যোৱা ২৩ নৱেম্বৰত কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিতবিজ্ঞান ভৱনত উদ্বোধন কৰে অসমৰ মধ্যযুগৰ গৌৰৱময় ইতিহাস জীৱন্ত কৰি তোলা এখন প্ৰদৰ্শনীৰ৷
উদ্বোধনী ভাষণত সীতাৰমনে কয়, “যোৱা ৭০ বছৰত, যিসকল উল্লেখনীয় আছিল, আলোচ্য হ’ব লাগিছিল, যিসকলৰ অৱদান কিতাপৰ বেটুপাতত বা সূচীৰ শীৰ্ষত থাকিব লাগিছিল, যাৰ বুদ্ধিমত্তা আৰু কৌশলগত অভিজ্ঞতা সম্পৰ্কীয় বিশেষ অধ্যায় অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা আছিল তেওঁলোকে আমাৰ ইতিহাসত প্ৰাপ্য আসনখন নাপালে৷”
লাচিত বৰফুকনক ‘প্ৰকৃত দেশপ্ৰেমী’ বুলি অভিহিত কৰি সীতাৰমনে কয়, “এই আহোম যোদ্ধাগৰাকীয়ে মাতৃভূমিৰ সুৰক্ষা নিশ্চিত কৰিছিল৷ অহোমসকল অসাধাৰণ আছিল৷ অসম দখলৰ উদ্দেশ্যে কৰা ১৭টাকৈ প্ৰচেষ্টা প্ৰতিৰোধ কৰাটো সহজ কাৰ্য নাছিল৷”
“প্ৰতিৰক্ষাৰ দিশৰ পৰা আহোম শাসনে অসমক এক অভেদ্য দুৰ্গ হিচাপে গঢ়ি তুলিছিল৷ ফলত সমগ্ৰ দক্ষিণ-পূব এছিয়া এই আক্ৰমণৰ পৰা সুৰক্ষিত হোৱাৰ লগতে উক্ত অগ্ৰাসন ইয়াতেই সীমাবদ্ধ হৈ পৰিছিল,” তেওঁ কয়৷
অসম চৰকাৰে হাতত লোৱা এই প্ৰচেষ্টাৰ প্ৰশংসা কৰি সীতাৰমনে কয়, “সততে মনত নেপেলোৱা উত্তৰ-পূৰ্বাঞ্চলক প্ৰদৰ্শন কৰাৰ এক সুন্দৰ প্ৰয়াস৷ এনে ধৰণৰ আয়োজন আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ৷”
এই বীৰ যোদ্ধাগৰাকীৰ ইতিহাস সাঙুৰি সমগ্ৰ দেশতে প্ৰচাৰ কৰিবলৈ অসম চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়াবলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে সাংস্কৃতিক মন্ত্ৰ্যালয়ক আহ্বান জনায়৷
ছত্ৰপতি শিৱাজী আৰু মহাৰাণা প্ৰতাপ সিংহৰ দৰেই লাচিত বৰফুকনক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিবলৈ অসম চৰকাৰে লোৱা পদক্ষেপৰ সৈতে সংগতি ৰাখি হায়দৰাবাদৰ ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীত বৰফুকনৰ সন্মানত এটা অট্টালিকা আৰু প্ৰতিমূৰ্তিৰ লগতে আলাবৈত এটা প্ৰকল্প, যোৰহাট জিলাৰ হোলোঙাপাৰত লাচিতৰ মৈদামত ১২৫ ফুট উচ্ছতাৰ ব্ৰঞ্জৰ মূৰ্তি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত এই বছৰৰ পৰা লাচিত বিষয়ক বাৰ্ষিক স্মাৰক বক্তৃতা আদি কেইবাটাও প্ৰচেষ্টা সৰ্বত্ৰ প্ৰশংসিত হৈছে৷
অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয় যে আহোমসকলে মোগলৰ আক্ৰমণক ছেদেলি-ভেদেলি নকৰা হ’লে আজি দক্ষিণ-পূব এছিয়াৰ সম্পূৰ্ণ সাংস্কৃতিক মানচিত্ৰখনেই পৃথক হ’লহেঁতেন৷
“ভাৰত মানে কেৱল মোগলৰ ইতিহাস নহয়৷ ভাৰতত এনে বহু শাসক আছিল যি এই দেশখন মৰমেৰে শাসন কৰিছিল৷ কিন্তু ভাৰতীয় ইতিহাসে দীৰ্ঘতমকালজুৰি শাসন কৰা দক্ষিণ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজবংশসমূহক স্বীকৃতি প্ৰদান কৰাত ব্যৰ্থ হৈছে৷ লাচিত বৰফুকন আৰু গৌৰৱময় আহোম শাসনক উপেক্ষা কৰা হৈছে৷ মই আশা কৰোঁ যে অসম চৰকাৰৰ এই প্ৰচেষ্টাই আহোম শাসনকালৰ ইতিহাসক উচিত মৰ্যদা প্ৰদান কৰিব৷ ঔৰংগজেবতকৈ যে উন্নত শাসক আৰু তেওঁৰ সেনাপতিতকৈও উৎকৃষ্ট সেনাধিনায়ক আছিল সেয়া ভাৰতীয় ইতিহাসে স্বীকাৰ কৰিব,” তেওঁ কয়৷