অসম চৰকাৰে যোৱা ১৩ ফেব্ৰুৱাৰীত ‘কাজি নেমু’ক অসমৰ ‘জাতীয় ফল’ হিচাপে ঘোষণা কৰে। অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই বাজেট অধিৱেশনৰ সময়ত অসম বিধান সভাৰ পৱিত্ৰ সদনত এই বিষয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত কেৱল অসমৰ লগতে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইটামান অঞ্চলত উপলভ্য কাজি নেমুক জাতীয় ফল হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কাজি নেমুৰ বৈজ্ঞানিক নাম হৈছে Citrus limon । ইয়াৰ ডিম্বাকৃতি, অনন্য সুগন্ধ আৰু ৰসৰ বাবে আন নেমুৰ সৈতে পাৰ্থক্য দেখিবলৈ পোৱা যায়। ২০১৯ বৰ্ষত জিআই টেগৰ মৰ্যাদা লাভ কৰা কাজি নেমুৱে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অংশ বিশেষে সাংস্কৃতিক গুৰুত্বও বহন কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে জিআই টেগ লাভ কৰাৰ পাছত কাজি নেমুৱে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কাজি নেমুৰ চাহিদাও বৃদ্ধি পাইছে।
ৰাজ্যখনত কাজি নেমুৰ বাণিজ্যিক উৎপাদন বৃদ্ধি কৰাৰ লগতে ইয়াৰ ৰপ্তানিৰ সংখ্যাও বৃদ্ধি হৈছে বুলি কৃষি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।
“ৰাজ্যখনৰ কেইটামান অঞ্চলত কাজি নেমুৰ বাণিজ্যিক পুলি ৰোপণ কৰা হৈছে। এই খেতিৰ বাবে প্ৰায় ১৫.৯০ হেক্টৰ ভূমি আছে আৰু ইয়াৰ উৎপাদন হৈছে ১.৫৮ মেট্ৰিক টন। যোৱা দুবছৰত এই ফলবিধ মধ্য প্ৰাচ্যৰ কেইবাখনো দেশৰ লগতে লণ্ডনলৈ ৰপ্তানি কৰা হৈছে,” কৃষি মন্ত্ৰীগৰাকীয়ে কয়।
কৃষি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কাজি নেমুক ‘জাতীয় ফল’ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ইয়াৰ অপৰিসীম পুষ্টিগত গুণ, ৰসাল আৰু সুগন্ধিযুক্ত সোৱাদৰ লগতে সাংস্কৃতিক আৰু পৰম্পৰাগত দিশৰো গুৰুত্ব সম্পৰ্কে বিবেচনা কৰা হৈছিল। কাজি নেমুক ‘জাতীয় ফল’ হিচাপে ঘোষণা কৰাৰ পাছত ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলৰ মাজত সমাদৰ লাভ কৰাৰ লগতে ইয়াৰ চাহিদাও বৃদ্ধি পাইছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত টুইটযোগে কয়, “ইয়াৰ অনন্য সুগন্ধি আৰু এণ্টি-অক্সিডেণ্ট গুণাগুণৰ সৈতে, অসমৰ কাজি নেমুৱে আমাৰ স্থানীয় ৰন্ধন প্ৰণালী সমৃদ্ধ কৰিছে। আজিৰ এই ঘোষণাই বিশ্বব্যাপী ফলৰ মানচিত্ৰত কাজি নেমুক অধিক জিলিকাই তুলিবলৈ সাজু হৈছে, যাৰ ফলত উৎপাদন আৰু আত্মনিৰ্ভৰশীলতা অধিক বৃদ্ধি হ’ব।”
অসমত কাজি নেমু বিশেষকৈ পৰম্পৰাগত ব্যঞ্জন যেনে – মাছৰ আঞ্জা, আচাৰ, চাটনি, সতেজ পানীয় আদিত বহুলভাৱে ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। কাজি নেমুৰ ৰসক ব্যঞ্জনত টেঙা সোৱাদ হিচাপে ব্যৱহাৰ কৰা হয়। ঔষধি গুণবিশিষ্ট এই নেমুৱে হজম শক্তি বৃদ্ধি কৰাৰ লগতে আন সাধাৰণ ৰোগৰ পৰাও সকাহ দিয়ে বুলি বিশ্বাস কৰা হয়।
কাজি নেমু এবিধ থলুৱা জাতৰ নেমু। ই প্ৰতিটো অসমীয়া পৰিয়ালত এক সুকীয়া স্থান লাভ কৰি আহিছে। নেমুৰ বাকলি বা পাতৰো গুৰুত্ব অসমীয়া সমাজত আছে।
ৰাজ্যৰ কৃষি মন্ত্ৰীয়ে কৰা এই ঘোষণাই সমগ্ৰ ৰাজ্যৰ কাজি নেমু উৎপাদনকাৰী কৃষকসকলক উৎফুল্লিত কৰি তুলিছে। বাক্সা জিলাৰ নীলাচল এগ্ৰ’ কৃষক উৎপাদক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া মানস প্ৰতিম কলিতাই এই ঘোষণাৰ সন্দৰ্ভত কয়, “ৰাজ্যখনৰ কাজি নেমুৰ খেতি কৰা অঞ্চলৰ যুৱক-যুৱতীসকলক ইয়াৰ বাণিজ্যিক লাভালাভৰ প্ৰতি সচেতন হ’বলৈ অনুপ্ৰাণিত কৰিব। কাজি নেমুৰ বাবে এখন নিশ্চিত বজাৰ সৃষ্টি কৰিবলৈ আমি ইয়াৰ ‘মূল্য সংযোজন’ৰ বিষয়ত গুৰুত্ব দিব লাগিব। কৃষি-উদ্যানশস্য খণ্ডৰ উন্নয়নৰ সৈতে জড়িত চৰকাৰী সংস্থাসমূহে কাজি নেমুৰ মূল্য সংযোজনৰ পৰিকল্পনাৰ বাবে ব্যৱস্থা লোৱা উচিত,” তেখেতে কয়।
উল্লেখযোগ্য যে কোম্পানীটোৱে কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰীৰ ৰপ্তানি বিকাশ প্ৰাধিকৰণ (APEDA)ৰ সহযোগত ইউৰোপীয় বজাৰ আৰু মধ্য প্ৰাচ্যৰ দেশবোৰলৈ নেমু ৰপ্তানি কৰি আহিছে।
ডিব্ৰুগড় জিলাৰ মানকটা অঞ্চলৰ ‘কাজি নেমু’ৰ কৃষক হিমন্ত দত্তই সাম্প্ৰতিক সময়ত বজাৰত কাজি নেমুৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে বুলি উল্লেখ কৰে।