মিৰ্জা চ’কৰপৰা প্ৰায় ২০ কিল’মিটাৰ দূৰত্বত অৱস্থিত পশ্চিম কামৰূপৰ এটা ভিতৰুৱা অঞ্চল কুলশী৷ জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ নৈসৰ্গিক দৃশ্যই এই অঞ্চলটোৰ শোভাবৰ্ধন কৰে৷ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ এই সেউজ অঞ্চলটোৰ একাংশ উদ্যমী যুৱক-যুৱতী তথা মহিলাৰ আপ্ৰাণ প্ৰচেষ্টাত বাঁহশিল্পক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে এটি বিশেষ ক্ষুদ্ৰ ব্যৱসায়৷ গছৰ গুটি আৰু বাঁহৰপৰা প্ৰস্তুত কৰা আ-অলংকাৰ তথা গৃহসজ্জাৰ বিভিন্ন সা-সামগ্ৰীৰে এইসকল উদ্যমীয়ে দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ সম্ভাৱনাময় বাট৷
প্ৰায় এবছৰ পূৰ্বে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিম্পী বৰাৰ নেতৃত্বত তথা কুলশী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত হৈছিল এটা এমহীয়া প্ৰশিক্ষণ শিবিৰ৷ বাঁহ আৰু গছৰ গুটিৰে বিভিন্ন গহনা আৰু সামগ্ৰী প্ৰস্তুত কৰিবলৈ প্ৰদান কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ ‘নগাঁও জে এফ এম চি ৰা-বাঁহ’ আত্মসহায়ক গোটৰ ২৫ৰো অধিক সদস্য উপকৃত হৈছে৷
“২০২০-২১ চন মানত মই অসম বাঁহ অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্বত নিয়োজিত হৈ আছিলোঁ৷ ‘বেম্ব’ লেডী অৱ ইণ্ডিয়া’খ্যাত শ্ৰীমতী নীৰা শৰ্মাই মোক সাক্ষাৎ কৰি তেখেতে প্ৰস্তুত কৰা এবিধ বাঁহৰ গহনা উপহাৰ হিচাপে আগবঢ়াইছিল৷ মই পশ্চিম কামৰূপৰ বন বিষয়াৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত বনাঞ্চলৰ ভৰপূৰ বাঁহৰ ব্যৱহাৰেৰে কাষৰীয়া অঞ্চলসমূহত বসবাস কৰা ৰাইজক সংস্থাপন প্ৰদানৰ উদ্দেশ্যে বাঁহৰ গহনা প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ প্ৰদানৰ বিষয়ে চিন্তা-চৰ্চা কৰোঁ,” ডিম্পী বৰাই অসম বাৰ্তাক কয়৷
কুলশী আঞ্চলিক বন বিষয়া দ্বীপন ডেকাই কয়, “এই অঞ্চলৰ মহিলা আৰু যুৱকসকলক সংস্থাপিত কৰাৰ উদ্দেশ্যে ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণৰ অধীনত হস্তশিল্প আৰু বাঁহৰ গহনা প্ৰস্তুত কৰাৰ এটা প্ৰশিক্ষণ দিয়া হৈছিল৷ এই প্ৰশিক্ষণৰ ব্যাপকতা ইমানেই বৃদ্ধি পাইছে যে এবছৰত প্ৰায় ৫ লক্ষাধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷”
এই প্ৰশিক্ষণ শিবিৰত অংশ লোৱা কুলশীৰ দুটি পুত্ৰ সন্তানৰ মাতৃ ৰীণা ৰাভা এগৰাকী সু-গৃহিণী৷ বয়ন শিল্পৰ সৈতেও জড়িত ৰীণাই আত্মসহায়ক গোটৰ আন সদস্যসকলৰ সৈতে বাঁহেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি আৰ্থিকভাৱে টনকিয়াল হৈছে৷
“আগতে দুই-এখন কাপোৰ বৈ যেনেতেনে কিছু উপাৰ্জন কৰিছিলোঁ৷ প্ৰশিক্ষণত অংশ লোৱাৰ পাছত উপলব্ধি কৰিলোঁ যে জাপি, পেঁপা আদিৰ আৰ্হিত আমি বাঁহ আৰু গছৰ গুটিৰে কাণফুলি, ডিঙিত পিন্ধা অলংকাৰ, খাৰু আদি প্ৰস্তুত কৰি যথেষ্ট লাভৱান হ’ব পাৰোঁ৷ ইয়াৰ লগতে চাবিৰ ৰিং, চাবোনৰ বাকচ, ঘৰত সজাই থোৱা বিভিন্ন সামগ্ৰী আদিও আমি তৈয়াৰ কৰোঁ৷ সামগ্ৰী অনুযায়ী নিৰ্ধাৰিত দাম ন্যূনতম ৫০ টকাৰপৰা ১,২০০ টকা,” ৰীণাই কয়৷
তেওঁ লগতে কয়, “আমাৰ কষ্টোপাৰ্জিত এই ধনৰ লাভাংশৰে নিজৰ খৰচ বহন কৰাৰ লগতে ল’ৰা দুটাৰ পঢ়া-শুনাতো ব্যয় কৰোঁ৷ তদুপৰি মই ঘৰৰ টিনপাতৰ খৰচ বহন কৰি স্বামীক সকাহ প্ৰদান কৰিছিলোঁ৷ ভৱিষ্যতে আমাৰ অঞ্চলৰ যুৱপ্ৰজন্মক বাঁহৰ সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ আশা বুকুত বান্ধি ৰাখিছোঁ৷”
গোটটোৰ আন এগৰাকী সদস্য অংকিতা ৰাভায়ো প্ৰশিক্ষণত অংশ লৈ লাভৱান হৈছে৷ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী অংকিতাই অধ্যয়নৰ সমান্তৰালকৈ মাজে-সময়ে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি গোটৰ সদস্যসকলক সহায় কৰি আহিছে৷ “কলেজ বন্ধ থাকিলে বা সময় সুবিধা অনুযায়ী মই সামগ্ৰীসমূহ প্ৰস্তুতকৰণত সহায় কৰোঁ৷ অঞ্চলটো ভিতৰুৱা হোৱা হেতুকে তথা আৰ্থিক নাটনিৰ বাবে বহু ল’ৰা-ছোৱালীয়ে আনুষ্ঠানিক শিক্ষা আধাতে সামৰে৷ এইক্ষেত্ৰত এনেধৰণৰ পদক্ষেপে যুৱপ্ৰজন্মক আত্মনিৰ্ভৰ হোৱাৰ সুযোগ প্ৰদান কৰিব৷ উপাৰ্জিত ধনেৰে মই নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে ঘৰুৱা কামতো ব্যৱহাৰ কৰোঁ,” অংকিতাই কয়৷
উল্লেখযোগ্য যে অংকিতাৰ মাতৃ প্ৰণিতা ৰাভাই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লোৱা নাছিল যদিও নিজ কন্যাৰপৰাই প্ৰশিক্ষণ লৈ তেখেতেও এই কাৰ্যত মনোনিৱেশ কৰিছে৷
“কোনোধৰণৰ আধুনিক যন্ত্ৰ-পাতি নোহোৱাকৈ থলুৱা সাঁ-সজুলিৰ সহায়ত হাতেৰে আমি এই সামগ্ৰীসমূহ প্ৰস্তুত কৰি আহিছোঁ৷ এই সংঘবদ্ধ প্ৰচেষ্টাৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল যেনে বাঁহ, বিভিন্ন গছৰ গুটি আমাৰ গাঁৱতে উপলব্ধ৷ গতিকে কম সময়ত আৰু ন্যূনতম বিনিয়োগেৰে আমি গহনা বা সামগ্ৰীসমূহ প্ৰস্তুত কৰিব পাৰোঁ৷ এইক্ষেত্ৰত ডিএফঅ’ বাইদেউ আৰু বন বিষয়াৰ কাৰ্যালয়ৰ তৰফৰপৰা আমাক সকলো সুবিধা প্ৰদান কৰি আহিছে৷”
‘নগাঁও জে এফ এম চি ৰা-বাঁহ’ আত্মসহায়ক গোটৰ দৰে পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ১০ৰো অধিক সদস্যৰে গঠিত জুপাংবাৰী বননী গাঁও মহিলা আত্মসহায়ক গোটেও বাঁহৰ সামগ্ৰী প্ৰস্তুতকৰণৰ দুমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰে৷
গোটটোৰ এগৰাকী সক্ৰিয় কৰ্মী পল্লৱ ৰাভাই কয়, “এডাল বাঁহৰপৰা ১ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাৰ সুযোগ থাকে৷ ইতিমধ্যে আমি চানডুবি উৎসৱত গোটৰ তৰফৰপৰা অস্থায়ী বিপণী দি লাভ অৰ্জন কৰিছোঁ৷ বাঁহেৰে নিৰ্মিত সামগ্ৰী প্ৰস্তুতকৰণৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিবলৈ শেহতীয়াকৈ লোহাৰঘাটৰ এখন বিদ্যালয়ে মোক আমন্ত্ৰণ কৰিছিল৷ এনেদৰে আমাৰ অঞ্চলটোৰ নতুন চামে শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে উপাৰ্জনৰ নতুন বাট মুকলি হ’ব৷”
উল্লেখযোগ্য যে দুয়োটা আত্মসহায়ক গোটে বিভিন্ন মেলা তথা প্ৰদৰ্শনীত অংশ লৈ সম্ভাৱনাৰ এক নতুন যাত্ৰালৈ গতি কৰিছে৷ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰপৰা নতুন দিল্লী পৰ্যন্ত তেওঁলোকৰ কাম প্ৰশংসিত হৈছে৷ কুলশীৰ দুগৰাকী সুদক্ষ যুৱক হেমন্ত ৰাভা (৩০) আৰু অৰ্ণৱ ৰাভা (২০)ই বাঁহৰ শিল্পকৰ্মেৰে তেওঁলোকৰ পৰিয়ালটো চলাই আছে৷ অৰ্ণৱে যোৱা ডিচেম্বৰ মাহত নতুন দিল্লীৰ প্ৰগতি ময়দানত দিল্লী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত তেওঁলোকৰ বিপণীত বাঁহৰ গহনাৰ বাবে দিল্লীৰ মহিলাসকলে ভিৰ কৰাৰ বিষয়ে অসম বাৰ্তাক অৱগত কৰে৷ উপযুক্ত বজাৰৰ সন্ধানত থকা এইসকল উদ্যমীয়ে নিঃসন্দেহে এদিন বাঁহশিল্পৰ উদ্যোগটিক নতুন ৰূপত জিলিকাই তুলিব৷