অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু ঐতিহাসিক পৰম্পৰাক উদযাপন কৰাৰ উদ্দেশ্যে গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ত অনুষ্ঠিত কৰা হৈছে “ঐতিহ্য – দ্য মিউজিয়াম ফেষ্টিভেল”। ১০ দিনীয়া কাৰ্যসূচীৰ এই উৎসৱটি অসম ৰাজ্যিক সংগ্ৰহালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে।
অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী যোগেন মহনে এই উৎসৱ শুভ উদ্বোধন কৰি অসমৰ ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সংগ্ৰহালয়সমূহে এইক্ষেত্ৰত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰে।
সংগ্ৰহালয় সঞ্চালকালয়ৰ সঞ্চালক অৰিন্দম বৰুৱাই ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এই উৎসৱ আয়োজন কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেখেতে কয়,”এই উৎসৱ কেৱল উদযাপনৰ বাবেই নহয়, অসমৰ জনসাধাৰণক নিজৰ শিপাৰ সৈতে পৰিচয় কৰাই দি ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে এখন মঞ্চও প্ৰদান কৰিছে।”
এই কাৰ্যসূচীৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে প্ৰদৰ্শনীমূলক “ইক’জ অৱ ইটাৰনিটী : দ্য ছেক্ৰেড মৈদামছ অৱ চৰাইদেউ”ৰ লগতে সংগ্ৰহালয় সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত বিভিন্ন কৰ্মশালাত সৃষ্টি হোৱা সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিবলৈ আয়োজিত ‘কলাকৰ্ষণ’ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। তদুপৰি ‘৯০ৰ দশকৰ কাৰ্বি আংলঙৰ বিভিন্ন দিশসমৃদ্ধ ‘কাচি-কিমোঃ ৰিমেমব্ৰেনচ্ অৱ দ্য পাষ্ট’ শীৰ্ষক প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হয়।
২০২৫ বৰ্ষৰ জানুৱাৰী মাহৰ ৪ তাৰিখলৈ চলি থকা এই উৎসৱত মুখাভাওনা আৰু সুকনান্নী ওজাপালিৰ দৰে পৰম্পৰাগত কলাসম্বন্ধীয় আলোচনা আৰু তথ্যচিত্ৰও প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।