যোৱা ১৭ জানুৱাৰীত কাৰ্বি যুৱ মহোৎসৱত ভাৰ্চুৱেলী ৰাইজক সম্বোধন কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় এই মহোৎসৱে কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে উৎসাহিত কৰাৰ লগতে আন জনজাতিৰ সৈতে মিলা-প্ৰীতিৰে তেওঁলোকৰ বিশ্বাস-পৰম্পৰাক উদযাপন কৰাৰ ক্ষেত্ৰটো ইন্ধন যোগাইছে। তেখেতে লগতে কয় যে অতীতৰ বেদনাদায়ক সোঁৱৰণীসমূহ পাহৰাই এই মহোৎসৱে বিকাশ আৰু প্ৰগতিৰ পথত ন উদ্যম আৰু উৎসাহেৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে।
কাৰ্বি আংলঙৰ সদৰ ডিফুৰ তাৰালাংছ’ত অনুষ্ঠিত উক্ত কাৰ্যসূচীত প্ৰতিকূল বতৰৰ বাবে দ্ৰৌপদী মুৰ্মুৱে উপস্থিত থাকিব নোৱাৰিলে।
তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে যে ১৯৭৪ চনত আৰম্ভ হোৱা এই মহোৎসৱ প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে। তেখেতে লগতে কয় যে এই মহোৎসৱে এতিয়া কেৱল অসমতেই নহয়, সমগ্ৰ দেশৰ সাংস্কৃতিক জগতখনৰ বাবেই অনন্য আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। কাৰ্বি সমাজে নিজৰ কলা-সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা নিৰন্তৰ প্ৰচেষ্টাৰো তেখেতে শলাগ লয়।
তাৰালাংছ’ৰ এই কাৰ্বি যুৱ মহোৎসৱ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হোৱা এক সৰ্ববৃহৎ অনুষ্ঠান বুলি দ্ৰৌপদী মুৰ্মুৱে জানিবলৈ পাই আনন্দ প্ৰকাশ কৰে। তেখেতে কয়,”মোৰ দৃষ্টিত কাৰ্বি যুৱ মহোৎসৱ ভাৰতৰ সোণালী যুগৰ অন্যতম এক আকৰ্ষণীয় মহোৎসৱ।”
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “এই মহোৎসৱবোৰৰ জৰিয়তে অঞ্চল বিশেষে ৰাইজৰ অন্তৰ্নিহিত প্ৰতিভা বিশেষকৈ যুৱপ্ৰজন্মই নিজৰ কলাসন্মত অভিব্যক্তি প্ৰকাশৰ বাবে এক উৎকৃষ্ট মঞ্চ লাভ কৰিছে।”
এই মহোৎসৱত আয়োজিত বিভিন্ন প্ৰতিযোগিতা আৰু কাৰ্যসূচীত প্ৰায় ৫,০০০ যুৱ প্ৰতিভাই অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰতিভাসমূহৰ প্ৰশংসা কৰে। তেখেতে লগতে কয় যে মহোৎসৱত উপস্থিত থকা ল’ৰা-ছোৱালীৰ উপৰি কাষৰীয়া অঞ্চলৰ যুৱক-যুৱতীসকলে তেওঁলোকৰ প্ৰতিভা আৰু প্ৰচেষ্টাৰ জৰিয়তে অসম, উত্তৰ-পূৰ্বাঞ্চল আৰু সমগ্ৰ দেশৰ প্ৰগতিৰ দিশত অমূল্য অৱদান আগবঢ়াব।
“জনজাতীয় পৰিচয় আৰু ঐতিহ্যৰ গুৰুত্বৰ বিষয়ে মই মোৰ নিজৰ জীৱনৰপৰাই অনুভৱ কৰিছোঁ। এনে মহোৎসৱবোৰে জনজাতীয় বৈচিত্ৰ্যসমূহ প্ৰদৰ্শন কৰাৰ লগতে ইয়াক শক্তিশালী কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াত উপস্থিত থকা বিভিন্ন জনগোষ্ঠীৰ পুত্ৰ-কন্যাক অভিনন্দন জনোৱাৰ লগতে আশীৰ্বাদ দিছোঁ। মই বিশ্বাস কৰোঁ যে যদি যুৱপ্ৰজন্ম সঠিক দিশত সঠিক চিন্তা-চৰ্চাৰে আগবাঢ়ে, তেতিয়া দেশৰ প্ৰগতিও দ্ৰুতগতিত হ’ব,” দ্ৰৌপদী মুৰ্মুৱে কয়।
ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দ প্ৰকাশ কৰি কয় যে ইয়াৰ যুৱক-যুৱতীসকলে শান্তিপূৰ্ণভাৱে দেশৰ বিকাশ আৰু প্ৰগতিৰ দিশত নিজৰ অৱদান আগবঢ়াবলৈ তৎপৰ আৰু সক্ৰিয়ভাৱে অংশ লয়।
তাৰালাংছ’ সাংস্কৃতিক ক্ষেত্ৰত দিব্য গুৰু ৰাংচিনা ছাৰপৌ, কাৰ্বি লোকসংগীতজ্ঞ থং নকবে আৰু কাজিৰ ৰংহাংপিৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শলাগ লয়। তেখেতে কয়,”এইসকল প্ৰসিদ্ধ ব্যক্তিক উচিত মৰ্যাদা আৰু সন্মান প্ৰদানেৰে আপোনালোকে নিজৰ পৰম্পৰা-ঐতিহ্যক সংৰক্ষণ কৰাৰ লগতে প্ৰচাৰৰ দিশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”