একাৱন্ন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয়ে অসমৰ আধ্যাত্মিক পৰ্যটনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে৷ যোৱা ১৮ এপ্ৰিলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা মন্দিৰ সম্পৰ্কে সামাজিক মাধ্যমত প্ৰচাৰ কৰা এটা ভিডিঅ’ দেশজুৰি বিশেষভাৱে চৰ্চিত হৈছে৷
ভিডিঅ’টোত মুখ্যমন্ত্ৰীগৰাকীয়ে নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰত কাশী বিশ্বনাথসদৃশ কৰিড’ৰ নিৰ্মাণৰ পৰিকল্পনা ভাগ-বাটোৱাৰা কৰে৷ ভিডিঅ’টোত কামাখ্যা কৰিড’ৰৰ সম্পূৰ্ণ আৰ্হিৰ এক আভাস দিয়ে৷ অহা দুবছৰৰ ভিতৰত এই কৰিড’ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে এই কৰিড’ৰক এক গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে অভিহিত কৰে৷ তেওঁ উল্লেখ কৰে, “মই নিশ্চিত যে মা কামাখ্যা কৰিড’ৰ এটা যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ’ব৷ কাশী বিশ্বনাথ ধাম আৰু শ্ৰী মহাকাল মহালোক আধ্যাত্মিক অভিজ্ঞতাৰ দিশলৈ পৰিৱৰ্তিত হৈ আহিছে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ লগতে পৰ্যটন তথা স্থানীয় অৰ্থনীতিও সমৃদ্ধ হৈছে৷”
কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ টুইটাৰ বাৰ্তাৰ ভাগ-বাটোৱাৰা কৰি লিখে, “পুনৰ্নিৰ্মাণ হ’বলগীয়া মা কামাখ্যা কৰিড’ৰে পৰ্যটকসকলৰ আধ্যাত্মিক অভিজ্ঞতা বৃদ্ধি কৰাৰ লগতে স্থানীয় অৰ্থনীতিতো অৰিহণা যোগাব৷”
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচেষ্টাৰ শলাগ লৈ সামাজিক মাধ্যমত উল্লেখ কৰে, “এয়া অসমৰ উন্নয়নৰ দিশত এক অতুলনীয় পদক্ষেপ আৰু এই পদক্ষেপে মা কামাখ্যা মন্দিৰ ভ্ৰমণ অধিক সুবিধাজনক কৰি তুলিব৷”