দিল্লী নিবাসী উদ্যমী মহিলা সুনীতা আগৰৱালা ভ্ৰমণৰ বাবে অতি উৎসাহী। সুযোগ পালেই তেখেতে স্বামী ভাৰত আগৰৱালা, ১০ বছৰীয়া পুত্ৰ নিৰ্বাণক লৈ নতুন গন্তব্য স্থানলৈ যাত্ৰা কৰে। তেওঁলোক প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি বিশেষ অনুৰাগী। ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু বিভিন্ন দেশৰ কেইবাখনো স্থান তেওঁলোকে ভ্ৰমণ কৰিছে। কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাটো তেওঁলোকৰ এক দীৰ্ঘদিনীয়া সপোন আছিল। ২০২৪ বৰ্ষৰ দুৰ্গাপূজাৰ সময়ত তেওঁলোকৰ এই সপোনো পূৰ্ণ হ’ল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় অতিবাহিত কৰিবলৈ আগৰৱালা পৰিয়ালটোৱে ৯ অক্টোবৰত সন্ধিয়াপৰত উদ্যানখনিত উপস্থিত হয়। তেখেতে অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক কয়, “গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ লগে লগে এক অনন্য অনুভৱ হৈছিল। মাটিৰ গোন্ধ আৰু ইয়াৰ নিৰ্মল বায়ুৱে মোক শৈশৱৰ মধুৰ মুহূৰ্তবোৰলৈ ওভতাই লৈ গৈছিল।”
পাছদিনা পুৱা তেওঁলোকে কঁহৰাৰ পৰা জীপ ছাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰে। এটা খৰ্গৰ গঁড়ক কাষৰ পৰা চোৱাৰ অভিজ্ঞতাই তেওঁলোকৰ মুখত আনন্দৰ হাঁহি বিৰিঙাইছিল। তেওঁলোক উদ্যানৰ সৌন্দৰ্যত মুগ্ধ হৈ পৰে। এই প্ৰথম অভিজ্ঞতাই তেওঁলোকক বহু স্মৰণীয় মুহূৰ্ত উপহাৰ দিলে।
ছাফাৰীৰ পৰা উভতি অহাৰ সময়ত তেওঁলোকে নৈৰ পাৰত কিছু সময় অতিবাহিত কৰে। নৈৰ শান্ত-সমাহিত সেই মুহূৰ্তখিনি উপভোগ কৰি তেওঁলোক আপ্লুত হৈছিল। অসম আৰু উত্তৰ-পূবৰ বিভিন্ন পৰম্পৰা আৰু সংস্কৃতিৰ পৰিৱেশনেৰে সমৃদ্ধ সন্ধিয়াৰ সময়খিনিত আগৰৱালা পৰিয়ালে এক সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰে।
সুনীতাই অসম বাৰ্তাৰ প্ৰতিৱেদকক কয়, “খাদ্য-সম্ভাৰ, থকাৰ সু-ব্যৱস্থাপনা, জীপ ছাফাৰী, সাংস্কৃতিক সন্ধিয়াৰ সৈতে এই ভ্ৰমণ আছিল এক মনোৰম অভিজ্ঞতা।” তেখেতে পুনৰ কয়, “এই ভ্ৰমণ কেৱল বন্ধৰ বাবে আজৰি সময় অতিবাহিত কৰাই নহয়, বৰঞ্চ নিজক বিচাৰি পোৱা আৰু নজনা কথাবোৰ শিকাৰ এক অভিজ্ঞতাহে।”
আগৰৱালা পৰিয়ালৰ লগতে দুৰ্গোৎসৱৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটিছিল। অভিনেত্ৰী নিমৰৎ কৌৰ প্ৰমুখ্যে আন বহু লোকে কাজিৰঙালৈ আহি ইয়াৰ সমৃদ্ধিশালী জৈৱ-বৈচিত্ৰ্যৰ সাক্ষী হৈছিল। চৰকাৰী তথ্য অনুসৰি ২৮ ডিচেম্বৰলৈকে ১,৮১৩গৰাকী বিদেশী পৰ্যটকৰ সৈতে মুঠ ৬৭,৫৩৯গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। অসম বাৰ্তাৰ প্ৰতিৱেদন দাখিলৰ সময়লৈ কাজিৰঙাৰ মুঠ ৰাজহ সংগ্ৰহৰ পৰিমাণ ১,৭৪,৩৮৭,৬০ টকা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে কয়, “এইবাৰ আমি সচেতনতা বৃদ্ধিত বিশেষ গুৰুত্ব দিছোঁ। অসম দক্ষতা বিকাশ অভিযানৰ সহায়ত সকলো জীপ চালক আৰু মাউতক প্ৰশিক্ষণ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল আৰু তেওঁলোকক একে ৰঙৰ পোছাকো যোগান ধৰা হৈছিল। কৰ্মচাৰী কল্যাণ সমিতিৰ জৰিয়তে আমি বন্যপ্ৰাণীকেন্দ্ৰিক বিষয়ৰ সন্দৰ্ভত এখন ইক’-শ্বপো মুকলি কৰিছোঁ।”
তেখেতে লগতে কয়, “নৱেম্বৰত আমি বুঢ়াপাহাৰ, পশ্চিম ৰেঞ্জৰ লগতে কাষৰীয়া ঠাইত বিভিন্ন ইক’ট্যুৰিজমৰ কাৰ্যসূচী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছোঁ। ইয়াৰ লগতে চাইক্লিং, হাইকিং আৰু ট্ৰেকিঙৰ ক্ষেত্ৰতো গুৰুত্ব দি চাৰিটা নতুন পথৰ সন্ধান দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।”
ইয়াৰ লগতে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানেও পৰ্যটকক আকর্ষণ কৰিছে। ২৭ ছেপ্টেম্বৰত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্যানখন ২০২৪-২৫ বৰ্ষৰ বাবে মুকলি কৰে আৰু ইয়াৰ পাছৰে পৰা পৰ্যটকৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। হিমালয়ৰ পাদদেশত অৱস্থিত এই উদ্যানখনে এক অনন্য জৈৱ-বৈচিত্ৰ্যৰ সন্ধান দিয়ে। ২০১৯ আৰু ২০২১ চনত মানাহত কেমেৰাত আবদ্ধ হোৱা এছিয়াটিক সোণালী মেকুৰীৰ (Catopuma temminckii)ৰ উপস্থিতিও নিশ্চিত কৰা হৈছে।
মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ২৫ নৱেম্বৰ পৰ্যন্ত ৯,৭৫০গৰাকী পৰ্যটক আহিছে আৰু ইয়াৰ দ্বাৰা ২৯,৬১,৬০০ টকা ৰাজহ সংগ্ৰহ কৰিছে বুলি উদ্যানখনৰ সঞ্চালক চি ৰমেশে উল্লেখ কৰে।
তদুপৰি ১ অক্টোবৰত মুকলি হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ বৰ্তমানলৈ ১০০গৰাকীৰো অধিক পৰ্যটকে ভিৰ কৰিছে। বন সংমণ্ডল বিষয়া তথা ক্ষেত্ৰ সঞ্চালক প্ৰদীপ বৰুৱাই অসম বাৰ্তাৰ প্ৰতিৱেদকক কয় যে পৰ্যটকসকলক অতিৰিক্ত সুবিধা প্ৰদান কৰিবলৈ উদ্যানখনত ৰেষ্টুৰেণ্ট আৰু ৬টা তম্বুৰ ব্যৱস্থা কৰা হৈছে।
অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই প্ৰতিৱেদকক সদৰী কৰে যে নিয়ম-কানুনৰ উন্নতিৰ ফলতো বৰ্তমান সময়ত পৰ্যটনৰ ক্ষেত্ৰখনলৈ পৰিৱৰ্তন আহিছে।তেখেতে লগতে কয় যে কাজিৰঙাৰ সমান্তৰালকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু আন ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ সোঁত ক্ৰমান্বয়ে বৃদ্ধি পাইছে। উদ্যান তথা অভয়াৰণ্যসমূহত সংযোজন কৰা বিভিন্ন সুবিধাৰ কথা উল্লেখ কৰি ঋতুপৰ্ণ বৰুৱাই কয়, “বিগত বৰ্ষত পৰ্যটকৰ সংখ্যা চাৰিগুণ বৃদ্ধি পাইছিল। চলিত বৰ্ষত এই সংখ্যা আমি পাঁচগুণলৈ আশা কৰিছোঁ।”