অসম কাৰাগাৰ মুখ্যালয়ে কাৰ্যকৰী কৰা কেইবাটাও উন্নয়নমূলক পদক্ষেপক লৈ সন্তুষ্টি প্ৰকাশ কৰি এখন সংসদীয় সমিতিয়ে গৃহ মন্ত্ৰ্যালয়ক দেশৰ আন আন ৰাজ্যৰ কাৰাগাৰসমূহত একে ধৰণৰ আৰ্হি ৰূপায়ণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।
সংসদীয় সমিতিখনৰ এক শেহতীয়া প্ৰতিৱেদনত উল্লেখ কৰা হৈছে যে এনে পদক্ষেপে কাৰাগাৰসমূহক শাস্তি প্ৰদানকাৰী প্ৰতিষ্ঠানৰ বিপৰীতে সংস্কাৰমুখী আৰু পুনৰ্সংস্থাপনকৰ্তা হিচাপে গঢ়ি তুলিব।
তাৎপৰ্যপূৰ্ণভাৱে, সৃজনৰ উদ্যোগৰ অধীনত, অসম কাৰাগাৰ মুখ্যালয়ে মুক্তিৰ পাছত সংস্থাপন আৰু জীৱিকাৰ বাবে আৰ্থিক সাহায্য আৰু প্ৰশিক্ষণ প্ৰদান কৰি কাৰাগাৰসমূহক বন্দীসকলৰ সংশোধনী গৃহলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।
অসম তথা অন্যান্য ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলে শেহতীয়াকৈ কাৰাগাৰৰ সংস্কাৰ সম্পৰ্কত গৃহ পৰিক্ৰমা সংসদীয় সমিতিৰ সৈতে বাৰ্তালাপ কৰে।
সমিতিখনে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি পৰামৰ্শ আগবঢ়ায় যে কাৰাগাৰৰ সংস্কাৰ আৰু বন্দীসকলৰ পুনৰ্সংস্থাপন আদি পৰিৱৰ্তনসমূহ সাধন কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে।
ৰাজ্যসভাৰ সাংসদ ব্ৰিজলালৰ অধ্যক্ষতাত এই সমিতিখনে শেহতীয়াকৈ সংসদত উত্থাপন কৰা প্ৰতিৱেদনত উল্লেখ কৰে যে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে যোগাযোগৰপৰা কাৰাগাৰৰ বন্দীসকল অনিৰ্দিষ্ট কালৰ বাবে বঞ্চিত হৈ থাকে।
“এনে ধৰণৰ পৃথকীকৰণে তেওঁলোকক অকলশৰীয়া তথা একাকীত্বৰ অনুভৱৰ মাজলৈ লৈ যায়। এয়া তেওঁলোকৰ কাৰণে চাপৰ কাৰণ হ’ব পাৰে ,” সমিতিখনে উল্লেখ কৰে।
এই সমস্যাটো সমাধান কৰাৰ দিশত সমিতিয়ে কাৰাগাৰসমূহত অসমৰ ‘আশীৰ্বাদ অনুষ্ঠান’ৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে এই অনুষ্ঠানত দোষীৰ সন্তানে দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে আশীৰ্বাদ ল’বলৈ বন্দীসকলক লগ কৰাৰ সুযোগ লাভ কৰে। দিল্লীৰ ‘স্পৰ্শ’ৰ অধীনত কোনো পৰিয়াল নথকা বন্দীসকলক আৰ্থিক সাহায্য প্ৰদান লগতে তামিলনাডুৰ ‘স্পৰ্শ আৰু অনুভৱ’ৰ অধীনত বন্দীসকলক তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক লগ কৰিবলৈ আৰু স্পৰ্শ কৰিবলৈ অনুমতি দিয়া হয়। এনে পদক্ষেপে বন্দীসকলক একাকীত্ব আৰু চাপৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম কৰি তুলিব পাৰে।
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত অসমৰ কাৰাগাৰৰ উপ-মহাপৰিদৰ্শক দিলীপ শইকীয়াই কয় যে অসম কাৰাগাৰ মুখ্যালয়ে অনাগত দিনত এনে ধৰণৰ অধিক ইতিবাচক পদক্ষেপ ৰূপায়ণ কৰাৰ চেষ্টা কৰি যাব।
“আমি প্ৰতিদিনে কাৰাগাৰসমূহক শাস্তি প্ৰদান কৰা প্ৰতিষ্ঠানৰপৰা সংস্কাৰমুখী আৰু পুনৰ্সংস্থাপনকৰ্তা প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰি আহিছোঁ,” শইকীয়াই কয়।
সংসদীয় সমিতিখনে অসম কাৰাগাৰ মুখ্যালয়ৰ ৰূপায়ণ কৰিবলগীয়া ‘জ্ঞান সঁফুৰা’ পদক্ষেপৰ প্ৰশংসা কৰে। এই প্ৰচেষ্টাৰ অধীনত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ মহিলা বন্দীসকলৰ বাবে এটা পৃথক পুথিভঁৰালৰ ব্যৱস্থা কৰা হ’ব। তাৎপৰ্যপূৰ্ণভাৱে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এখন সংগীত বিদ্যালয়ৰো আৰম্ভ কৰা হৈছে।
সমিতিখনে কাৰাগাৰৰ কিছুমান প্ৰত্যাহ্বানৰ বিষয়ে আলোকপাত কৰি প্ৰতিৱেদনত উল্লেখ কৰে, “পৰিয়ালৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰাৰ সুবিধা, প্ৰতিৰক্ষা পৰামৰ্শ আদি তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি প্ৰদান কৰিব লাগিব। কাৰাগাৰৰ বন্দীসকল বিভিন্ন ক্ষেত্ৰৰ হয় যদিও তেওঁলোকে কাৰাগাৰত উপলভ্য হোৱা বৃত্তিমূলক পাঠ্যক্ৰম আৰু প্ৰশিক্ষণ পাঠ্যক্ৰমহে বাছনি কৰিব পাৰে।”
সমিতিখনে অসম কাৰাগাৰৰ কৰ্মচাৰীসকলৰ দৃষ্টান্তমূলক সেৱাৰ বাবে প্ৰদান কৰা ‘প্ৰেৰণা বঁটা’ৰো প্ৰশংসা কৰে। সুৰক্ষিত আৰু পুনৰ্সংস্থাপনমূলক সংশোধনৰ পৰিৱেশ অটুট ৰখাৰ ক্ষেত্ৰত কাৰাগাৰৰ কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু অসামান্য অৱদানৰ বাবে স্বীকৃতি প্ৰদান কৰি এক বঁটা প্ৰদান কৰিবলৈ সমিতিখনে পৰামৰ্শ আগবঢ়ায়।
“ব্যতিক্ৰমী প্ৰদৰ্শন, দলবদ্ধ প্ৰচেষ্টা, উদ্ভাৱন আৰু বন্দীসকলৰ সৈতে ইতিবাচক বাৰ্তালাপ আদি বিভিন্ন শ্ৰেণীত বিভক্ত কৰি পুৰস্কাৰ কৰ্মচাৰীসকলক প্ৰদান কৰিব পৰা যায়। কামৰ এনে স্বীকৃতিয়ে তেওঁলোকৰ মনোবল আৰু কৰ্মসন্তুষ্টি বৃদ্ধি কৰিব,” সমিতিখনে উল্লেখ কৰে।
সমিতিখনে বন্দীসকলক ড্ৰাগছ আসক্তিৰপৰা মুক্ত কৰাৰ বাবে অসম কাৰাগাৰ মুখ্যালয়ৰ অ’পিয়ইড বিকল্প চিকিৎসা(অ’এছটি) ব্যৱস্থাৰো প্ৰশংসা কৰে।
সমিতিখনে নিজৰ প্ৰতিৱেদনত উল্লেখ কৰে, “বন্দীসকলক ড্ৰাগছ আসক্তিৰপৰা মুক্ত কৰি ৰাখিবলৈ আন আন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও অসমৰ দৰে অ’পিয়ইড বিকল্প চিকিৎসাৰ দৰে কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ বিষয়ে বিবেচনা কৰিব পাৰে।”
এনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম কাৰাগাৰ মুখ্যালয়ক প্ৰশংসা কৰি লোকসভাৰ সাংসদ তথা গৃহ পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ সদস্য গীতা বিশ্বনাথ ভাংগাই কয় যে সৃজন, আশীৰ্বাদ অনুষ্ঠান আৰু জ্ঞান সঁফুৰাৰ দৰে কাৰ্যসূচীয়ে কাৰাগাৰসমূহৰ সংস্কাৰৰ দিশত মুখ্য ভূমিকা পালন কৰিব।
অন্ধ্ৰ প্ৰদেশৰ কাকিনাদাৰ যুৱজন শ্ৰমিক ৰাইথু কংগ্ৰেছ পাৰ্টি(ৱাইএছআৰ কংগ্ৰেছ)ৰ প্ৰতিনিধি তথা সাংসদ ভাংগাই কয়, “আমাৰ প্ৰতিৱেদনত আমি গৃহ মন্ত্ৰ্যালয়ক আন ৰাজ্যসমূহত অসমৰ আৰ্হি কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছোঁ।”