• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Monday, January 30, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

কৃষকৰ মুখত বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি

AB Bureau by AB Bureau
June 2, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
5
0
কৃষকৰ মুখত বিৰিঙিছে প্ৰাপ্তিৰ হাঁহি

ধানখেতি কৰা কৃষকসকলৰ জীৱনলৈ সোণালী দিনৰ সূচনা হোৱাটো যেন এক অলীক সপোনহে আছিল৷ যোৱা ৮ জানুৱাৰীত, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় খাদ্য নিগম(FCI)কে আদি কৰি ছটা ক্ৰয় সংস্থাক প্ৰতি কুইণ্টলত ১,৯৪০ টকাৰ ন্যুনতম সমৰ্থন মূল্যত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ আহ্বান জনায়৷ কৃষকসকলৰ সোণালী দিনৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এই আহ্বানে কঢ়িয়াই আনিলে এক আশাৰ বতৰা৷
ইয়াৰ পূৰ্বে, কৃষকসকলৰ পৰা ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়াটোত জড়িত মধ্যভোগীৰ বাবে তেওঁলোক প্ৰাপ্য মূল্যৰপৰা বঞ্চিত হ’বলগীয়া হৈছিল৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ উদ্দেশ্য হৈছে মধ্যভোগী ৰাজত্বৰ অৱসান ঘটাই কৃষকসকলক আৰ্থিক সকাহ প্ৰদান কৰাৰ লগতে কৃষিখণ্ডক লাভজনক কৰি তোলা৷

অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰপৰা প্ৰায় ৭০ কিল’মিটাৰ পূবে অৱস্থিত মৰিগাঁও জিলাৰ জাগীভকতগাঁও ৰাজ্যৰ ধান উৎপাদনৰ অন্যতম প্ৰাণকেন্দ্ৰ৷ জাগীভকতগাঁৱৰ ধান ক্ৰয় কেন্দ্ৰ(PPC)টো এতিয়া মুখৰিত হৈ থাকে কৃষকসকলৰ আনন্দৰ কিৰিলিৰে৷ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধীনস্থ মৰিগাঁও জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সম্পাদক ধৰণীধৰ দাসে উৎসাহিত কণ্ঠৰে অসম বাৰ্তাক জনায় “আমাৰ পিপিচিত আনকি মহিলা কৃষকেও নাম পঞ্জীয়ন কৰিছে, ইয়াতকৈ ভাল খবৰ আৰু কি হ’ব পাৰে৷”

“পিপিচিত মই প্ৰথমবাৰৰ বাবে নাম পঞ্জীয়ন কৰিছোঁ৷ মোৰ সৈতে আন পাঁচগৰাকী মহিলাই এই পিপিচিত শস্য বিক্ৰী কৰে৷ এইবাৰ চৰকাৰে এমএচপি প্ৰতি কুইণ্টলত ১,৯৪০ টকা নিৰ্ধাৰণ কৰিছে৷ আগতে মই বজাৰত ইয়াতকৈ বহুত কম দামত ধান বিক্ৰী কৰিছিলোঁ৷ এইবাৰ মই প্ৰায় ৭৫,০০০ টকা বেছি উপাৰ্জন কৰিছোঁ”, বন্ধাই গাঁৱৰ প্ৰেমদা দেউৰীয়ে কয়৷

বৰভেটি গাঁৱৰ ৰমণী হাজৰিকাই একেটা পিপিচিত ৯০ কুইণ্টল ধান বিক্ৰী কৰে৷ তেওঁৰ বাবেও এয়া পিপিচিত ধান বিক্ৰী কৰাৰ প্ৰথম অভিজ্ঞতা৷

“মই গাঁও পঞ্চায়তৰ এগৰাকী সদস্যৰ পৰা এই খবৰটো পালোঁ৷ যোৱা জানুৱাৰী মাহত জাগীভকতগাঁও অঞ্চলত এখন সজাগতা সভাও অনুষ্ঠিত হৈছিল৷ এতিয়া আমি অত্যন্ত সুখী”, হাজৰিকাই কয়৷

কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ নিজ মদাৰতলা গাঁৱৰ বিনন্দ ৰাজবংশীয়ে পূৰ্বতে পোৱা বজাৰ মূল্যতকৈ প্ৰায় ২০% অধিক এমএচপিত ভাৰতীয় খাদ্য নিগমক ধান বিক্ৰী কৰে৷ কামৰূপ জিলাৰ মুক্তাপুৰ অঞ্চলৰ সুতাৰগাঁৱৰ এগৰাকী খেতিয়ক সুশীল দাসে যোৱা ফেব্ৰুৱাৰী মাহত ভাৰতীয় খাদ্য নিগমৰ ৰঙিয়া উপকেন্দ্ৰত ৫০ কুইণ্টল ধান বিক্ৰী কৰে৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত যোৱা জানুৱাৰী মাহত জিলা প্ৰশাসনসমূহে গ্ৰামাঞ্চলত ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় সম্পৰ্কে ৰাজ্যজুৰি ব্যাপক প্ৰচাৰ অভিযান চলায়৷ ফলত, অসমৰ পিপিচিসমূহত কৃষকৰ সঁহাৰি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷

দৰং জিলাতো কৃষকসকলৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা গৈছে৷ “এতিয়ালৈকে মই মঙলদৈৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ পিপিচিত ১৩৮ কুইণ্টল ধান বিক্ৰী কৰিছোঁ৷ যোৱা বছৰ বজাৰত মই ধান বিক্ৰী কৰি প্ৰতি কুইণ্টলত ৭১০ টকাকৈহে পাইছিলোঁ”, মঙলদৈৰ কলগিৰি গাঁৱৰ বাসিন্দা নয়ন কলিতাই কয়৷

মঙলদৈৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ পিপিচিৰ প্ৰবন্ধক বিপুল শইকীয়াই কয়, “এই কৃষকসকলে যেতিয়া উচিত মূল্য লাভ কৰিব তেতিয়া কৃষকৰ অংশগ্ৰহণ আৰু বৃদ্ধি পাব৷”

এম এচ পিত ধান ক্ৰয় কৰাৰ এই প্ৰক্ৰিয়াই ধানখেতিৰ পৰা মন উঠি যোৱা মঙলদৈৰ গেলাইডিঙি গাঁৱৰ বাসিন্দা হিৰণ্য কাকতিৰ দৰে কৃষকসকলৰ মন সলনি কৰিবলৈ সক্ষম হৈছে৷

“আমাৰ পৰিয়ালটোৱে বহু বছৰ ধৰি ধানখেতি কৰি আহিছে৷ মধ্যভোগীৰ কাৰণে লোকচানৰ সন্মুখীন হৈ মই ধানখেতি কৰা বাদ দিম বুলি ভাবিছিলো৷ এতিয়া মই মন সলনি কৰিছোঁ আৰু ধানখেতিৰ পৰিমাণ অলপ বঢ়াবলৈ চিন্তা কৰিছোঁ৷ মঙলদৈৰ পিপিচিত মই এইবাৰ ৭৫ কুইণ্টল ৰঞ্জিত ধান এম এচ পিত বিক্ৰী কৰিছোঁ”, তেওঁ কয়৷

ShareTweetShare

Related Posts

অৰুণোদয় ২.০ৰ শুভাৰম্ভণি
বিশেষ বাৰ্তা

অৰুণোদয় ২.০ৰ শুভাৰম্ভণি

January 1, 2023
2.5k
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মহাসংগ্ৰাম
দৃষ্টিভংগী

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মহাসংগ্ৰাম

January 1, 2023
2.4k
Fresh Take-off
সম্পাদকীয়

উন্নয়ন অবিৰত

January 1, 2023
3.2k
It takes two to tango
উদ্যমিতা

আত্মবিশ্বাসেৰে আত্মনিৰ্ভৰশীল যাত্ৰা

January 1, 2023
3.2k
বিধায়কৰ সপোনৰ দাপোণত উন্নয়নৰ প্ৰতিবিম্ব
বিধায়কৰ বাৰ্তা

বিধায়কৰ সপোনৰ দাপোণত উন্নয়নৰ প্ৰতিবিম্ব

January 1, 2023
2.5k
প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 
অনিৰুদ্ধ অসম

প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 

January 1, 2023
2.1k
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In