নাগৰিককেন্দ্ৰিক নীতিৰ আধাৰত ওড়িশাত এক নীৰৱ বিৱৰ্তনৰ সূচনা কৰাৰ পৰিকল্পনা ৰূপায়িত হৈছে। এই পৰিকল্পনাৰ ভেটি হৈছে ‘৫টি’ (5T) আৰ্হি। মুখ্যমন্ত্ৰী নবীন পাটনায়কে আৰম্ভ কৰা ‘৩টি’ আৰ্হিক বৰ্তমান ‘৫টি’লৈ উন্নীত কৰা হৈছে।
সুশাসনৰ ‘৩টি’ ক্ৰমে টীমৱৰ্ক (দলবদ্ধ প্ৰচেষ্টা), ট্ৰান্সপাৰেন্সী (স্বচ্ছতা) আৰু টেকন’লজী (প্ৰযুক্তি)-য়ে মুকলি কৰিছে চতুৰ্থট ‘টি’ৰ বাট – ট্ৰান্সফৰ্মেশ্যন (ৰূপান্তৰ)। ইয়াৰ সৈতে সংযোজন হৈছে পঞ্চমটো ‘টি’– টাইম (সময়)। এই প্ৰচেষ্টাই নিশ্চিত কৰিছে ৰাজহুৱা সেৱাৰ দক্ষতা আৰু উন্নীত কৰিছে সুশাসনৰ পথ।
একেৰাহে পঞ্চমটি কাৰ্যভাৰ পৰিচালনা কৰি থকা ওড়িশাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অন্তিম ‘টি‘ দুটাৰ আৰ্হি গ্ৰহণ কৰি ‘ফনি’ ঘূৰ্ণীবতাহৰ সময়ত চলোৱা উদ্ধাৰ অভিযানৰ সফলতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে ৯০ দিনৰ ভিতৰত সাজু কৰি এছিয়ান এথলেটিক চেম্পিয়নশ্বিপৰ সফল আয়োজন আৰু সমগ্ৰ দেশতে প্ৰশংসা লাভ কৰা ‘কালিয়া’ (KALIA) নামৰ কৃষক কল্যাণ আঁচনিখন ১৫ দিনৰ ভিতৰত ৰূপায়ন কৰাৰ বিষয়েও দোহাৰে।
‘৫টি’ প্ৰচেষ্টা কাৰ্যকৰী কৰা বিভাগসমূহৰ অন্যতম গৃহ আৰু নগৰ উন্নয়নৰ ‘জলসাথি’ কাৰ্যসূচী ‘৫টি’ৰ অধীনত ভুৱনেশ্বৰ পৌৰ নিগমৰ আঠটা ৱাৰ্ডত ৰূপায়ণ কৰা হৈছে।
নাম প্ৰকাশৰ বাবে অনিচ্ছুক এগৰাকী বিষয়াই অসম বাৰ্তাক ফ’নযোগে কয় যে ‘৫টি’ আৰ্হি হৈছে বৰ্তমান ওড়িশাৰ সুশাসনৰ আধাৰ। তেওঁ কয়, “ৰাজ্যখনৰ সকলো বিভাগকে এতিয়া ‘৫টি’ৰ আধাৰত মূল্যায়ন কৰা হৈছে।”
ৰাজ্যখনৰ শিক্ষা বিভাগেও ‘৫টি’ আৰ্হিক কাৰ্যকৰী কৰিছে। বিদ্যালয়সমূহক শিক্ষাৰ সুখময় স্থান হিচাপে গঢ়ি তোলাৰ বাবে তেওঁলোকে বিদ্যালয়সমূহৰ ইতিবাচক ৰূপান্তৰৰ বাবে নিৰ্বাচিত স্থানীয় নিকায়, এছএমচি/এছএমডিচি আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। যোৱা দুটা বছৰত এই প্ৰচেষ্টাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা অভিভাৱকসকলক উৎসাহিত কৰাৰ লগতে আন্তঃগাঁথনি উন্নয়নক গতি প্ৰদান কৰিছে।
চৰকাৰে এই প্ৰকল্পটোত প্ৰদান কৰা গুৰুত্বক প্ৰতিফলিত কৰি কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰি প্ৰাক্তন আইএএছ বিষয়া ভি কে পাণ্ডিয়ানৰ নেতৃত্বত ‘৫টি’ৰ এটা বিভাগ তৈয়াৰ কৰা হৈছে।
‘৫টি’ৰ ব্যৱহাৰ সম্পৰ্কে চৰকাৰে বিভিন্ন প্ৰকল্পৰ লগতে বিষয়াসকলৰ প্ৰদৰ্শন নিৰীক্ষণ কৰি আছে।
এই আৰ্হিটোৰ সফলতা প্ৰতিফলিত কৰি কেন্দ্ৰই প্ৰকাশ কৰা সুশাসন সূচক ২০২১-ত ৰাজ্যখনে দুটাকৈ শ্ৰেণী ক্ৰমে মানৱ সম্পদ বিকাশ আৰু অৰ্থনৈতিক প্ৰশাসনৰ ‘গ্ৰুপ বি ষ্টেটছ’ত প্ৰথম স্থান লাভ কৰিছিল। ইয়াৰ লগতে ৰাজ্যখনে সুশাসন সূচকত ২০১৯ চনৰ ৪.৪৪ৰ বিপৰীতে ২০২১ চনত ৪.৮৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
নৱ ওড়িশা গঠনৰ দিশত ‘৫টি’ৰ লক্ষ্যসমূহত উপনীত হোৱাৰ ক্ষেত্ৰত সকলো আশাবাদী –
– য’ত দৰিদ্ৰতা এক অতীত হিচাপে চিহ্নিত হ’ব।
– য’ত নাৰী উন্নয়ন আৰু অগ্ৰগতিৰ অংশীদাৰ হ’ব।
– য’ত উন্নয়নৰ ছবিখনত সকলো শ্ৰেণীৰ অন্তৰ্ভুক্তিকৰণ সাৰ্থক হ’ব।
— যত যুৱপ্ৰজন্মৰ সপোনে বাস্তৱৰ বাট বিচাৰি পাব।