কৃষক তথা সাধাৰণ লোকৰ মাজত বিদেশী আৰু স্থানীয় বিভিন্ন ফলৰ খেতিৰ বিষয়ে সজাগতা বৃদ্ধি হোৱাটো আনন্দৰ কথা৷ লগতে, বিশ্ব বেংকৰ দৰে বিত্তীয় প্ৰতিষ্ঠানসমূহে অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ (APART) দৰে প্ৰকল্পৰ জৰিয়তে এই পদক্ষেপসমূহত সহযোগ আগবঢ়োৱাটো নিশ্চয় প্ৰশংসনীয়৷ অৱশ্যে, এই ক্ষেত্ৰত কৃষক কল্যাণ আঁচনিসমূহো উল্লেখযোগ্য৷
আনকি অসম চৰকাৰৰ কৃষি বিভাগো এই ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হৈ পৰিছে৷ শেহতীয়াকৈ বোকাখাতত চৰকাৰ আৰু স্থানীয় ব্যৱসায়িক গোট ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্মাৰ প্ৰডিউচাৰ্ছ কোম্পানী প্ৰাইভেট লিমিটেডৰ সহযোগত অনুষ্ঠিত ‘কৃষকৰ সৈতে এদিন (A Day Out with Farmers)’ৰ দৰে কাৰ্যসূচী ৰাজ্যৰ আন প্ৰান্তত সঘনাই আয়োজন কৰা হৈছে৷
এয়া সৰ্বজনবিদিত সত্য যে জনসাধাৰনৰ বাবে পৰ্যাপ্ত খাদ্য উৎপাদনৰ ক্ষেত্ৰত কৃষকসকল হৈছে একো একোজন নেপথ্য নায়ক৷ লগতে, এয়াও পাহৰি যাব নালাগে যে এখন সমাজৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশৰ বাবে কৃষিক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণো গুৰুত্বপূৰ্ণ৷
অৱশ্যে, যিসকলে কৃষিক কেৰিয়াৰৰ এক বিকল্প হিচাপে আঁকোৱালি লৈছে তেওঁলোকে প্ৰকৃতিনিৰ্ভৰশীল কৃষিৰপৰা আঁতৰি নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাটো প্ৰয়োজন, যাতে অপ্ৰত্যাশিত প্ৰাকৃতিক পৰিঘটনাৰপৰা হোৱা ক্ষতি হ্ৰাস কৰি আত্মনিৰ্ভৰশীল হ’ব পাৰে৷