জাপানৰ ওছাকাত অনুষ্ঠিত ৱৰ্ল্ড এক্সপ’ ২০২৫-ত অসমৰ বিপণীয়ে বিশ্বৰ দৃষ্টি আকর্ষণ কৰে। এই মেলাত অসমৰ ঐতিহ্য, সংস্কৃতি, পৰ্যটন সম্ভাৱনা আৰু শিল্পৰ এক অনন্য পৰিচয় প্ৰদৰ্শন কৰা হৈছিল। এই বিশেষ অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰী জে বি এক্কা উপস্থিত থাকে।
বিউ’ৰো ইণ্টাৰনেচনেল দে এক্সপ’জিচনছৰ (বি আই ই)-ৰ দ্বাৰা আয়োজিত এই সপ্তাহব্যাপী এক্সপ’খন ৬ ছেপ্টেম্বৰত সমাপ্ত হয়। ইণ্ডিয়া ট্ৰেড প্ৰ’ম’চন অৰ্গানাইজেচন (আই টি পি অ’) আৰু ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আৰ্টছ (আই জি এন চি এ)-এ যৌথভাৱে স্থাপন কৰা ভাৰত (ইণ্ডিয়া) পেভিলিয়নৰ জৰিয়তে অসমেও নিজৰ চহকী পৰিচয় প্ৰদৰ্শন কৰাৰ সুযোগ পায়।
এই সুযোগতে অসমৰ পৰা দিগন্ত বৰা (আয়ুক্ত আৰু সচিব, পৰ্যটন বিভাগ), মেঘ নিধি দাহাল (আয়ুক্ত, উদ্যোগ আৰু বাণিজ্য আৰু পৰিচালন সঞ্চালক, এ আই ডি চি), কুমাৰ পদ্মপাণি বৰা (আয়ুক্ত, আই এণ্ড পি আৰ আৰু পৰিচালন সঞ্চালক, এ টি ডি চি) আৰু শান্তনু দেউৰী (যুটীয়া নিৰ্দেশক, উদ্যোগ আৰু বাণিজ্য)সহ উচ্চপদস্থ চৰকাৰী প্ৰতিনিধিসকলে অংশ লয়।
তেওঁলোকে অসমৰ পৰ্যটন, বস্ত্ৰশিল্প, হস্তশিল্প আৰু উদ্যোগ ক্ষেত্ৰৰ সক্ষমতা বিশ্বৰ আগত প্ৰদৰ্শন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী আৰু বিনিয়োগকাৰীৰ সৈতে গুৰুত্বপূর্ণ বাৰ্তালাপ কৰে।
অসমৰ বিপণীৰ উদ্বোধনী দিনটোত বহু বিদেশী অতিথিৰ আগমন ঘটে। গ’ল্ডেন থ্ৰেডছ আৰু এম জে আই গ্ৰুপৰ দৰে অসমৰ উদ্যোগীৰ হস্তনির্মিত বস্ত্ৰ, সুবাসযুক্ত সামগ্ৰী আৰু পৰম্পৰাগত সামগ্ৰীয়ে গ্ৰাহকৰ সমাদৰ লাভ কৰে।
প্ৰথমবাৰৰ বাবে বিশ্বমঞ্চত অসমৰ অগৰুৰ সুগন্ধি বিয়পাই দিয়াৰ লগতে সুধাকণ্ঠলৈ বিশ্বমঞ্চত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

গোলাঘাট জিলাৰ ওৱান ডিষ্ট্ৰিক, ওৱান প্ৰডাকৰূপে স্বীকৃত অগৰু গৌৰৱৰ সৈতে ওছাকা এক্সপ’ ২০২৫-ত প্ৰদৰ্শিত হয়। অসমৰ ঐতিহ্যৰ সৈতে ওত:প্ৰোতভাৱে জড়িত এই সুগন্ধি গছজোপাৰ অনন্য সুগন্ধিয়ে বিশ্ববাসীৰ মন জয় কৰে।
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় বিভাগে ভাৰত পেভিলিয়নত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। প্ৰসিদ্ধ শিল্পী ৰঞ্জিত গগৈৰ নেতৃত্বত ১০ জনীয়া সদস্যৰ এটি দলে বিহু, বড়ো, সত্ৰীয়া, তিৱা আদি নৃত্যৰে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উপস্থিত থকা অতিথিসকলক মোহিত কৰে।
ঢোল-বাঁহীৰ শব্দ আৰু নাচৰ সৈতে অনুষ্ঠানটোত বিদেশী অতিথিসকলে উছাহ দেখুৱায়, যি অসমৰ সংস্কৃতিৰ সমৃদ্ধি আৰু বৈচিত্র্যক বিশ্বৰ সন্মুখত প্ৰতিফলিত কৰে।
অসমৰ ঐতিহ্য, উদ্যোগ আৰু উদ্ভাৱনৰ এই সমন্বয়ে বিশ্বৰ ব্যৱসায়ী, ক্ৰেতা আৰু প্ৰতিনিধিসকলৰ মাজত গভীৰ প্ৰভাৱ পেলায়। এই প্ৰদৰ্শনে নতুন ব্যৱসায়িক সহযোগিতা, ৰপ্তানি সম্ভাৱনা আৰু সাংস্কৃতিক দিশত নতুন দিগন্তৰ উন্মোচন কৰে।
এক চৰকাৰী বিবৃতিত অসমৰ প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ, বাণিজ্য মন্ত্ৰী বিমল বড়াৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।
আনহাতে, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম-শতবৰ্ষ উপলক্ষে অনুষ্ঠানটোত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সামাজিক মাধ্যমত প্ৰকাশ কৰা হয়, “এই বিশ্বমঞ্চত সুধাকণ্ঠলৈ জনোৱা শ্ৰদ্ধাই তেখেতৰ অসাধাৰণ সৃষ্টি আৰু সাংস্কৃতিক অৱদানৰ বিশ্বজনীন অনুৰণনৰ প্ৰতিফলন।”
মন্ত্ৰী বিমল বড়াই সামাজিক মাধ্যমত প্ৰকাশ কৰে,“ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মানৱতা আৰু ভাতৃত্বৰ গীতবোৰে ব্ৰহ্মপুত্ৰৰ পৰা য়ডো নদীলৈ বিশ্ববাসীৰ হৃদয় স্পৰ্শ কৰিছে। অসমৰ লোকৰ বাবে গৌৰৱৰ বিষয় যে সুধাকণ্ঠৰ জন্ম-শতবৰ্ষ উপলক্ষে ওছাকা এক্সপ’ত তথ্যচিত্ৰ প্ৰদৰ্শন আৰু সাংস্কৃতিক কাৰ্যসূচীৰ মাধ্যমে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এগৰাকী অসমীয়া হিচাপে ভূপেন দাৰ জন্ম-শতবৰ্ষ জাপানৰ দৰে বিশ্বমঞ্চত উদযাপিত হোৱা দেখি গৌৰৱবোধ কৰিছোঁ।”
ওছাকাৰ ৱৰ্ল্ড এক্সপ’ ২০২৫ কেৱল বাণিজ্য আৰু সাংস্কৃতিক প্ৰদৰ্শনেই নহয়, বৰং অসমৰ বিশ্ব স্বীকৃতি, বাণিজ্য আৰু সাংস্কৃতিক যাত্ৰাৰ এক ঐতিহাসিক অধ্যায়ৰূপে স্থান লাভ কৰিছে।
——————————










