এটি কণমানি কিন্তু বিশেষ খোজ, যি আজি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ বিদ্যাঞ্জলি আঁচনিৰ অধীনত অসমে শীৰ্ষ স্থান লাভেৰে গৌৰৱ অৰ্জন কৰিছে৷ শিক্ষানুষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা সমাজকৰ্মীসকলৰ স্বেচ্ছামূলক অৱদানেৰে দেশৰ শিক্ষা ব্যৱস্থাৰ মান আৰু আন্তঃগাঁথনিৰ মান উন্নত কৰাৰ বাবে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷
শিক্ষানুষ্ঠানলৈ প্ৰয়োজনীয় সামগ্ৰী দান কৰাৰ ক্ষেত্ৰত আৰু বিদ্যাঞ্জলি প’ৰ্টেলত পঞ্জীয়নৰ ক্ষেত্ৰত ৰাজ্যখনে এই বিশেষ স্থান লাভ কৰিছে৷ আমি যদি পৰিসংখ্যালৈ মন কৰোঁ তেন্তে এয়া যথেষ্ট সন্তোষজনক যে অসমত এতিয়ালৈকে ৩০,৮৬৬গৰাকী ব্যক্তিয়ে তেওঁলোকে শিক্ষাগ্ৰহণ কৰি অহা বা নিজৰ পছন্দৰ অন্য শিক্ষানুষ্ঠান আৰু প্ৰতিষ্ঠানটিক সামৰ্থ্য অনুযায়ী প্ৰতিদান আগবঢ়াবলৈ স্বেচ্ছামূলকভাৱে নিজৰ নাম পঞ্জীয়ন কৰিছে৷
এই পৰ্যন্ত ২৭,০২২খন চিলিং ফেন আৰু শতাধিক আচবাব দান কৰা বিষয়টোতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয় কথা হ’ল প্ৰতিদান আগবঢ়াবলৈ প্ৰয়োজনীয় এই মানসিকতা৷ হয়, ৰাজ্যখনৰ নাগৰিকসকলক লৈ আমি সকলোৱে গৌৰৱ কৰিব পাৰোঁ৷ এটা কথা মনত ৰখাটো উচিত যে অসমৰ প্ৰায় ৯৫% বিদ্যালয় স্থাপন কৰিছে একো একোটা অঞ্চলৰ স্থানীয় ৰাইজে৷ প্ৰাদেশিকীকৰণ হোৱাৰ পাছতহে এই বিদ্যালয়সমূহক চৰকাৰে পৰিচালনা কৰে৷ সেয়েহে, নিজৰ বিদ্যালয়খনক লৈ অতি কম বয়সতে আমাৰ এটা আৱেগ জড়িত হৈ পৰে৷ ইয়াত শিক্ষক হিচাপে যোগদান কৰাসকলে সংস্থাপন বিচৰাৰ পৰিৱৰ্তে সমাজৰ হকে কিবা এটা কৰাৰ মানসিকতাৰেহে আগবাঢ়ি আহে৷
এই সংবাদ পত্ৰিকাখনৰ এক বিশেষ প্ৰতিৱেদনত নিজৰ পছন্দৰ একোটা প্ৰতিষ্ঠানক সাৰ্মথ্য অনুযায়ী কিবা এটা প্ৰতিদান দিবলৈ আগবাঢ়ি অহা এনে সমাজ সচেতন ব্যক্তি, প্ৰাক্তন শিক্ষাৰ্থী আৰু গাঁও সমূহৰ সন্দৰ্ভত আমি আলোকপাত কৰিছোঁ৷ তেওঁলোকৰ সন্তান সেই শিক্ষানুষ্ঠানত পঢ়ক বা নপঢ়ক, তেওঁলোক এতিয়া সেই অঞ্চলৰ বাসিন্দা হওক বা নহওক, তেওঁলোকৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে পঢ়ি অহা শিক্ষানুষ্ঠানখনৰ প্ৰতি সকলোৱে কিমান কৃতজ্ঞ৷ বিদ্যাঞ্জলিয়ে শিক্ষকসকলকো ছাত্ৰৰ প্ৰতি থকা তেওঁলোকৰ কৰ্তব্যৰ বিষয়ে মনত পেলাই দিছে৷ লগতে, আঁচনিখনে ৰাজ্যখনৰ বিশেষকৈ গ্ৰামাঞ্চলত শিক্ষাৰ সামগ্ৰিক ছবিখন উন্নত কৰিবলৈ চৰকাৰখনৰ দায়িত্বৰ বিষয়েই সোঁৱৰাই দিবলৈ সক্ষম হৈছে৷