মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৭৮সংখ্যক স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰি কয় যে অসমৰ বাবে এয়া শ্ৰেষ্ঠ সময়। তেওঁ উল্লেখ কৰে যে আজি অসম শান্তি, আত্মনিৰ্ভৰশীলতা আৰু প্ৰগতিৰ বাটেৰে আগুৱাবলৈ সক্ষম হৈছে। লগতে তেওঁ কয় যে আজি অসমে আজি নিজে বান সমস্যাৰ মোকাবিলা কৰিবলৈ সমৰ্থ হৈছে।
গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ত্ৰিৰংগা উত্তোলন কৰাৰ পিছত তেওঁ ভাষণ প্ৰদান কৰি এই বিষয়ে উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মৰিগাঁৱৰ জাগীৰোডত অৰ্ধপৰিবাহী এছেম্বলৰ বাবে টাটা গোটৰ বিনিয়োগ, ইউনেস্ক’ৰ চৰাইদেউ মৈদামক প্ৰদান কৰা সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিআৰু ‘গুৱাহাটী ৰিং ৰোড’ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন হৈছে ৰাজ্য চৰকাৰৰ বাবে এই বছৰটোৰ তিনিটা বৃহৎ সাফল্য।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যোৱা তিনিটা বছৰ আছিল অসমৰ বাবে অনন্য প্ৰাপ্তিৰ বছৰ, সোণসেৰীয়া বছৰ, অৰ্থনৈতিক পুনৰুত্থানৰ বছৰ।” তেওঁ লগতে কয়, “নিটি আয়োগৰ শেহতীয়া প্ৰতিৱেদনত অসমক দেশৰ দ্ৰুত উন্নয়ন হোৱা শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি পাইছে।”
বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে ‘ফ্ৰণ্ট ৰানাৰ’ ৰাজ্য হিচাপে স্থান পোৱাৰ বিষয়ে উল্লেখ কৰি কয়, “যোৱা ৯ বছৰত ৮০ লাখৰো অধিক লোক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈছে। এয়া উজ্জীৱিত অসমৰ পৰিচয়। জনমুখী আঁচনিসমূহৰ জৰিয়তে ২০৪৭ চনৰ ভিতৰত অসম সম্পূৰ্ণ উন্নত ৰাজ্য হিচাপে গঢ় লৈ উঠিব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে এই বছৰ ২ অক্টোবৰত ৰাজ্য চৰকাৰে লোকসেৱা অধিকাৰ (আৰটিপিএছ) আয়োগ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আৰম্ভ কৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে বাল্য বিবাহৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে ২০২৬ চনৰ ভিতৰত ৰাজ্যখনৰ পৰা বাল্য বিবাহ সম্পূৰ্ণ নিৰ্মূল কৰিবলৈ সংকল্পবদ্ধ। মুখ্যমন্ত্ৰীয়ে নিযুত মইনা আঁচনিৰ ৰূপায়ণৰ তাৰিখ ১০ অক্টোবৰ বুলি ঘোষণা কৰে। এই আঁচনিয়ে ১০ লাখ ছাত্ৰীক লাভান্বিত কৰাৰ সম্ভাৱনা আছে।
প্ৰায় ৭০ মিনিটৰ তেওঁৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অহা এবছৰৰ ভিতৰত অসমত পুনৰ ২০ লাখ লোকলৈ পৰিয়াল পৰিচয় পত্ৰ অৰ্থাৎ ৰেচন কাৰ্ড প্ৰদানৰ দিশতো আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এক লাখ নিযুক্তিৰ লগতে এক লাখ যুৱকক উদ্যোগ স্থাপনৰ বাবে ২ লাখ টকাকৈ প্ৰদান কৰিবলগীয়া মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনেও অক্টোবৰত আত্মপ্ৰকাশ কৰিব।” এই বছৰ অৰুণোদয় আঁচনিৰ অধীনত প্ৰায় ১২.৬ লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ’ব বুলিও তেখেতে ঘোষণা কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মুঠ ৭৪টা নতুন মহকুমা গঠন কৰা হ’ব আৰু বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ চিকনাঝাৰক ৰাজ্যৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিবলৈ পোৱাটো গৌৰৱৰ বিষয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ জিলাৰ বাহিৰত অৱস্থিত ৬০খন গাঁও পৰিষদৰ অন্তৰ্ভুক্ত কৰি এই জাতীয় দায়িত্ব পালন কৰা হ’ল।
ড০ হিমন্ত বিশ্ব শৰ্মাই এক ৰাজ্যিক ডমিচাইল নীতিৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে। এই নীতিৰ অধীনত চৰকাৰী পদত নিযুক্তিৰ বাবে কেৱল স্থানীয় আবেদনকাৰীসকলেহে অগ্ৰাধিকাৰ পাব। তেওঁ ৰাজ্যখনৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ লগতে সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থানসমূহৰ সুৰক্ষাৰ বাবে আইন প্ৰৱৰ্তনৰ কথাও কয়।
তেখেতে অসমৰ জনগাঁথনি সম্পৰ্কে উল্লেখ কৰি কয় যে জনগাঁথনিত হোৱা পৰিৱৰ্তনে খিলঞ্জীয়াসকলৰ বাবে নেতিবাচক প্ৰভাৱ পেলাইছে। “ৰাজ্য চৰকাৰে অসমৰ জনগাঁথনিৰ ভাৰসাম্য ওভতাই আনিবলৈ প্ৰচেষ্টা কৰিব আৰু আমি থলুৱা লোকসকলৰ অধিকাৰ ৰক্ষাৰ দিশত কাম কৰি যাম,” তেখেতে কয়।
ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীত হৈ থকা পৰিৱেশৰ অৱক্ষয় সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চুবুৰীয়া মেঘালয়ত অপৰিকল্পিত পাহাৰ কটাৰ বিৰূপ প্ৰভাৱৰ কথা উল্লেখ কৰে।
অমৃত বৃক্ষ আন্দোলনক সফল কৰি তুলিবলৈ আহ্বান জনাই তেওঁ কয় যে এই বছৰ তিনি কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে আৰু অহা বছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৫ কোটি গছপুলি ৰোপণ কৰা হ’ব।