ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অসম প্ৰীতিৰ চানেকি পুনৰ দেখা পোৱা গ’ল এই ব’হাগৰ প্ৰাক্ক্ষণত৷ এলানি বিশেষ অনুষ্ঠানত উপস্থিত থাকিবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে এক তিনিদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদ্যাপনত উপস্থিত থকাৰ লগতে তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰে গজ উৎসৱৰ৷ দিল্লীলৈ ওভতাৰ প্ৰাক্মুহূৰ্তত তেখেতে তেজপুৰৰ বায়ুসেনা বাহিনীৰ ঘাটিত ‘ছুখয় ৩০ এমকেআই’ যুঁজাৰু বিমানেৰে এটা ঐতিহাসিক আকাশী পৰিক্ৰমা (ছৰ্টি) কৰে৷
যোৱা ৬ এপ্ৰিলত দেশৰ প্ৰথম নাগৰিকগৰাকী বোকাখাতত উপস্থিত হয়৷ তাত তেখেতক আদৰণি জনায় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াই৷
অসম ভ্ৰমণৰ দ্বিতীয় দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰপতিগৰাকীয়ে মুকলি কৰে গজ উৎসৱ ২০২৩ৰ৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকৃতি আৰু মানুহৰ মাজত থকা পৱিত্ৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে৷ “প্ৰকৃতিক সন্মান কৰাৰ সংস্কৃতি হৈছে আমাৰ দেশখনৰ অনন্য পৰিচয়৷ ভাৰতভূমিত প্ৰকৃতি আৰু সংস্কৃতি পৰস্পৰ নিৰ্ভৰশীল৷ আমাৰ পৰম্পৰাত হস্তীক আটাইতকৈ উচ্চ আসন প্ৰদান কৰা হৈছে৷ হস্তী হৈছে সমৃদ্ধিৰ প্ৰতীক আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী৷ সেয়েহে, আমাৰ ৰাষ্ট্ৰীয় ঐতিহ্য সংৰক্ষণৰ বাবে হাতীৰ সুৰক্ষাও ৰাষ্ট্ৰীয় দায়িত্বৰে এক গুৰুত্বপূৰ্ণ অংশ,” তেখেতে কয়৷
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰকৃতি আৰু পশু-পক্ষীৰ স্বাৰ্থত গ্ৰহণ কৰা পদক্ষেপসমূহত প্ৰকৃততে মানৱ সমাজ তথা ধৰিত্ৰী আইৰ স্বাৰ্থও নিহিত হৈ আছে৷
ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে হাতী যথেষ্ট বুদ্ধিমত্তাৰ অধিকাৰী আৰু সংবেদনশীল হোৱাৰ লগতে মানুহৰ দৰেই এবিধ সামাজিক প্ৰাণী৷ তেওঁ কয় যে মানুহৰ দৰেই এই প্ৰজাতিটোৱে সম-সন্মান আৰু সহমৰ্মিতা লাভ কৰা উচিত৷ তেওঁ উল্লেখ কৰে যে মানৱজাতিয়ে এই পশু আৰু পক্ষীসমূহৰ পৰা নিস্বাৰ্থ প্ৰেমৰ শিক্ষা ল’ব পাৰে৷
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় হস্তী-মানুহৰ সংঘাত শতিকা পুৰণি৷ হাতী অহা-যোৱা বাট আৰু হাতীৰ প্ৰাকৃতিক বসবাসৰ এলেকাত মানুহৰ হস্তক্ষেপে এই সংঘাতৰ সৃষ্টি কৰা বুলি তেখেতে উল্লেখ কৰে৷ তেওঁ কয় যে হস্তী প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে হাতী সুৰক্ষা প্ৰদানৰ বাবে হাতীৰ প্ৰাকৃতিক আবাসৰ সংৰক্ষণ আৰু হাতী অহা-যোৱা বাটসমূহ বাধামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা৷
তেওঁৰ ভাষণত কয় যে অসম বন্যহস্তীৰ সংখ্যা দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক আৰু সেয়ে গজ উৎসৱ পালনৰ বাবে কাজিৰঙা উপযুক্ত স্থান হিচাপে তেখেতে অভিহিত কৰে৷
উক্তদিনাই তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫তম বৰ্ষপূৰ্তি উদ্যাপন অনুষ্ঠানত উপস্থিত হয়৷ এই উপলক্ষে তেখেতে ‘ভৰসা’ নামৰ এটা ম’বাইল এপ্ উন্মোচন কৰে৷ মহিলা আৰু বয়োজ্যেষ্ঠসকলৰ সুৰক্ষাৰ বাবে এই এপ্টো সাজু কৰা হৈছে৷
সমবেত লোকসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভাৰতীয় ন্যায় ব্যৱস্থাত এক অনন্য স্থান দখল কৰিছে৷ “১৯৪৮ চনত ন্যায়ালয়খনৰ প্ৰতিষ্ঠালগ্নৰপৰা ছয় দশকতকৈও অধিক সময় ধৰি উত্তৰ পূবৰ সাতখন ৰাজ্যৰ ন্যায় ব্যৱস্থা অটুট ৰখাৰ পাছত এতিয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ে চাৰিখন ৰাজ্যৰ ন্যায় ব্যৱস্থা পৰিচালনা কৰি আছে৷ এই ন্যায়ালয়ে বহু আগশাৰীৰ আইনী বিশেষজ্ঞ গঢ় দিয়াৰ লগতে নিজৰ এক সুকীয়া পৰিচয় বহন কৰিছে৷ বহুতো গুৰুত্বপূৰ্ণ ৰায়দানে ন্যায়ালয়খনক স্বকীয় মৰ্যাদা প্ৰদান কৰিছে,” তেওঁ কয়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে আগন্তুক সময়তো একেদৰেই জনসাধাৰণৰ সেৱা অব্যাহত ৰাখিব বুলি তেখেতে আস্থা প্ৰকাশ কৰে৷
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিভিন্ন সম্প্ৰদায়ে একতাৰে বসবাস কৰি ইতিহাস গঢ় দিয়াৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ হয়তো আমাৰ উত্তৰ-পূৰ্বাঞ্চলেই হ’ব৷ “সেয়ে উত্তৰ-পূৰ্বাঞ্চলত সমৃদ্ধ জাতিগত আৰু ভাষিক বৈচিত্ৰ্য দেখা পোৱা যায়৷ এনে ক্ষেত্ৰত, প্ৰতিষ্ঠানসমূহ যথেষ্ট সংবেদনশীল আৰু দায়বদ্ধ হোৱাটো জৰুৰী, কিয়নো বিভিন্ন পৰম্পৰা আৰু
নীতি-নিয়মে এই অঞ্চলটোত বসবাস কৰা লোকসকলৰ জীৱন পৰিচালনা কৰি আহিছে৷ বিভিন্ন ক্ষেত্ৰত প্ৰযোজ্য আইনসমূহ পৃথক হ’ব পাৰে, তথাপি সমগ্ৰ অঞ্চলটো এক উমৈহতীয়া উচ্চ ন্যায়ালয়ৰদ্বাৰা পৰিচালিত হৈ আহিছে,” মুৰ্মুৱে কয়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজৰ অধিকাৰক্ষেত্ৰৰ অধীনৰ কিছুমান ৰাজ্যত চলি থকা পৰম্পৰাগত আইনসমূহকো অটুট ৰখাৰ বাবে তেখেতে সন্তুষ্টি প্ৰকাশ কৰে৷
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সংজ্ঞাৰ ভিত্তিৰে চালে ন্যায় হ’ব লাগে সামগ্ৰিক আৰু সেয়েহে ন্যায় সকলোৰে বাবে উপলভ্য হোৱাটো জৰুৰী৷
তেজপুৰৰ আকাশত যুঁজাৰু বিমানত ৰাষ্ট্ৰপতিৰ এক ঐতিহাসিক অভিজ্ঞতা
তেজপুৰ বায়ুসেনা বাহিনীৰ ঘাটিত ‘ছুখয় ৩০ এমকেআই’ যুঁজাৰু বিমানেৰে এক ঐতিহাসিক আকাশী পৰিক্ৰমা (ছৰ্টি) কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে৷ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক ৰাষ্ট্ৰপতিগৰাকীয়ে যুঁজাৰু বিমানখনত উঠি প্ৰায় ৩০ মিনিট সময় তেজপুৰ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ আকাশৰ লগতে হিমালয়ৰ মনোৰম দৃশ্য উপভোগ কৰে৷ বিমানখনৰ চালক আছিল ১০৬ স্কোয়াড্ৰনৰ কমাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্টেইন নবীন কুমাৰ৷ বিমানখনে সাগৰ পৃষ্ঠৰপৰা প্ৰায় দুই কিল’মিটাৰ উচ্চতাৰে প্ৰতি ঘণ্টাত প্ৰায় ৮০০ কিল’মিটাৰ বেগত উৰা মাৰিছিল৷ ৰাষ্ট্ৰপতি মুৰ্মু হৈছে দেশৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি যি এনে অভিজ্ঞতাৰ সাক্ষী হয়৷ এই অভিজ্ঞতাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে ভিজিটৰ বুকত এটা চমু টোকা লিখি নিজৰ অনুভৱ ব্যক্ত কৰে৷ তেখেতে উল্লেখ কৰে, “ভাৰতীয় বায়ুসেনাৰ শক্তিশালী ছুখয় ৩০ এমকেআই যুঁজাৰু বিমানত উৰণৰ অভিজ্ঞতা মোৰ বাবে আনন্দদায়ক আছিল৷ আজি স্থল, জল আৰু আকাশৰ সীমনা সামৰি ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্য যথেষ্ট সম্প্ৰসাৰিত হৈছে আৰু এয়া এক গৌৰৱৰ বিষয়৷ মই ভাৰতীয় বায়ুসেনা আৰু বায়ুসেনা কেন্দ্ৰ, তেজপুৰৰ সম্পূৰ্ণ দলটিক এই ছৰ্টি আয়োজন কৰাৰ বাবে অভিনন্দন জনাইছোঁ৷”