অসম বাৰ্তা, গুৱাহাটী
২২ ছেপ্টেম্বৰ, বিশ্ব গঁড় দিৱস৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিশেষ দিনটোৰ গুৰুত্বৰ কথা বৰ্ণনা কৰি এটা খৰ্গৰ গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰশংসা কৰে৷ তদুপৰি কেন্দ্ৰীয় চৰকাৰে গঁড় সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰি পৰ্যটকসকলক কাজিৰঙা ভ্ৰমণ কৰিবলৈ তেখেতে আহ্বান জনায়৷
“আজি বিশ্ব গঁড় দিৱসৰ দিনা সমগ্ৰ বিশ্বৰ অন্যতম চিনাকি প্ৰজাতি গঁড়ৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পুনৰ প্ৰতিজ্ঞাবদ্ধ হওঁ আহক৷ বিগত বহু বছৰ ধৰি গঁড় সংৰক্ষণৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনাইছোঁ৷ আমি গৌৰৱান্বিত যে ভাৰতবৰ্ষখন গৰিষ্ঠসংখ্যক এটা খৰ্গযুক্ত গঁড়ৰ বাসস্থান,” প্ৰধানমন্ত্ৰীয়ে এক্সযোগে উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ কাজিৰঙা ভ্ৰমণৰ মধুৰ সময়ৰ কথা স্মৰণ কৰি এটা খৰ্গৰ গঁড়ৰ সৰ্ববৃহৎ বাসস্থান তথা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰটি ভ্ৰমণৰ বাবে সকলোকে আহ্বান জনায়৷
“মই আন্তৰিকতাৰে অসমৰ কাজিৰঙা ভ্ৰমণৰ মধুৰ স্মৃতিৰ কথা ৰোমন্থন কৰিছোঁ আৰু ইয়াৰ লগতে সকলোকে কাজিৰঙা ভ্ৰমণ কৰিবলৈ আহ্বান জনালোঁ,” তেখেতে কয়৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ লগতে নৈশ যাপনো কৰে৷ তেখেতে হাতী ছাফাৰী আৰু জীপ ছাফাৰীৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা ৰূপ উপভোগ কৰি আপ্লুত হয়৷

ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ২০১৬ বৰ্ষৰ পৰা ৰাজ্যত গঁড় হত্যা ৮৬%লৈ হ্ৰাস পাইছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টা আৰু গঁড় সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰ প্ৰতি কৃতজ্ঞতা জনাইছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গঁড় হৈছে অসমৰ পৰিচয় দাঙি ধৰা এবিধ আপুৰুগীয়া সম্পদ৷
“২০১৬ চনত অসমত দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পৰা গঁড় হত্যা ৮৬%লৈ হ্ৰাস পাইছে, “ ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়৷
সামাজিক মাধ্যমৰ আন এটা লেখাত তেখেতে গঁড় অসমৰ জাতীয় গৌৰৱ, জাতীয় পৰিচয়, জাতীয় সম্পদ বুলি উল্লেখ কৰে৷
আজি বিশ্ব গঁড় দিৱসৰ দিনা সমগ্ৰ বিশ্বৰ অন্যতম চিনাকি প্ৰজাতি গঁড়ৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পুনৰ প্ৰতিজ্ঞাবদ্ধ হওঁ আহক৷ বিগত বহু বছৰ ধৰি গঁড় সংৰক্ষণৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনাইছোঁ৷ আমি গৌৰৱান্বিত যে ভাৰতবৰ্ষখন গৰিষ্ঠসংখ্যক এটা খৰ্গযুক্ত গঁড়ৰ বাসস্থান – প্ৰধানমন্ত্ৰী
“অসমৰ চহকী জৈৱ-বৈচিত্ৰ্যৰ অমূল্য ৰত্ন স্বৰূপ গঁড়ৰ সুৰক্ষা, আৱাসিক এলেকাৰ সম্প্ৰসাৰণ আৰু সামগ্ৰিকভাৱে সংৰক্ষণ সুনিশ্চিত কৰাৰ বাবে আমি কাৰ্যভাৰ লোৱাৰ পাছৰে পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ,” মুখ্যমন্ত্ৰীয়ে কয়৷
অসমে ২০২২ বৰ্ষত শূন্য গঁড় হত্যাৰে অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে৷ ইয়াৰ জৰিয়তে প্ৰতিফলিত হৈছে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গঁড় সংৰক্ষণ প্ৰচেষ্টাৰ সফলতা৷
পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে অসমৰ আপুৰুগীয়া সম্পদ গঁড়ে অসমৰ গৌৰৱক প্ৰতিফলিত কৰাৰ লগতে গঁড় সংৰক্ষণৰ বাবে ৰাজ্যখনত গ্ৰহণ কৰা অবিৰত প্ৰচেষ্টাৰো নিদৰ্শন দাঙি ধৰে৷
২০২২ বৰ্ষৰ গঁড় গণনা অনুসৰি অসমত ২,৮৯৫টা গঁড় আছে; ইয়াৰ ২,৬১৩টা গঁড় ৰ,৩০০ বৰ্গ কিঃমিঃ এলেকাযুক্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আছে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ১২৫টা, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত ১০৭টা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ৫০টা গঁড় আছে৷
‘বিশ্ব গঁড় দিৱস’ উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ এটি বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ ৰাইজৰ অংশগ্ৰহণেৰে এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ গুৰুত্বৰ বিষয়ে প্ৰচাৰ কৰিবলৈ এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল৷
উক্ত দিনটো গঁড়ৰ প্ৰতীকসহ ৰেলীৰে আৰম্ভ হয়৷ এই কাৰ্যসূচীত স্থানীয় লোক, জীপ ছাফাৰী সংস্থা, বন কৰ্মচাৰী, স্বেচ্ছাসেৱী সংস্থা আৰু বন্যপ্ৰাণী অনুৰাগীয়ে যোগদান কৰে৷ ইয়াৰ অংশ হিচাপে আন এটি পদক্ষেপো ৰূপায়ণ কৰা হয়৷ পৰ্যটকৰ সুৰক্ষা নিশ্চিতকৰণ আৰু পৰ্যটকৰ অভিজ্ঞতাক ন-ৰূপ দিবলৈ অসম দক্ষতা বিকাশ অভিযানৰ আৰ্থিক অনুদানেৰে প্ৰায় ৭০০গৰাকী জীপ ছাফাৰী চালক আৰু মাউতক প্ৰশিক্ষণ প্ৰদানৰ এক কাৰ্যসূচী আয়োজন কৰা হয়৷