গুৱাহাটীৰ মানৱেন্দ্ৰ ভট্ট আৰু নগাঁৱৰ কল্পনা শইকীয়া, দুয়োগৰাকীয়ে অসম চৰকাৰৰ দুটা পৃথক বিভাগত জ্যেষ্ঠ সহকাৰী পদৰ কৰ্মচাৰী আছিল আৰু নিজৰ কৰ্মজীৱনত ৰাইজৰ সেৱা আগবঢ়াই গৈছিল৷ মানৱেন্দ্ৰ ভট্টই ২০০৮ চনৰ ৩১ ডিচেম্বৰত সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা অৱসৰ লয় আৰু কল্পনা শইকীয়াই কৰৈয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে ২০২২ চনৰ ৩০ জুনত৷
পেঞ্চন পাবলৈ মানৱেন্দ্ৰ ভট্টই অপেক্ষা কৰিবলগীয়া হৈছিল প্ৰায় ৫ বছৰ৷ সেই দিনকেইটাৰ কথা সুঁৱৰি ভট্টই কয়, “মই ইটো অফিচৰ পৰা সিটো অফিচলৈ তাঁতবাতি কাঢ়িবলগীয়া হৈছিল৷ সেই মুহূৰ্তত এনে অনুভৱ হৈছিল যে ইমান বছৰ সেৱা কৰাৰ পাছত আজি প্ৰাপ্য পেঞ্চনটোৰ বাবেও ভুগিবলগীয়া হৈছে৷ অশেষ কষ্টৰ পাছত ২০১৪ চনৰ জানুৱাৰীৰ পৰাহে মই পেঞ্চনটো পাবলৈ আৰম্ভ কৰোঁ৷ সেই পাঁচটা বছৰ কিমান কষ্টৰে চলিবলগীয়া হৈছিল, মনত পৰিলে আজিও ভয় লাগি যায়৷”
পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ প্ৰধান সচিব অৰ্চনা ভাৰ্মাই অনুভৱ কৰে যে এতিয়া আৰু সেই দিন নাই৷ তেওঁ কয়, “অসম চৰকাৰৰ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগে ২০২০ চনৰ ১ অক্টোবৰত আৰম্ভ কৰা কৃতজ্ঞতা প’ৰ্টেলে পেঞ্চন আৱেদন দাখিল আৰু ট্ৰেকিঙৰ সুবিধা কৰি দিছে৷ এই প্ৰক্ৰিয়াক আৰু অধিক মসৃণ কৰি শেহতীয়াকৈ যোৱা জুলাইত অসমত মুঠ ২৭খন জিলাত মুকলি কৰা হয় পেঞ্চন সেৱা কেন্দ্ৰ৷”
যোৱা ২৯ জুলাইত কামৰূপ মহানগৰ জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত এটা পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয়, “পেঞ্চনাৰসকলৰ লগত আমি যদি এতিয়া ন্যায় প্ৰদান কৰোঁ, তেতিয়া আমিও পেঞ্চন পোৱাৰ দিনাখন ন্যায় পাম৷ জীৱনত অধিক সেৱাৰ মনোভাবেৰে কৰ্ম কৰা চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ বাবে আজি ২৭খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হয়৷ গুৱাহাটীস্থিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এমট্ৰনৰ দ্বাৰা স্থাপিত কামৰূপ (মেট্ৰ’)জিলাৰ পেঞ্চন সেৱা কেন্দ্ৰটি মই উদ্বোধন কৰি আহ্লাদিত হৈছোঁ৷ এমট্ৰনে অনলাইন কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে পেঞ্চন সম্পৰ্কীয় বিষয় সন্নিৱিষ্ট আৱেদন দাখিল কৰাৰ লগতে ছাৰ্ভিচ বুক স্কেন/আপলোড কৰাৰ সুবিধাৰ বাবে পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন কৰিছে৷ পেঞ্চনাৰসকলে নিজৰ নিজৰ জিলাত এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা অধিক সৰলীকৃত হ’ব৷”
কৃতজ্ঞতা প’ৰ্টেলৰ পৰিচালনাৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ প্ৰায়োগিক সঞ্চালক মানৱেন্দ্ৰ গোস্বামীয়ে প’ৰ্টেলটোৰ সম্পৰ্কে কয়, “আৰম্ভণিতে কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে কেৱল শিক্ষকসকলৰ পেঞ্চন প্ৰদান কৰাৰ ব্যৱস্থাহে আছিল৷ ২০২১ চনৰ জুনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমি অসম চৰকাৰৰ অন্যান্য বিভাগসমূহকো এই প’ৰ্টেলৰ আওতালৈ আনিবলৈ কাম আৰম্ভ কৰোঁ৷ বৰ্তমান শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, অসম আৰক্ষী, পাৰ্বত্য অঞ্চল আদি বহুতো বিভাগৰ লগতে সাধাৰণ প্ৰশাসনীয় বিভাগকো এই প’ৰ্টেলে স্পৰ্শ কৰিছে৷ এই বছৰৰ ভিতৰত হয়তো আমি সকলো চৰকাৰী কৰ্মচাৰীক এই সেৱা আগবঢ়াবলৈ সক্ষম হ’ম৷” তেওঁ অসম বাৰ্তাক কয়, “সদ্যহতে আমি বিভাগ অন্তৰ্ভুক্তি আৰু পেঞ্চন সেৱা কেন্দ্ৰত প্ৰশিক্ষণৰ কাম কৰি থকাৰ লগতে, এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বাবে এটা ম’বাইল এপৰ ব্যৱস্থা কৰিবলৈও গৈ আছোঁ৷”
কৃতজ্ঞতা প’ৰ্টেলৰ তথ্য অনুসৰি কল্পনা শইকীয়া, ৰবীন বড়া, ভাগ্যৱান দলেৰ দৰেই এতিয়ালৈকে মুঠ ৫৫ টা বিভাগৰ ৫,৬৫৪গৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে এই প’ৰ্টেলৰ জৰিয়তে পিপিঅ’ লাভ কৰিছে৷
ধেমাজি জিলাৰ শিক্ষা বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা বিদ্যালয় পৰিদৰ্শক কবিতা ডেকাই অসম বাৰ্তাক কয়, “কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে মাত্ৰ জিলা কাৰ্যালয়লৈ আহি এটা চহী কৰাৰ পাছতেই পেঞ্চন পোৱা কথাষাৰে ধেমাজিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আনন্দিত কৰিছে৷ এতিয়া পেঞ্চন সেৱা কেন্দ্ৰটোৱে এইক্ষেত্ৰত অধিক মসৃণতা আনিব, যিহেতু পেঞ্চন সেৱা লাভ কৰাৰ ক্ষেত্ৰত এতিয়া আমাৰ কৰ্মচাৰীৰ এটা নিৰ্দিষ্ট গোট থাকিব, যি কেৱল এই সেৱা সংক্ৰান্তীয় কামবোৰত মনোনিৱেশ কৰিব৷”
নগাঁৱৰ বিদ্যালয় পৰিদৰ্শক মৃদুল কুমাৰ নাথে কয়, “পেঞ্চন সেৱা কেন্দ্ৰটোৱে পেঞ্চন প্ৰদানৰ কাম অধিক সৰলীকৃত কৰিব৷ নগাঁও জিলাত কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে মুঠ ২৯৫গৰাকীয়ে আৱেদন কৰিছে, তাৰে ২৩৫গৰাকী ব্যক্তিয়ে পিপিঅ’ লাভ কৰিছে৷ ইয়াৰে ১৭গৰাকীয়ে অৱসৰৰ আগতেই পিপিঅ’ লাভ কৰিছে৷”
কল্পনা শইকীয়াই কয়, “অৱসৰৰ পাছত পেঞ্চনৰ বাবে বহুদিন অপেক্ষা কৰিব লাগে বুলিহে শুনিছিলোঁ৷ মই আকৌ অৱসৰৰ আগতেই অৰ্থাৎ যোৱা ২৮ মে’ত পেঞ্চন পেমেণ্ট অৰ্ডাৰখন হাতত পাওঁ৷ মই দৌৰি ফুৰিবলগীয়া নহ’ল, মাত্ৰ কাগজ-পত্ৰসমূহ জমা দি স্বাক্ষৰ কৰিলোঁ৷”
ধেমাজিৰ ৰেলেহা চাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন সহকাৰী শিক্ষক ভাগ্যৱান দলেই অসম বাৰ্তাক কয়, “মই যোৱা ৩১ মাৰ্চত অৱসৰ লওঁ, পেঞ্চনৰ বাবে মই মাত্ৰ দুদিন জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ যাবলগীয়া হয়৷ প্ৰথম দিনা কি কি কাগজ-পত্ৰ লাগিব খবৰ কৰি দ্বিতীয় দিনা সকলোখিনি প’ৰ্টেলত আপল’ড কৰি দিয়ে৷ যোৱা জুলাই মাহৰ পৰা মই পেঞ্চন পাই আছোঁ৷ ইমান সহজতে কামবোৰ হৈ যাব, ভবাই নাছিলোঁ৷”