• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Monday, January 30, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

এপিডিচিএল : লাভজনক খণ্ডলৈ উন্নীত হোৱাৰ দিশত এক নতুন যাত্ৰা

AB Bureau by AB Bureau
June 2, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
এপিডিচিএল : লাভজনক খণ্ডলৈ উন্নীত হোৱাৰ দিশত এক নতুন যাত্ৰা

প্ৰতিকূল বতৰৰ বাবে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ বাহিৰে APDCL-এ ধাৰাবাহিকভাৱে ১০০% ৰাজহ সংগ্ৰহৰ দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হৈছে

ৰাজ্য চৰকাৰখনৰ অন্যতম চৰ্চিত এটি বিভাগ হৈছে শক্তি বিভাগ৷ এগৰাকী নতুন মন্ত্ৰী আৰু সক্ৰিয় মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত বিভাগটোৱে ক্ৰমাগতভাৱে সঠিক দিশত গতি কৰিবলৈ আৰম্ভ কৰিছে৷

এটা কথা সকলোৰে জ্ঞাত যে বিদ্যুৎ সৰবৰাহ আৰু বিতৰণৰ ফলত হোৱা লোকচানে ভাৰতৰ বিতৰণ সংস্থাসমূহৰ ওপৰত এনে বিৰূপ প্ৰভাৱ পেলাইছে যে কেন্দ্ৰীয় চৰকাৰে সংস্থাবোৰক বছৰে বছৰে আৰ্থিক সহযোগিতা আগবঢ়াবলগীয়া হৈছে৷ ২০০৯ চনত গঠন হোৱাৰ পাছৰে পৰা, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (APDCL) নিৰন্তৰ লোকচানৰ সন্মুখীন হৈ আহিছে৷ গ্ৰাহকসকলৰ এটা বৃহৎ অংশই তেওঁলোকৰ বিদ্যুতৰ বিল সময়মতে পৰিশোধ নকৰাত আৰু বিদ্যুৎ চুৰিৰ দৰে অসদাচৰণৰ আশ্ৰয় লোৱাৰ ফলত লাভাংশৰ ছবিখন কোম্পানীটোৰ বাবে একপ্ৰকাৰ অসম্ভৱ যেন অনুভৱ হৈছিল৷

কিন্তু, যেতিয়াৰ পৰা APDCL-এ ৰাজহ বৃদ্ধি, পুৰণি বকেয়া পুনৰুদ্ধাৰ, গ্ৰাহকৰ বকেয়া বিল পৰিশোধৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা আৰু বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে, তেতিয়াৰে পৰা লাভজনক সংস্থালৈ উন্নীত হোৱাৰ দিশত APDCL-ৰ এক নতুন যাত্ৰাৰ আৰম্ভণি হ’ল৷

এক লাভজনক সংস্থা হিচাপে প্ৰতিষ্ঠিত হোৱাৰ উদ্দেশ্যে APDCL-এ ৰাজ্যৰ ৬৬ লাখ গ্ৰাহকৰ তথ্য সংগ্ৰহেৰে ডাটাবেচ সৃষ্টি কৰাৰ লগতে লোকচান হ্ৰাস কৰাৰ বাবে বিলিং প্ৰণালীৰ উন্নীতকৰণ ব্যৱস্থা হাতত লৈছে৷ তদুপৰি, ২০২৫ চনৰ ভিতৰত সমগ্ৰ ৰাজ্যত স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ বৰ্তমানলৈকে প্ৰায় ১০ লাখ স্মাৰ্ট মিটাৰিঙৰ কাম সম্পূৰ্ণ হৈছে৷ তাৎক্ষণিকভাৱে APDCL-এ বিল আৰু ৰাজহ সংগ্ৰহ পদ্ধতি অধিক শৃংখলাবদ্ধ কৰাৰ লগতে চৰকাৰী কাৰ্যালয় আৰু বিভাগৰ অপৰিশোধিত বকেয়া পৰিশোধ কৰোৱাবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ এক কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ডিডিঅ’ৰ জৰিয়তে চৰকাৰী বিষয়াসকলৰ দৰমহাৰ পৰা পোনপটীয়াকৈ অপৰিশোধিত বিদ্যুতৰ বিল কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়ে৷

APDCL-এ বিদ্যুৎ চুৰিৰ বিৰুদ্ধে এক কঠোৰ অভিযান চলাই এনে অসদাচৰণৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰে আৰু সময়মতে বিল পৰিশোধ নকৰা গ্ৰাহকসকলৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে৷ এই অভিযানৰ ফলত ৰাজহ সংগ্ৰহৰ পৰিমাণ ইমানেই বৃদ্ধি পাইছে যে ২০২১ চনৰ জুলাই মাহত প্ৰতিষ্ঠানটোৱে ৭৫০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, যি APDCL-ৰ ইতিহাসত এই পৰ্যন্ত সৰ্ববৃহৎ ৰাশি৷

তদুপৰি, কোম্পানীটোৱে অমীমাংসিত মূল্যায়ন /পৰিপূৰক বিল নিষ্পত্তি কৰিবলৈ ‘বিশেষ এককালীন নিষ্পত্তি আঁচনি, ২০২২’ৰ দৰে আঁচনিও প্ৰস্তুত কৰিছে৷ ‘অধিশুল্ক ৰেহাই আঁচনি’ (১৫ জুন ২০২২ পৰ্যন্ত)ৰ জৰিয়তে গ্ৰাহকসকলে তেওঁলোকৰ বিদ্যুতৰ বিল আৰু বকেয়া একেলগে পৰিশোধ কৰিলে ১০০% অধিশুল্কৰ ৰেহাই লাভ কৰিব৷ প্ৰায় ৩.৮০ লাখ অংশগ্ৰহণকাৰীয়ে ২০২২ চনৰ মাৰ্চলৈকে এই আঁচনিখনৰ সুবিধা উপভোগ কৰিছিল যাৰ ফলস্বৰূপে APDCL-এ ৩৬১ কোটি টকা ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছিল৷
এইক্ষেত্ৰত, ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰ্যালয়ৰ পৰা লাভ কৰা সমৰ্থন আৰু সহযোগিতা বিশেষভাৱে উল্লেখনীয়৷ শেহতীয়াকৈ, কেন্দ্ৰীয় কেবিনেটে ৰাজ্যৰ বিদ্যুৎ সংস্কাৰ কাৰ্যকৰী কৰাৰ বাবে ৬,২৬৮ কোটি টকাৰ অনুমোদন জনাইছে৷ ইয়াৰে ৩,৬৭৭ কোটি টকা স্মাৰ্ট মিটাৰ স্থাপনৰ বাবে আৰু ২,৬০৯ কোটি টকা লোকচান হ্ৰাস কৰাৰ বাবদ লাভ কৰিব৷

লগতে, APDCL-এ ৰাজ্যজুৰি ২,৬১,৪২৬টা স্মাৰ্ট মিটাৰ স্থাপন কৰি নিজৰ ডিজিটেল যাত্ৰাত এখোজ আগুৱাই যায়৷ পূৰ্বতে মেনুৱেল ইলেকট্ৰিচিটি মিটাৰ ৰীডাৰে মিটাৰ ৰিডিঙৰ ভুল তথ্য দেখুওৱাৰ বাবে গ্ৰাহকসকলে অতিৰিক্ত বিদ্যুতৰ বিল বহন কৰিবলগীয়া হৈছিল৷ APDCL-এ ইয়াৰ বহুতো ঠিকাভিত্তিক মিটাৰ ৰীডাৰক নিলম্বন কৰিছে৷ স্মাৰ্ট মিটাৰ স্থাপনৰ লগতে, গ্ৰাহকসকলে স্মাৰ্ট বিজুলী ম’বাইল এপ্‌ ডাউনল’ড কৰি তেওঁলোকৰ প্ৰতি ঘণ্টাত, সাপ্তাহিক আৰু মাহিলি বিদ্যুতৰ ব্যৱহাৰ পৰীক্ষা কৰিব পাৰে৷ এপটোৰ জৰিয়তেই গ্ৰাহকসকলে প্ৰিপেইড আৰু প’ষ্টপেইড দুয়োধৰণৰ সংযোগৰ বিল পৰিশোধ কৰিব পাৰে৷

অৱশ্যে, এতিয়াও এনে কিছুমান ক্ষেত্ৰ আছে য’ত সংস্থাটোৱে সতৰ্কতাৰে কাম কৰিব লাগিব৷ “APDCL-এ লাভজনক সংস্থা হিচাপে উন্নীত হোৱাৰ দিশত গ্ৰহণ কৰা পদক্ষেপ অতিকৈ প্ৰশংসনীয়, কিন্তু উন্নত সেৱা প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট কৰণীয় আছে৷ তিনিচুকীয়াত, আমি প্ৰায়ে এটা নিৰ্দিষ্ট সময়ৰ বাবে বিদ্যুৎ কৰ্তনৰ সন্মুখীন হওঁ৷ ধুমুহা আহিলে বিদ্যুৎ সেৱা বহু সময়লৈ ব্যাহত হয়৷ বিহুৰ সময়ত বৰদৈচিলাৰ বাবে আমাৰ গোটেই দিনটোৱে বিদ্যুৎ নাছিল৷ APDCL-এ অতি সোনকালে ক্ষতিগ্ৰস্ত হোৱা সম্পদসমূহৰ মেৰামতি কৰা উচিত৷” – এয়া তিনিচুকীয়াৰ বাসিন্দা ৰেণু দত্তৰ লগতে আন বহুতৰে ধাৰণা৷

তেখেতৰ মতে বিভাগটোৱে বিদ্যুৎ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত সক্ৰিয়তাৰে কাম কৰিব লাগিব৷ পৰিসংখ্যা অনুসৰি অসমত বিদ্যুতৰ সৰ্বাধিক চাহিদা হৈছে ২,১০০ মেগাৱাট৷ আনহাতে ৰাজ্যখনৰ নিজা উৎপাদন ক্ষমতা ৪৪১ মেগাৱাট, যদিও ৰাজ্যখনে মাত্ৰ ২০০-৩০০ মেগাৱাটহে উৎপাদন কৰিবলৈ সক্ষম হৈছে৷ এই ব্যৱধান ব্যক্তিগত আৰু চৰকাৰী বিদ্যুত উৎপাদক খণ্ডৰ পৰা বিদ্যুৎ ক্ৰয় কৰি আঁতৰ কৰা হয়, যাৰবাবে এক নিৰ্দিষ্ট মূল্য বহন কৰিব লাগে, উত্তৰ ভাৰতত চলি থকা তাপ প্ৰবাহৰ বাবে বিদ্যুৎ চাহিদা বৃদ্ধি পোৱাৰ ফলত এই মূল্য অধিক বৃদ্ধি পাইছে৷

অৱশ্যে, শেহতীয়াকৈ বৃদ্ধি পোৱা নৱীকৰণযোগ্য শক্তিৰ উৎসৰ ব্যৱহাৰেৰে বিভাগটোৱেও তাপ আৰু জলবিদ্যুতৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰি সৌৰ শক্তি উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ ৭০ মেগাৱাট আমগুৰি সৌৰ উদ্যানৰ উদ্বোধন ইয়াৰ এক উদাহৰণ৷ এজিউৰ পাৱাৰ লিমিটেড আৰু জেকচন পাৱাৰ্ছ আদিৰ দৰে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানে ৰাজ্যখনত ৩৯৩ মেগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদন কৰি এক বৃহৎ অৰিহণা যোগাই আহিছে, য’ত বিভাগে নিজাববীয়াকৈ উৎপাদন কৰা ২১২ মেগাৱাট সৌৰ শক্তিও অন্তৰ্ভুক্ত৷

অসম বাৰ্তাৰ সৈতে হোৱা এক ই-মেইল সাক্ষাৎকাৰযোগে APDCL-ৰ MD ৰাকেশ কুমাৰে কয় যে বিভিন্ন উৎসৰ পৰা প্ৰায় ১২০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে এক নৱীকৰণযোগ্য নীতিৰ প্ৰস্তুতি চলি আছে৷ আনহাতে, ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট বিবৃতিত চৰকাৰে ‘মুখ্যমন্ত্ৰী সৌৰ শক্তি প্ৰকল্প’ৰ ঘোষণা কৰিছে যাৰ অধীনত তেওঁলোকে ৰাজ্যজুৰি পৰ্যায়ক্ৰমে ১০০০ মেগাৱাট উৎপাদন ক্ষমতাসম্পন্ন সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিবলৈ বিচাৰিছে৷ “ইয়াৰে এটা অংশত উচ্ছতম ক্ষমতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বিদ্যুৎ সংৰক্ষণ কৰিব পৰা ব্যৱস্থাও সংস্থাপন কৰা হৈছে”, কুমাৰে লগতে জনায়৷

লগতে, বিভাগটোৱে প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা তথা উত্থান মহাঅভিযানৰ (PM KUSUM) অধীনত উপাদান-ক-ৰ জৰিয়তে গ্ৰিড সংযোজিত গ্ৰাউণ্ড মাউণ্টেড সৌৰ ফ’ট’ভল্টেইক শক্তি প্ৰকল্প স্থাপনৰ বাবে ভূমিগৰাকী/ কৃষক / সমবায় / পঞ্চায়ত / কৃষক উৎপাদক সংস্থাসমূহক তেওঁলোকৰ অনুৰ্বৰ/খেতি নকৰা ভূমি লীজত দিবলৈ আহ্বান জনাইছে৷

ShareTweetShare

Related Posts

অৰুণোদয় ২.০ৰ শুভাৰম্ভণি
বিশেষ বাৰ্তা

অৰুণোদয় ২.০ৰ শুভাৰম্ভণি

January 1, 2023
2.5k
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মহাসংগ্ৰাম
দৃষ্টিভংগী

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মহাসংগ্ৰাম

January 1, 2023
2.4k
Fresh Take-off
সম্পাদকীয়

উন্নয়ন অবিৰত

January 1, 2023
3.2k
It takes two to tango
উদ্যমিতা

আত্মবিশ্বাসেৰে আত্মনিৰ্ভৰশীল যাত্ৰা

January 1, 2023
3.2k
বিধায়কৰ সপোনৰ দাপোণত উন্নয়নৰ প্ৰতিবিম্ব
বিধায়কৰ বাৰ্তা

বিধায়কৰ সপোনৰ দাপোণত উন্নয়নৰ প্ৰতিবিম্ব

January 1, 2023
2.5k
প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 
অনিৰুদ্ধ অসম

প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 

January 1, 2023
2.1k
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In