেদৰে উল্লেখ কৰে।

বৈঠকত উপস্থিত থকা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই ফে’চবুকত প্ৰকাশ কৰে, “আমাৰ ৰাজ্যখনত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনস্থ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ ৰূপায়ণৰ শেহতীয়া অগ্ৰগতিৰ স্থিতি, অসম চৰকাৰৰ কৃষি বিভাগৰ সফলতাৰ অগ্ৰগতি আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানকে ধৰি বিভিন্ন বিষয় সাঙুৰি অসম চৰকাৰৰ কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে এক গুৰুত্বপূৰ্ণ প্রতিবেদন মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত দাঙি ধৰে।”
বৈঠক সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, “আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ তথা বিভাগৰ বিভিন্ন সফলতাক মাননীয় মন্ত্ৰী ডাঙৰীয়াই উচ্চ প্ৰশংসা কৰাৰ লগতে তেখেতে আমাক যি মাৰ্গদৰ্শন প্ৰদান কৰিলে তাৰ বাবে মই তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ।”
৯ জানুৱাৰীত অনুষ্ঠিত কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো অংশ লয়। এই কাৰ্যসূচীত ৬৫০ কোটি টকা ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ৫০,০০০ হিতাধিকাৰীৰ গৃহপ্ৰৱেশৰ কেন্দ্ৰীয় অনুষ্ঠান আয়োজন কৰাৰ লগতে কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিৰ অধীনত কৃষি যন্ত্ৰ-পাতি বিতৰণ কৰা হয়। এই উপলক্ষে ধৰিত্ৰী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান (DAJGUA)ৰ অধীনত ৩২.৬৪ কোটি, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান (NFSM)ৰ অধীনত ২৮ কোটি আৰু MOVCD-NER আঁচনিৰ অধীনত ২ কোটি টকাৰ কৃষি যন্ত্ৰ-পাতি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।
তদুপৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ২০গৰাকী মিলিয়নিয়েৰ বাইদেউ (মহালাখপতি বাইদেউ)ক সম্বৰ্ধনা জনোৱাৰ লগতে কামৰূপত উপৰহালি প্ৰিন্সিপাল মাৰ্কেট য়াৰ্ড এএছএএমবি আৰু হোজাইত যমুনামুখ ৱেৰহাউচ ভাৰ্চুৱেলী উদ্বোধন কৰা হয়।

অনুষ্ঠানৰ ভাষণ প্ৰসংগত শিৱৰাজ সিং চৌহানে অসমত ৩.৮৮ লাখ বাসগৃহ নিৰ্মাণৰ বাবে অনুমোদন জনোৱাৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীক অনুমোদন পত্ৰ প্ৰদান কৰাৰ কথাও সদৰী কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দৰিদ্ৰতা দূৰীকৰণত গুৰুত্ব দিয়ে আৰু কোনো যোগ্য ব্যক্তি তথা পৰিয়ালে যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰপৰা বঞ্চিত নহয়, তাৰ বাবে তেখেতে ‘ছেল্ফ-ছাৰ্ভে’ৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি খণ্ডত থকা অপাৰ সম্ভাৱনাৰ কথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণত ব্যক্ত কৰে। তেখেতে কৃষি ক্ষেত্ৰত আধুনিক প্ৰযুক্তি-বিদ্যা, যন্ত্ৰ-পাতি, কৌশলৰ প্ৰয়োগৰ বিষয়ে কয় আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰপৰা পৰ্যাপ্ত সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি শিৱৰাজ সিং চৌহানে সদৰী কৰে। তদুপৰি বন্যপ্ৰাণীৰ দ্বাৰা শস্যভূমি ক্ষতিগ্ৰস্ত হ’লে, তাৰ বাবদ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত তেখেতৰ ভাষণত কয়,“এতিয়ালৈকে আমি অসমত ২০ লাখতকৈও অধিক ঘৰ বিতৰণ কৰিছোঁ আৰু ইয়াৰ সম্প্ৰসাৰণতো আমাৰ প্রয়াস অব্যাহত আছে।” এই কথা সদৰী কৰি তেখেতে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “শীঘ্ৰে আমি আইমাতৃসকলৰ বাবে মহিলা উদ্যমিতা অভিযানৰ আৰ্থিক অনুদান দিয়াৰ পৰিকল্পনা কৰিছোঁ, যিয়ে তেখেতসকলক স্বাৱলম্বিতাৰ দিশত বাট দেখুৱাব৷”
গাঁওসমূহৰ উন্নীতকৰণেৰে দৰিদ্ৰতা হ্ৰাসকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু অতুল বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয় আৰু শিৱৰাজ সিং চৌহান তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়।











