‘বিকাশৰ বাবে এদিন’- পদক্ষেপৰ অধীনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰঙিয়াত যোৱা ২ এপ্ৰিলত ওদালগুৰি জিলাৰ বিভিন্ন স্থানত স্বাস্থ্য, শিক্ষা, জল সম্পদ বিভাগৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ ঠিক এসপ্তাহ পূৰ্বে তেওঁ ৰঙিয়াতো অনুৰূপ এক কাৰ্যসূচী সম্পন্ন কৰিছিল৷
ড॰ শৰ্মাই ওদালগুৰি জিলাৰ ইণ্ডো-ভূটান সীমান্তৰ বৰমুকলিত বৰোলা বহুমুখী পানী যোগান আঁচনি উদ্বোধন কৰাৰ পাছত জিলাখনৰ ৰৌতাত ‘অসম গৌৰৱ’ কল্পনা বড়োৰ এটি প্ৰতিমূৰ্তিও উন্মোচন কৰে৷
তদুপৰি টংলা জন স্বাস্থ্য কেন্দ্ৰক ১০০খন বিছনাযুক্ত মহকুমা স্বাস্থ্য কেন্দ্ৰ (SDCH)লৈ উন্নীতকৰণ, অমৃত (AMRUT) আঁচনিৰ অধীনত টংলা পানী যোগান আঁচনি, জালিমুখ বান্ধৰ পুনৰ্নিৰ্মাণৰ কাম, টংলাত চিলাৰায় ভৱন; টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱন আদি বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ লগতে, মুখ্যমন্ত্ৰীগৰাকীয়ে টংলা চহৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ২৫ কোটি টকা আৰু টংলা মহাবিদ্যালয়ত এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ১০ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মালমুৰাৰ একলব্য আৱাসিক বিদ্যালয়, ১৮খন পথ নিৰ্মাণ আঁচনি আৰু ভেৰগাঁৱত মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় তথা আৱাস, ডিমাকুচি জল জীৱন মিছনৰ অধীনত ১৭৮.৫৩ কোটি টকাৰ নানাইখুটি বহুমুখী ৰাজহুৱা গ্ৰাম্য পানী যোগান আঁচনি উপৰি ডিমাকুচি চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু ডিমাকুচি মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে৷ একেদিনাই তেওঁ ডিমাকুচি আদৰ্শ চিকিৎসালয়ৰো উদ্বোধন কৰে, যিয়ে অঞ্চলটোৰ ৰাইজক স্বাস্থ্যসেৱা সম্পৰ্কীয় সা-সুবিধা প্ৰদান কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷
উল্লেখ্য যে এসপ্তাহ পূৰ্বে তেওঁ কামৰূপ জিলাৰ ৰঙিয়াত সংযোগ, স্বাস্থ্যসেৱা আৰু উচ্চ শিক্ষা সম্পৰ্কীয় প্ৰায় ৫৪৫.১৯ কোটি টকাৰ ২৩টা বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিছিল৷
মুখ্যমন্ত্ৰীয়ে সিদিনা চাৰিলেনযুক্ত সংযোগী পথ এটাৰ উদ্বোধনেৰে দিনটোৰ কাৰ্যসূচীৰ আৰম্ভণি কৰিছিল৷ এই সংযোগী পথটোৱে ৰঙিয়াক ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰিব৷