কাৰ্বি পাৰ্বত্য অঞ্চলৰ সামগ্ৰিক বিকাশ আৰু প্ৰগতিৰ দিশত এক নতুন যুগৰ সূচনা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ডিফুত আয়োজিত এক অনুষ্ঠানত লোক নিৰ্মাণ (পিডব্লিউডি), জনস্বাস্থ্য কাৰিকৰী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত প্ৰায় ৪৬টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত বৰ্ষত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেওঁ দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ লক্ষ্যৰে এই প্ৰকল্পসমূহৰ কাম হাতত লোৱা হৈছে৷
এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৯২২.৯২ কোটি টকা ব্যয়েৰে অসম মালাৰ অধীনত হামৰেনক হাওৰাঘাটৰ সৈতে সংযোগ কৰা ৭৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ উন্নীতকৰণ আৰু তত্বাৱধানকে ধৰি বহুকেইটা পথনিৰ্মাণ প্ৰকল্প, ২৬.০৮ কোটি টকা ব্যয়সাপেক্ষে এটা নতুন উপায়ুক্ত কাৰ্যালয় ভৱন নিৰ্মাণ, গ্ৰামীণ আন্তঃগাঁথনি উন্নয়ন পুঁজি (আৰআইডিএফ)ৰ অধীনত ২৩ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰংজাংপং-আমতেৰেং পথৰ উন্নয়ন আৰু সম্প্ৰসাৰণ, পশ্চিম কাৰ্বি আংলঙৰ খেৰণি-ৰংপাংপং ৩৬ কিল’মিটাৰ দীঘল পথটোৰ উন্নীতকৰণ আদি৷ এই প্ৰকল্পসমূহে কাৰ্বি আংলংবাসীৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৩১০ কোটি টকা ব্যয়ৰে ১২৪টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আৰু জল জীৱন মিছনৰ বাবে ৮৯৫ কোটি টকা আবণ্টন কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পসমূহে পাৰ্বত্য অঞ্চলটোত বসবাস কৰা ৰাইজৰ কল্যাণৰ হকে বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছাকে প্ৰমাণিত কৰিছে৷ আগন্তুক দিনত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে প্ৰতিমাহে ১,৪০০ টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
চৰকাৰে হাতত লোৱা আয়ুষ্মান ভাৰতৰ দৰে সামাজিক আঁচনিসমূহৰ সুবিধা উপভোগ কৰিবলৈও তেওঁ সমবেত ৰাইজক আহ্বান জনায়৷
শেহতীয়াকৈ অঞ্চলটোত হোৱা অভূতপূৰ্ব উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ভূমিকা আৰু প্ৰচেষ্টাৰ প্ৰশংসা কৰে৷